নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই থানাৰ নতুন ভৱন উদ্বোধন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি মৈত্রী আঁচনিৰ অধীনত হোজাই থানাৰ নৱনির্মিত ভৱনৰ লগতে ভার্চুৱেল ব্যৱস্থাৰে পুলিবৰ, হামৰেন আৰু সোণাৰি আৰক্ষী থানাৰ শুভ উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রী সোণোৱালে কয় যে থানাৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি আৰক্ষী বাহিনী শক্তিশালীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবে আজি অসম আৰক্ষীয়ে উল্লেখযোগ্য সফলতা দেখুৱাবলৈ সক্ষম হৈছে৷ কংগ্রেছৰ ৫৫ বছৰৰ শাসন কালত আৰক্ষী বিভাগক আধুনিকীকৰণৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ কংগ্রেছৰ চিন্তাত মলিনতা আছিল৷ কর্মসূচীত দুর্নীতিৰ উপাদান নিহিত আছিল৷ সেইবাবে তেওঁলোক লক্ষ্যভ্রষ্ট হ’ল আৰু সমাজক তুচ্ছ জ্ঞান কৰিলে৷ এই অৱস্থাৰ পৰিৱর্তন সাধনৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ ফলত অসম আৰক্ষীয়ে নতুন চিন্তা আৰু নতুন দৃষ্টিভংগীৰে আগুৱাই যাবলৈ সাহস আৰু প্রেৰণা লাভ কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷

মুখ্যমন্ত্রীয়ে কয় যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাটো আৰক্ষীৰ গভীৰ দায়িত্ব৷ আৰক্ষীয়ে নিষ্ঠা আৰু সততাৰে কাম কৰিলে জনসাধাৰণৰ হূদয় জয় কৰিব পাৰিব৷ বিজেপি নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰে ভাল কাম কৰাৰ বাবে জনসাধাৰণে আদৰি লৈছে৷ অসম আৰক্ষীয়ে বিভিন্ন অপৰাধমূলক কার্যকলাপৰ বিৰুদ্ধে তৎকালীনভাৱে পদক্ষেপ গ্রহণ কৰি আহিছে৷ অভিযোগনামা সময়মতে দাখিল কৰা বাবে অপৰাধীৰ বিৰুদ্ধে শাস্তি বিহাটো সম্ভৱ হৈ উঠিছে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই আদৰণী ভাষণ দিয়া আজিৰ এই অনুষ্ঠানত বিধায়কদ্বয় ক্রমে শিলাদিত্য দেৱ আৰু শিবু মিশ্র, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অসম আৰক্ষী গৃহ নির্মাণ নিগমৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি শীর্ষ বিষয়াসকল উপস্থিত আছিল৷

You might also like