নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ফেব্রুৱাৰীৰ পাছত ঘোষণা হ’ব ৫ ৰাজ্যৰ নির্বাচনৰ দিন

ভোটযুদ্ধৰ কাউণ্ট–ডাউন

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অসমকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সূচী অহা ১৫ ফেব্রুৱাৰীৰ পাছত ঘোষণা কৰিব৷ দেশৰ নির্বাচন আয়োগে ইতিমধ্যে অসম আৰু পশ্চিমবংগ ভ্রমণ কৰি নির্বাচন সন্দর্ভত বিতং পর্যালোচনা কৰিছে৷ আজিৰে পৰা দেশৰ মুখ্য নির্বাচন আয়ুক্তৰ নেতৃত্বত প্রতিনিধি দল এটাই দক্ষিণৰ ৰাজ্য তামিলনাডু, কেৰালাৰ লগতে কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ ভ্রমণ আৰম্ভ কৰিছে৷ তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নির্বাচন সংক্রান্তীয় বিতং আলোচনাৰ অন্তত দলটো নতুন দিল্লীলৈ উভতি অহাৰ পাছতেই নির্বাচনৰ সূচী ঘোষণা কৰিব৷ নির্বাচন আয়োগৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, ১৫ ফেব্রুৱাৰীৰ পাছত যিকোনো মুহূর্ততে পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সূচী ঘোষণা কৰিব৷

সূত্রটোৱে প্রকাশ কৰা মতে, বহুচর্চিত পশ্চিমবংগ বিধানসভা নির্বাচন ৬ৰ পৰা ৮টা পর্যায়ত অনুষ্ঠিত কৰা হ’ব৷ হয়তোবা ৭ পর্যায়ত অনুষ্ঠিত কৰিব৷ ইপিনে বিজেপিশাসিত অসমত নির্বাচন ২ৰ পৰা ৩টা পর্যায়ত অনুষ্ঠিত কৰাৰ বিপৰীতে তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ নির্বাচন এটাকৈ পর্যায়তে অনুষ্ঠিত কৰিব৷ আটাইকেইখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ নির্বাচনী ফলাফল একেদিনাই ঘোষণা কৰা হ’ব৷ নির্বাচন আয়োগৰ সূত্র মতে, অহা ১ মে’ৰ পূর্বে আটাইকেইখন ৰাজ্যৰ নির্বাচন প্রক্রিয়া অন্ত পেলাব৷ কিয়নো ইয়াৰ পাছতেই চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ লক্ষণীয় যে মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰা, নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰসহ উচ্চ পর্যায়ৰ বিষয়াৰ দলে ১০–১৫ ফেব্রুৱাৰীলৈকে তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নির্বাচনক লৈ পর্যালোচনা কৰিব৷ নির্বাচন আয়োগৰ হ’ব এয়া চূড়ান্ত ভ্রমণ৷ ইয়াৰ পূর্বে উপ–নির্বাচন আয়ুক্ত পর্যায়ত পৰিদর্শন সমাপ্ত হৈছে৷ পশ্চিমবংগ আৰু অসমত নির্বাচন আয়োগৰ প্রাক্ নির্বাচন প্রক্রিয়া সমাপ্ত হৈছে৷

You might also like