বিটিআৰ চুক্তিক ‘দাদাগিৰি চুক্তি’ আখ্যা হাগ্রামাৰ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ পৰা বিজেপি হাটাও শ্লোগানেৰে বাক্সাত লক্ষাধিক লোকৰ সমাৱেশেৰে আজি অনুষ্ঠিত হয় ১৯ সংখ্যক বড়োলেণ্ড দিৱস৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ উদ্যোগত অনুষ্ঠিত হয় এই দিৱস৷ ২০০৩ চনৰ আজিৰ দিনটোতে বড়ো বিদ্রোহী সংগঠন বি এল টিৰ লগত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল বিটিচি শান্তি চুক্তি৷ এই চুক্তিয়ে ১৮ বছৰ অতিক্রম কৰিলে৷ আজি প্রথমবাৰৰ বাবে ক্ষমতাত নথকা অৱস্থাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বাক্সাৰ কদমতলত উদ্যাপন কৰিলে ১৯ সংখ্যক বড়োলেণ্ড দিৱস৷ পুৱা বিপিএফৰ বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্রহ্মই দলীয় পতাকা উত্তোলন কৰাৰ পিছত বডোফা উপেন্দ্রনাথ ব্রহ্মৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে প্রাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে৷ বন্তি প্রজ্বলন কৰে বিপিএফৰ সাধাৰণ সম্পাদক প্রবীণ বড়োৱে৷ ইয়াৰ পিছতে হাগ্রামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷ বিভিন্ন দল–সংগঠনৰ নেতাৰ উপস্থিতিত বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী খাম্পা বৰগয়াৰীয়ে সভা উদ্বোধন কৰি ৰাজ্যৰ পৰা বিজেপি দলক বিদায় দিবলৈ ৰাজ্যৰ বিজেপিবিৰোধী সকলো দলকে একত্রিত হ’বলৈ আহ্বান জনায়৷
আনহাতে ভাষণত পুনৰ বিটিআৰ চুক্তিক লৈ সৰৱ হৈ পৰে হাগ্রামা মহিলাৰী৷ বিটিআৰ চুক্তিক দাদাগিৰি চুক্তি আখ্যা দি মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি হ’ব লাগিছিল প্রকৃততে এন ডি এফ বিৰ চাৰিটা গোটৰ লগত৷ কিন্তু প্রমোদ বড়োৱে তাত জঁপিয়াই গৈ চুক্তিত স্বাক্ষৰ কৰিছে৷ বিপিএফ সভাপতি মহিলাৰীয়ে প্রমোদ বডোক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়– প্রমোদ বডোৱে আমি নির্মাণ কৰাবিলাকৰ ফিতা কাটিব বিচাৰি আছে৷ প্রমোদ বড়োৱে একো কাম কৰিব পৰা নাই৷ মাত্র আহোঁতে–যাওঁতে কাৰিগাঁৱত কমলা কিনি বিলাই থাকে৷ প্রমোদ বড়োক বেপাৰী আখ্যা দি মহিলাৰীয়ে কয় যে প্রমোদ বড়োৱে ইতিমধ্যে দুর্নীতি আৰম্ভ কৰিছে৷ এই ক্ষেত্রখনত আৰ টি আই কৰিব বুলিও জনায়৷ প্রমোদ বড়োৰ বেআইনী চৰকাৰ দিশপুৰৰ পৰা চলি আছে বুলিও তেওঁ অভিযোগ কৰে৷ সভাত সমাগত বিধানসভা নির্বাচন সম্পর্কেও গুৰুত্বপূর্ণ মন্তব্য কৰে প্রাক্তন কার্যবাহী সদস্যজনে৷ সম্প্রতি কোনো দলৰ সৈতে নির্বাচনী মিত্রতা হোৱা নাইবুলি জানিবলৈ দি মহিলাৰীয়ে পৰোক্ষভাৱে বিজেপি দলক সমালোচনা কৰি অসম বচাও বিজেপি হটাও শ্লোগান দিব বুলি প্রকাশ কৰে৷