নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ ৰণডংকা বজাই অসমত দুখনকৈ জনসভাত অংশ লোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদী পুনৰ আহিব৷ অহা ২২ ফেব্রুৱাৰীত অসমলৈ আহিব লগা প্রধানমন্ত্রীগৰাকীয়্ দুখনকৈ জনসভাত ভাগ ল’ব৷ – এই কথা স্পষ্ট কৰিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ড০ শর্মাই জানিবলৈ দিয়া মতে, ২২ ফেব্রুৱাৰীত অসমলৈ আহিব লগা প্রধানমন্ত্রী মোদীয়ে মাজুলী আৰু ধেমাজিৰ চিলাপথাৰত দুখনকৈ সভাত অংশ ল’ব৷ অৱশ্যে দুটা স্থানৰ এঠাইত নিজে উপস্থিত থকাৰ বিপৰীতে আনখন সভাত ভিডি’ কনফাৰেঞ্চযোগে অংশ ল’ব৷ কোনখন সভাত প্রধানমন্ত্রী নিজে উপস্থিত থাকিব, সেয়া কাইলৈ স্পষ্ট হ’ব৷ মন কৰিবলগীয়া যে যোৱা ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভাত ভাগ লোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৪ দিনৰ ভিতৰত পুনৰ ৭ ফেব্রুৱাৰীত ঢ়েকীয়াজুলিত আন এখন বিশাল সভাত অংশ লৈছিল৷ এইবাৰ ২২ ফেব্রুৱাৰীত অসমলৈ আহিব লগা প্রধানমন্ত্রীয়ে যোৰহাট–মাজুলীৰ মাজত ব্রহ্মপুত্রৰ ওপৰত হ’ব লগা দলঙৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে৷ ইফালে প্রধানমন্ত্রীৰ আগমনক লৈ পুনৰ যুদ্ধকালীন তৎপৰতা পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপিত৷