নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবজাৰত ড্রাগ্ছসহ চাৰিজনক গ্রেপ্তাৰ

আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ গুৱাহাটীত অব্যাহত আছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে বুধবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পার্কিঙৰ সমীপৰ পৰা বুজন পৰিমাণৰ ড্রাগ্ছসহ চাৰিজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ ক্রমে ফটাশিল আমবাৰীৰ প্রণৱ সাহা (২১), উজানবজাৰ ৰে’লৱে কলনীৰ দীনেশ পাচোৱান (৩১), ৰঙিয়াৰ অমিত কৌৰ (৩১) আৰু ৰাকেশ দাস (২১) বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ পৰা ২৩ গ্রাম ব্রাউন ছুগাৰ আৰু ৪০টা কণ্টেইনাৰ জব্দ কৰে৷ অৱশ্যে মূল অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে পাণবজাৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like