নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ বৌদ্ধিক–শিক্ষানুৰাগী সমাজক লজ্জানত কৰি উজনি অসমৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্র ডিব্রুগড় বিশ্ববিদ্যালয়ক লুণ্ঠনৰ থলীত পৰিণত কৰা দুর্নীতিগ্রস্ত উপাচার্য ড০ ৰঞ্জিত তামুলীক অৱশেষত নিলম্বন কৰা হ’ল৷ উচ্চ শিক্ষানুষ্ঠানখনৰ আচার্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আজি জাৰি কৰা জি এছ এ ১২/২০২১/৭২ নম্বৰৰ এক চাৰি পৃষ্ঠাজোৰা নির্দেশনাৰ জৰিয়তে ড০ তামুলীক তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ উপাচার্য পদৰ পৰা নিলম্বিত কৰে৷ একেটা নির্দেশনাতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিজ্ঞানগুৰু জীৱবিজ্ঞান অনুষদ তথা প্রাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড০ আৰ এন এছ যাদৱক অস্থায়ীভাৱে উপাচার্যৰ দায়িত্বভাৰ অর্পণ কৰিছে৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত ড০ যাদৱেই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ পদ চম্ভালি থাকিব৷ আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখীৰ এই নির্দেশনাৰ লগে লগে কার্যতঃ ডিব্রুগড় বিশ্ববিদ্যালয়ত শেহতীয়াকৈ অব্যাহত থকা অচলাৱস্থাৰ অৱসান ঘটিল৷
উল্লেখ্য যে নিলম্বিত উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে বিয়াগোম বিত্তীয় কেলেংকাৰি, ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰ, নতুন নিযুক্তি–ৱসৰৰ পাছত পুনৰ নিযুক্তিকে ধৰি বিভিন্ন ধৰণৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগক কেন্দ্র কৰি ডিব্রুগড় বিশ্ববিদ্যালয় চৌহদ ধাৰাবাহিক প্রতিবাদত উত্তাল হৈ থকাৰ সমান্তৰালভাৱে সমগ্র বিষয়টো উচ্চ শিক্ষানুষ্ঠানখনৰ শিক্ষক সন্থা, বিষয়া সন্থা, কর্মচাৰী সন্থা, লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক তথা ডিব্রুগড় বিশ্ববিদ্যালয় ক’ট সভাৰ সদস্য ঋতুপর্ণ বৰুৱা আদিয়ে আনুষ্ঠানিকভাৱে আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখীৰ দৃষ্টিগোচৰ কৰাইছিল৷ ইয়াৰ পাছতে আচার্য তথা ৰাজ্যপাল মুখীয়ে নিলম্বিত উপাচার্য ড০ তামুলীক কৈফিয়ৎ তলব কৰে যদিও তেওঁৰ উত্তৰত সন্তুষ্ট নহৈ অভিযোগৰ সত্যসত্যতা নিৰূপণৰ বাবে উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াক অধ্যক্ষ হিচাপে লৈ এখন চাৰিজনীয়া ফেক্ট ফাইণ্ডিং কমিটী গঠন কৰি দিয়ে৷ এই আন তিনি সদস্য আছিল উজনি অসম সংমণ্ডলৰ আয়ুক্ত মলয় বৰা, কাহিলিপাৰাস্থিত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ বিশেষজ্ঞ ৰাজীৱ সেনচোৱা আৰু ইস্রাফিল মুছাহাৰী৷ ফেক্ট ফাইণ্ডিং কমিটীখনে ডিব্রুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ সমগ্র বিষয়টোৰ তদন্ত চলোৱাৰ লগতে নিলম্বিত উপাচার্য ড০ তামুলী, পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্ত, উপ–পঞ্জীয়ক (বিত্ত আৰু হিচাপ) ড০ দিগন্ত বৰাক জেৰা কৰাৰ লগতে শিক্ষক সন্থা, বিষয়া সন্থা, কর্মচাৰী সন্থা, শিক্ষার্থী সমাজৰ ভাষ্যও গ্রহণ কৰিছিল৷
তদন্ত প্রক্রিয়াৰ অন্তত যোৱা ৯ ফেব্রুৱাৰীত ফেক্ট ফাইণ্ডিং কমিটীয়ে আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখীৰ হাতত প্রতিবেদন দাখিল কৰে৷ এই প্রতিবেদনৰ ভিত্তিতেই আজি উপাচার্য ড০ তামুলীক নিলম্বনৰ নির্দেশনা জাৰি কৰিছে আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখীয়ে৷ মন কৰিবলগীয়া যে দুর্নীতিৰ অভিযোগ উত্থাপনৰ সময়তেই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক–শিক্ষার্থী সমাজে উপাচার্য ড০ তামুলীক পদত্যাগ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল৷ পিছে নাও বুৰিলেও টিঙৰ পৰা ননমা উপাচার্য ড০ তামুলীয়ে নিজৰ স্থিতিতেই অলৰ–চৰ হৈ থাকে৷ আনকি যোৱা ৭ জানুৱাৰীৰ আগবেলা পাঠদান চলি থকাৰ সময়তে পদার্থ বিজ্ঞান বিভাগত উপস্থিত হৈ উপাচার্য ড০ তামুলীয়ে ছাত্র–ছাত্রীৰ সমুখতে শিক্ষক সমাজক উদ্দেশ্যি অশ্রাব্য গালি–গালাজ কৰিছিল৷ কার্যতঃ ইয়াৰ পাছৰ পৰাই ডিব্রুগড় বিশ্ববিদ্যালয়ত সূত্রপাত ঘটে শিক্ষক বিদ্রোহৰ৷ এই বিদ্রোহৰ অগনি ক্রমান্বয়ে বিস্তাৰিত হৈ শেষত চৰম পর্যায় পায়গৈ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আজি নিলম্বন কৰা উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে দুর্নীতিত লিপ্ত থকাৰ এটাৰ পাছত এটাকৈ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগসমূহৰ ভিতৰত আছিল ভুৱা বিল দাখিল কৰি উচ্চ শিক্ষানুষ্ঠানখনৰ পুঁজিৰ পৰা ধন উলিয়াই নিয়া, ডিব্রুগড় বিশ্ববিদ্যালয় আইন–সংবিধি–ধ্যাদেশ্ পদে পদে অৱমাননা কৰা, প্রশাসনিক–বিদ্যায়ত্ ক্ষেত্রত উদ্ভৱ হোৱা স্থবিৰতা দূৰ কৰিবলৈ কোনোধৰণৰ পদক্ষেপ নোলোৱা, অসমীয়া বিভাগত সংঘটিত টাইল্ছ কেলেংকাৰি সন্দর্ভত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ তদাৰকী কোষে দাখিল কৰা প্রতিবেদন গাপ দি ৰখা, চৰকাৰৰ অনুমতি অবিহনে নিজৰ ব্যৱহাৰৰ বাবে বিলাসী বাহন ক্রয় কৰা, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন পদৰ নতুন নিযুক্তি আৰু অৱসৰৰ পাছত পুনৰ নিযুক্তিৰ ক্ষেত্রত স্বজন–তোষণ নীতি গ্রহণ কৰা, নির্মাণ–যোগান কার্যত ছিণ্ডিকেট