আৱেগতহে কৰিছিল ‘কা’বিৰোধী আন্দোলন
বটদ্রৱাত পৃষ্ঠাপ্রমুখ সন্মিলনত বিজেপিত যোগদান অভিনেতা নয়ন নির্বানৰ
নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ‘আৱেগৰ বশৱর্তী হৈ ‘কা’বিৰোধী আন্দোলন কৰিছিলোঁ৷’ অভিনেতা, কংগ্রেছ নেতা নয়ন নির্বাণ বৰুৱাই বিজেপিত যোগদান কৰি এইদৰে নিজৰ প্রতিক্রিয়া প্রকাশ কৰে৷ আজি দলংঘাট দৌল মন্দিৰ প্রাংগণত ভাৰতীয় জনতা পার্টীৰ পৃষ্ঠাপ্রমুখ সন্মিলন আৰু যোগদান শিবিৰত বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, বিজেপি বটদ্রৱা সমষ্টিৰ প্রভাৰী মনোজ বৰুৱা আৰু কলিয়াৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া উপস্থিত থাকে৷ এই যোগদান কার্যসূচীতে নয়ন নির্বাণ বৰুৱাৰ লগতে ভ্রাম্যমাণ থিয়েটাৰৰ জ্যেষ্ঠা অভিনেত্রী ভাৰতী কলিতা, অভিনেতা বিপুল বৰা, অবিনাশ দাসকে প্রমুখ্য কৰি বটদ্রৱা সমষ্টিৰ কেইবাগৰাকী শিল্পী, কলা–কুশলী আৰু কংগ্রেছ, অসম গণ পৰিষদ দলৰ কেইবাশতাধিক লোকে ভাৰতীয় জনতা পার্টীত যোগদান কৰে৷ গেৰুৱা বসন পিন্ধিয়েই অভিনেতা নয়ন নির্বাণে কয়– ‘বিজেপিয়েহে অসমীয়া কলা–সংস্কৃতি জীয়াই ৰখিব পাৰিব৷ বিজেপিৰ উন্নয়নৰ প্রতি আকর্ষিত হৈ বিজেপিত যোগদান কৰিছেছা৷’ উল্লেখ্য যে পূর্বতে কংগ্রেছ দলত যোগদান কৰা অভিনেতা নয়ন নির্বাণ বৰুৱাই ‘কা’ আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰিছিল৷