নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু ধর্ষণ–হত্যাকাৰী চন্দন হৰিজনক ফাঁচিৰ হুকুম

হোজাইৰ জিলা আৰু সত্র ন্যায়াধীশৰ ৰায়

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ হোজাইৰ এটি শিশুক বগৰী খুওৱাৰ ছলেৰে হাবিলৈ নি বলপূর্বক ধর্ষণ কৰি হত্যা কৰা এটা নৰপিশাচক হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ জিলা আৰু সত্র ন্যায়াধীশৰ আদালতে আজি মৃত্যুদণ্ডৰ ৰায় দিয়ে৷ যোৱা বছৰৰ ২৬ ফেব্রুৱাৰীৰ বিয়লি হোজাইৰ দাৰিয়া বস্তিত সংঘটিত হৈছিল এই জঘন্য কাণ্ড৷ সেই দিনা বিয়লি গাঁওখনৰ চন্দন হৰিজন নামৰ ২৮ বছৰীয়া নৰপিশাচটোৱে ঘৰৰ পদূলিত খেলি থকা এটি কন্যা শিশুক বগৰী দিয়াৰ ছলেৰে ফুচুলাই হাবিলৈ নি এই অপকর্ম সংঘটিত কৰিছিল৷ চাৰি বছৰ ন মহীয়া শিশুটিক প্রথমে ধর্ষণ কৰি চন্দনে হত্যা কৰি হাবিত পেলাই থৈছিল৷ ইফালে ঘৰৰ লোকে সেই দিনা শিশুটিক বিভিন্ন স্থানত বিচাৰ–খোঁচাৰ কৰিছিল যদিও কোনো শুংসূত্র লাভ কৰা নাছিল৷ পিছদিনা হাবিৰ মাজত একাংশ লোকে শিশুটিৰ অন্তর্বাস পৰি থকা দেখা পায় আৰু কিছুদূৰ আঁতৰত শিশুটিৰ মৃত শৰীৰ উদ্ধাৰ হয়৷ ইয়াৰ পাছতেই স্থানীয় লোকে আগদিনা বিয়লিৰ ভাগত অভিযুক্ত চন্দন হৰিজনৰ লগত শিশুটি হাবিৰ ফালে যোৱা প্রত্যক্ষ কৰাৰ কথা ব্যক্ত কৰে৷ এই ঘটনা সংক্রান্তত শিশুটিৰ পিতৃ প্রকাশ শর্মাই হোজাই আৰক্ষী থানাত ১৬৪/২০নং এটা গোচৰ দাখিল কৰে৷ এই গোচৰৰ অধীনত অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্রৱর্তী, হোজাই থানাৰ ভাৰপ্রাপ্ত বিষয়া গৌতম কুমাৰ আৰু তদন্তকাৰী বিষয়া যতীন চন্দ্র শইকীয়াই অতি খৰতকীয়াকৈ মাত্র দুমাহৰ ভিতৰত গোচৰটো তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে৷ সেই অভিযোগনামাৰ ভিত্তিত বুধবাৰে শংকৰদেৱ নগৰ জিলা আৰু সত্র ন্যায়াধীশ নগেন চানাবায়া দেউৰীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ (এ)/৩০২ আৰ ডব্লিউ পস্কো এক্ট ৬ ধাৰাত চন্দন হৰিজনক দোষী সাব্যস্ত কৰি ফাঁচিৰ ৰায় দিয়ে৷ ভুক্তভোগীৰ হৈ ওকালতি কৰিছিল চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই৷

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে উক্ত জঘন্য ঘটনাৰ দিনা চন্দনে বগৰী দিয়াৰ ছলেৰে বিয়লি নিজ ঘৰৰ সন্মুখত খেলি থকা অৱস্থাৰ পৰা শিশুটিক সমীপৰ হাবিলৈ নি বলপূর্বক ধর্ষণ কৰি ডিঙি চেপি হত্যা কৰে আৰু মৃতদেহটো জাবৰেৰে ঢ়াকি সেই স্থান ত্যাগ কৰে৷ পাছত ঘৰলৈ আহি একো নোখোৱাকৈ শুই থাকে৷ পিছদিনা যেতিয়া শিশুটিৰ মৃতদেহ স্থানীয় ৰাইজ আৰু অভিভাৱকে উদ্ধাৰ কৰে, সেই সময়ত অপৰাধী চন্দন ঘৰতে শুই আছিল৷ যেতিয়া প্রত্যক্ষদর্শীয়ে আগদিনা বিয়লি চন্দনৰ লগত শিশুটিক দেখা বুলি কৈছিল, তেতিয়া চন্দনৰ ভাতৃয়ে চন্দনক নিজৰ শোৱনি কোঠাত আবদ্ধ কৰি ৰাখি গাঁওৰক্ষী বাহিনীৰ সহযোগত হোজাই আৰক্ষীক চমজাই দিছিল৷ স্মর্তব্য যে আৰক্ষীৰ জেৰাত চন্দনে ধর্ষণ আৰু হত্যাৰ কথা স্বীকাৰ কৰি ঘটনাৰ সবিশেষ বর্ণনা কৰিছিল৷ এই কথা সদৰী হোৱাৰ পাছত ঘটনাস্থলীত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছিল৷ অভিযুক্তক উত্তেজিত ৰাইজৰ হাতত গতাই দিবলৈকো দাবী উত্থাপন কৰিছিল৷ আনকি একাংশ লোকে আৰক্ষীয়ে চন্দনক ৰাইজক গতাই নিদিয়া বাবে আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল৷ এই শিলৰ আঘাতত আৰক্ষীৰ বাহন ক্ষতিগ্রস্ত হোৱাৰ লগতে আৰক্ষীৰ লগত যোৱা লোকো আহত হৈছিল৷

ইপিনে দুমাহৰ ভিতৰত চল্লিশ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ হৈছিল যদিও ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে আদালত বন্ধ থকাত গোচৰটো চলাব পৰা নাছিল৷ যোৱা ডিচেম্বৰ মাহৰ পৰা গোচৰৰ প্রক্রিয়া আৰম্ভ কৰি বিশজন লোকৰ সাক্ষ্য গ্রহণ কৰি আদালতে আজি এই ৰায়দান কৰে৷ ইফালে এই ঘটনাৰ পাছত হোজাইৰ আইন সেৱা প্রাধিকৰণৰ সম্পাদিকা প্রণীতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছসহ এটা দলে মৃত শিশুটিৰ বাসগৃহত উপস্থিত হৈ পাঁচ লাখ টকা প্রদান কৰাৰ লগতে বিনামূলীয়া আইনী সাহায্যৰ কথা ঘোষণা কৰে৷ দুর্ভগীয়া শিশুটিৰ পৰিয়ালবর্গই আদালতৰ ৰায়ত সন্তোষ প্রকাশ কৰাৰ লগতে অতি ক্ষিপ্রতাৰে গোচৰৰ তদন্ত কৰাৰ বাবে আৰু আইনী সহায় আগবঢ়োৱাৰ বাবে হোজাই আৰক্ষীৰ লগতে হোজাইৰ আইন সেৱা প্রাধিকৰণক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like