নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ অমিত শ্বাহঃ কোচ ৰাজপৰিয়ালৰ বংশধৰ অনন্ত ৰায়ৰ ঘৰৰ অতিথি হ’ল গৃহমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ব্যক্তিগত ভ্ৰমণসূচী লৈ অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। কালি নিশা ২ বজাত বৰঝাৰ বিমান বন্দৰত বিশেষ বিমানেৰে উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী। বিমান বন্দৰত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে আদৰণি জনায় শ্বাহক।

নিশাটো আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত কটোৱাৰ পিছত আজি পুৱা ৰাওনা হয় চিৰাঙলৈ। চিৰাঙৰ কোচবিহাৰ ৰাজপৰিয়ালৰ বংশধৰ অনন্ত ৰায়ৰ ঘৰলৈ আলহী ৰূপে গমন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

অনন্ত ৰায়ৰ ঘৰলৈ শ্বাহৰ লগতে যায় বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। অনন্ত ৰায়ৰ ঘৰতে দিনৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, পশ্চিমবংগৰ নিৰ্বাচন সম্পৰ্কত গৃহমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয় অনন্ত ৰায়ৰ সৈতে।

আনহাতে, অমিত শ্বাহৰ নিজ ঘৰলৈ আগমন সম্পৰ্কত অনন্ত ৰায়ক সাংবাদিকে বিভিন্ন কথা সোধে যদিও ৰায়ে নিৰ্দিষ্টকৈ একো নক’লেও ‘কোচ ৰাজবংশীসকলৰ ভাল দিন আহি আছে’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

You might also like