নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও ৰ সাত গাঁও ত নিশা লোমহৰ্ষক ডকাইতি কাণ্ড

পিষ্টল -তৰোৱাল-দা লৈ ছয় সাতজনীয়া ডকাইতৰ দলে পৰিয়ালৰ সকলো সদস্য ক একেলগে বান্ধি থৈ দুঘণ্টা ধৰি চলালে লুটপাত

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মৰিগাঁও নগৰৰ পৰা ৮ কিলোমিটাৰ নিলগৰ সাত গাওঁ অঞ্চলত কালি নিশা নীৰৱ দাস নামৰ ব্যক্তিজনৰ ঘৰত ৬/৭ জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি পৰিয়ালৰ সকলো সদস্যক আবদ্ধ কৰি শাৰীৰিক ভাৱে প্ৰহাৰ কৰি নগদ ধন আৰু মূল্যৱান অলংকাৰ লুট কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা প্ৰায় ডেৰ বজাত নীৰৱ দাস ৰ পৰিয়াল নিদ্ৰাৰত অৱস্থাত থাকোতে গেটৰ আৰু মূল কোঠাৰ দৰ্জা ভাঙি ৬/৭জনীয়া ডকাইতৰ দলে বলপূৰ্বক প্ৰৱেশ কৰি নীৰৱ দাস তেওঁৰ পৰিবাৰ আৰু চাৰি কন্যাক পিষ্টল আৰু তৰোৱাল জাতীয় চোকা অস্ত্ৰ প্ৰদৰ্শন কৰি হাতে ভৰিয়ে বান্ধি পেলাই আৰু শাৰীৰিক ভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

প্ৰায় দুঘণ্টা ধৰি ডকাইত কেইটাই ঘৰখনত তাণ্ডৱ ৰ সৃষ্টি কৰি সোণৰ কিছু অলংকাৰ আৰু নগদ পৰাই ২৫ হাজাৰ টকা লুট কৰি নিয়ে। ঘটনাৰ পিছতে পৰিয়ালটোৱে ওচৰ চুবুৰীয়াক খবৰ দিয়াৰ পিছত মিকিৰ ভেটা আৰু জালুগুটি আৰক্ষী নিশাই উপস্থিত হৈ ঘটনাস্থলীত। পোৱাৰ ভাগত অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীস বৰুৱা ঘটনা স্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈ ডকাইত কৰায়ত্ব হোৱা নাই।

You might also like