নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ডাকযোগে ভোটদান প্ৰক্ৰিয়াৰ ওপৰত সজাগতা তথা প্ৰশিক্ষণ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ আজি মৰিগাঁও জিলা পুথিভড়াল প্ৰেক্ষাগৃহত ৰাতিপুৱা ১০ বজাৰ পৰা মৰিগাঁও জিলাৰ সকলো খণ্ড উন্নয়নৰ অন্তৰ্গত নিয়োজিত ছেক্টৰ অফিচাৰ, সমাজ কল্যাণ বিভাগৰ ছুপাৰভাইজৰ, বি এল অ’ ছুপাৰভাইজৰ, বি এল অ’সকলক লৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ অনুপস্থিত ভোটদাতাৰ বাবে ডাকযোগে ভোট দানৰ সুবিধা দিয়াৰ ব্যৱস্থাৰ ওপৰত সজাগতা সভা তথা প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে পূৰ্বৰ পৰা ডাকযোগে ভোট দানৰ সুবিধা আছে। কিন্তু নিৰ্বাচনৰ বাবে নিয়োজিত কৰ্মচাৰীসকলেহে এই প্ৰক্ৰিয়াযোগে ভোট দানৰ সুবিধা পাইছিল । সম্প্ৰতি ক’ভিড পৰিস্থিতিলৈ নজৰ ৰাখি ভাৰতৰ নিৰ্বাচন আয়োগে নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু সেই মতে ৮০ৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলকো পোষ্টেল বেলট কাগজযোগে ভোট দানৰ সুবিধা দিয়া হৈছে ।

এই নতুন পদ্ধতিৰ বিষয়ে নিৰ্বাচন প্ৰক্ৰিয়া আগুৱাই লৈ যোৱাত সহায়কাৰী কৰ্মচাৰীসকলক অৱগত কৰোৱাৰ লগতে প্ৰশিক্ষণ দিয়া হৈছে । এই কাৰ্যসূচীত মাষ্টাৰ ট্ৰেইনৰ হিচাপে অংশগ্ৰহণ কৰে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰফেচাৰ ড০ হেমন্ত নাথ আৰু পশুপালন বিভাগৰ ডাঃ নীলোৎপল কাকতীয়ে ।

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা উপস্থিত থাকি সকলোকে নিষ্ঠা আৰু দায়বদ্ধতাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । আজিৰ অনুষ্ঠানত নিৰ্বাচন বিষয়া দীপময় ঠাকুৰীয়া প্ৰমুখ্যে ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল ।

You might also like