গঢ়ি তোলা, নিবিদা আহ্বান–ঠিকা আবণ্টনৰ ক্ষেত্রত কেন্দ্রীয় সজাগতা কোষৰ পৰামর্শাৱলী তথা সাধাৰণ বিত্তীয় নিয়মাৱলী উলংঘা কৰাৰ প্রজেক্ট মনিটৰিং কোষ গঠনৰ জৰিয়তে প্রতিষ্ঠিত প্রক্রিয়া উলংঘা কৰি বিভিন্ন সা–সৰঞ্জাম ক্রয় কৰা আদি অন্যতম৷ প্রধানতঃ এই অভিযোগসমূহৰ উচিত তদন্তৰ দাবীৰেই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক–শিক্ষার্থী সমাজ আৰু বিষয়া–কর্মচাৰী সন্থাই ধাৰাবাহিকভাৱে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছিল৷ অৱশেষত এই প্রতিবাদী কার্যসূচীক গুৰুত্ব প্রদান কৰি তথা অসমৰ শৈক্ষিক ইতিহাসত নজিৰ গঢ়ি আচার্য তথা ৰাজ্যপাল মুখীয়ে উপাচার্য ড০ তামুলীক নিলম্বনৰ নির্দেশ দিলে৷
অকল নিলম্বনৰ নির্দেশ দিয়াই নহয়, তেওঁ একে সময়তে এখন উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠনৰো সিদ্ধান্ত গ্রহণ কৰিছে৷ এই তদন্ত কমিটীখনে বিত্তীয় লেনদেন–বিত্তীয় প্রশাসন, দুর্নীতি, পুঁজিৰ অপব্যৱহাৰ, ক্ষমতাৰ অপপ্রয়োগকে ধৰি উত্থাপিত অভিযোগ আৰু যোৱা ৫ বছৰে ডিব্রুগড় বিশ্ববিদ্যালয়খন কিদৰে চলিছে, তাৰ সবিশেষ অনুসন্ধান কৰিব৷ নিকা তদন্তৰ স্বার্থত সাক্ষীসকলক যাতে কোনোপধ্যেই প্রভাৱান্বিত কৰিব নোৱাৰে আৰু তথ্যপাতিৰ বিসংগতি ঘটাব নোৱাৰে, তাৰ বাবেই উপাচার্য ড০ তামুলীক তাৎক্ষণিকভাৱে নিলম্বনৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰাজভৱনৰ পৰা প্রেৰণ কৰা এক বিবৃতিত প্রকাশ৷ ফেক্ট ফাইণ্ডিং কমিটীৰ প্রতিবেদনৰ পাতে পাতে উপাচার্য ড০ তামুলীৰ দুর্নীতিৰ বিভিন্ন তথ্য উন্মোচিত হৈছে৷ যাৰ বাবেই এতিয়া গুৰুত্ব লাভ কৰিছে উচ্চ পর্যায়ৰ তদন্ত কমিটী গঠনৰ বিষয়টোৱে৷ ইফালে আচার্য তথা ৰাজ্যপাল মুখীৰ নির্দেশনাৰ পাছতেই বৌদ্ধিক–শিক্ষানুৰাগী সমাজ, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা, বিষয়া সন্থা, কর্মচাৰী সন্থা আৰু আছু গোটে সন্তুষ্টি প্রকাশ কৰিছে৷ আজি এখন সংবাদ মেলত ডিব্রুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাই এই সিদ্ধান্তৰ বাবে আচার্য তথা ৰাজ্যপাল অধ্যাপক মুখী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে৷ সংবাদ মেলত শিক্ষক সন্থাৰ নেতৃবৃন্দই জানিবলৈ দিয়া অনুসৰি নিলম্বিত উপাচার্য ড০ তামুলীয়ে আজিয়েই তেওঁৰ আৱাস খালী কৰি দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছে৷ স্মর্তব্য যে উপাচার্য ড০ তামুলীক নিলম্বন কৰাৰ পূর্বে তেওঁৰ দুই ঘনিষ্ঠ পঞ্জীয়ক ড০ হৰিশ চন্দ্র মহন্ত আৰু উপ–পঞ্জীয়ক (বিত্ত আৰু হিচাপ) দিগন্ত বৰাক যোৱা ২৯ জানুৱাৰীত নিলম্বিত কৰা হৈছিল৷