নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ আজি ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক টেটৰ ফলাফল৷ দিনৰ ১১ বজাত ছেবাৰ ৱেবছাইটযোগে প্রার্থীসকলে ফলাফল লাভ কৰিব৷ মঙলবাৰে এই কথা প্রকাশ কৰিছ ছেবাৰ অধ্যক্ষ আৰ চি জৈনে৷ উল্লেখ্য যে বিগত ১০ জানুৱাৰীত অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিক টেট৷ উক্ত পৰীক্ষাত মুঠ ২৩,৮৬৫গৰাকী প্রার্থী অৱতীর্ণ হৈছিল৷ ইয়াৰে কলা শাখাত ১৮,৩৫৫গৰাকী, বিজ্ঞানত ৪,৬৭৫গৰাকী আৰু বাণিজ্যত ৮৩৫গৰাকী প্রার্থী অৱতীর্ণ হৈছিল৷ ১৫খন জিলাৰ ৬৭টা কেন্দ্রত এই পৰীক্ষা অনুষ্ঠিত হৈছিল৷