ধৰণী বণিক্যক অমূল্য কাকতি বঁটা প্রদান
নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ অসমৰ সাংস্কৃতিক ক্ষেত্রখনলৈ নীৰৱে বৰঙণি আগবঢ়াই অহা অভয়াপুৰীৰ লোকশিল্পী ধৰণী বণিক্যক আজি প্রদান কৰা হয় স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা৷ সদৌ গুৱাহাটী ছাত্র সন্থা আৰু ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসে মহানগৰীৰ বিবেকানন্দ কেন্দ্রত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটা প্রদান কৰে যশস্বী অভিনেত্রী মলয়া গোস্বামীয়ে৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসৰ সভাপতি বীৰেন সিংহই কয় যে অমূল্য কাকতি কেৱল এজন সৃজনশীল প্রতিভাৰ শিল্পীয়েই নাছিল৷ তেওঁ আছিল মানৱতা আৰু সমাজৰ প্রতি দায়বদ্ধ এজন শিল্পী৷ তেওঁৰ জীৱনবোধ আছিল মহান৷ এইগৰাকী শিল্পীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবেই সদৌ গুৱাহাটী ছাত্র সন্থা আৰু ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসে প্রতিবছৰে এই বঁটা প্রদান কৰি আহিছে৷ বঁটা প্রদান কৰাৰ পূর্বে দিয়া ভাষণত খ্যাতনামা অভিনেত্রী মলয়া গোস্বামীয়ে অমূল্য কাকতিৰ ব্যক্তিত্বৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁৰ জীৱনৰ এটা অতি দুর্যোগপূর্ণ মুহূর্তত অমূল্য কাকতিয়ে যিদৰে সাহস যোগাইছিল, সেয়া কাহানিও পাহৰিব নোৱাৰা ঘটনা৷ অমূল্য কাকতি আছিল স্বভাৱত অতিকৈ অমায়িক কিন্তু অনবৰতে মানুহৰ ভালৰ বাবে চিন্তা কৰা ব্যক্তি৷ এনে ব্যক্তিত্বৰ শিল্পী আজিৰ সমাজত বিৰল৷
ইফালে বঁটা প্রদান অনুষ্ঠানত ভাষণ প্রদান কৰি নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে স্বভাৱ শিল্পী অমূল্য কাকতি সদৌ অসম ছাত্র সন্থাৰ অভিভাৱকস্বৰূপ আছিল৷ তেওঁ আছুৰ সাংস্কৃতিক আন্দোলনৰ গুৰি ধৰিছিল৷ অমূল্য কাকতিৰ উদ্যোগত সদৌ গুৱাহাটী ছাত্র সন্থাই গঠন কৰা নাট্যদলটিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্রতিযোগিতাসমূহত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল৷ তেওঁ আছিল মাটিৰ লগত, শিপাৰ লগত অহৰহ সম্পর্ক থকা শিল্পী৷ লোক–সংস্কৃতিয়েহে এটা জাতিৰ সংস্কৃতিক সমৃদ্ধ কৰে বুলি মন্তব্য কৰি ড০ ভট্টাচার্যই কয় যে শিপাৰ লগত সম্পর্ক থকা লোক–সংস্কৃতিয়েহে জাতীয় জীৱনক সমৃদ্ধ কৰে, শক্তিশালী কৰে৷ সেইবাবে লোক–সংস্কৃতিৰ সাধকসকলক সামাজিকভাৱে মর্যাদা দিয়া উচিত৷ তদুপৰি অসমৰ বিদ্যালয়–মহাবিদ্যাল্ লোক–সংস্কৃতিৰ ব্যাপক ৰূপত চর্চা হোৱাটো প্রয়োজন, যাতে প্রজন্মৰ পিছত প্রজন্ম ধৰি লোক–সংস্কৃতিৰ প্রসাৰ হয়৷ ভাষণ প্রসংগত নেছ’ৰ উপদেষ্টাগৰাকীয়ে কলা, জীৱন আৰু জীৱিকাৰ মাজত ভাৰসাম্য থকা উচিত বুলিও মন্তব্য কৰে৷ বঙাইগাঁৱৰ অভয়াপুৰীৰ নীৰৱ শিল্পী ধৰণী বণিক্যক বঁটা প্রদান কৰে প্রবীণ অভিনেত্রী মলয়া গোস্বামীয়ে৷ এই বঁটাত আছে গামোচা, পাটৰ চেলেং, এৰী চোলা, ফুলৰ থোপা, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা৷ বঁটা গ্রহণ কৰি শিল্পী ধৰণী বণিক্যই এতিয়াৰে পৰা তেওঁৰ দায়িত্ব অধিক বৃদ্ধি পোৱা বুলি মন্তব্য কৰে৷ আজিৰ বঁটা প্রদান অনুষ্ঠানটিৰ আঁত ধৰে ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসৰ সম্পাদক বিপুল ৰাভাই৷