‘পশ্চিম গুৱাহাটী সমষ্টিত ন’ ৰোড, ন’ ভোট’
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নির্বাচনক লৈ আধাৰশিলাৰ ৰাজনীতিৰে ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই৷ বিগত ৫ বছৰ ধৰি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত অঞ্চলসমূহৰ বিধ্বস্ত ৰাস্তা–ঘাটৰ মেৰামতি আৰু উন্নয়ন সাধন নকৰাত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে সমষ্টিবাসীয়ে৷ ৰাইজৰ আবেদন–নিবেদনৰ পাছতো বছৰৰ পাছত বছৰ ধৰি বাট–পথৰ উন্নয়ন নকৰাত কালি ৰাজহুৱা সভাতে বিধায়ক কলিতাক ৰাইজে ককর্থনা কৰে৷ কালি শ্রীভূমি নগৰৰ কালী মন্দিৰ প্রাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত স্থানীয় ৰাইজে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক ন’ ৰোড, ন’ ভোট শ্ল’গান দি প্রতিবাদ সাব্যস্ত কৰে৷ শ্রীভূমি নগৰ কালী মন্দিৰ ধৰমশালা কমিটীৰ উদ্যোগত অনুষ্ঠিত এই ৰাজহুৱা সভাত ৰাইজৰ প্রতিবাদৰ সন্মুখীন হৈ অস্বস্তিত পৰে বিধায়কগৰাকী৷
সভাতে স্থানীয় উন্নয়ন সমিতি, পানী যোগান সমিতি আৰু মহিলা সমিতিয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে গুৰুত্ব প্রদান কৰিবলৈ বিধায়ক কলিতাক আহ্বান জনায়৷ অন্যথা আগন্তুক দিনত তীব্র গণতান্ত্রিক আন্দোলন কৰাৰ সকীয়নি প্রদান কৰে৷ ক্ষুব্ধ ৰাইজে বিধায়ক কলিতাক লগত লৈ আদা গুদামৰ পৰা শ্রীভূমি নগৰৰ ১ কিলোমিটাৰ জৰাজীর্ণ পথ খোজকাঢ়ি দেখুৱায়৷ কিন্তু বিধায়ক কলিতাই ১৭৫ মিটাৰ পথৰ কাৰণে ২৯ লাখ টকা মঞ্জুৰ হোৱা বুলি ঘোষণা কৰি নির্বাচনৰ পূর্বে কাম আৰম্ভ কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বিভিন্ন স্থানত আৰু ৰাজহুৱা সভাত ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ টোপনি হৰিছে বুলি ব্যাপক চর্চা চলিছে৷