কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যদ্বাণীঃ অসমত পুনৰ হ’ব বিজেপি মিত্রজোঁট চৰকাৰ
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ আগন্তুক ২০২১ চনৰ অসম বিধানসভা নির্বাচনত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’ব৷ নির্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ এই ভৱিষ্যদ্বাণী কালপুৰুষ পূর্ণাংগ পঞ্জিকাৰ৷ গুৱাহাটী প্রেছ ক্লাবত কালপুৰুষ পূর্ণাংগ পঞ্জিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ পাছতে বিশিষ্ট জ্যোতিষী ভবেশ কুমাৰ শর্মা বৰুৱাই কয় যে অহা অসম বিধানসভা নির্বাচনত কংগ্রেছৰ ফলাফল ভাল হ’ব যদিও চৰকাৰ গঠন কৰিব নোৱাৰিব৷
আনহাতে, বিজেপি মিত্রজোঁটে পুনৰ চৰকাৰ গঠন কৰিব যদিও শপতগ্রহণৰ পাছতে প্রবল প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ চৰকাৰক যিকোনো প্রকাৰে শ’লঠেকত পেলোৱাৰ চেষ্টা কৰিব বিৰোধীয়ে৷ কিন্তু সফল নহ’ব৷ সংবাদ মেলত জ্যোতিষী বৰুৱাই কয়– বর্তমানৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ শপতগ্রহণ ভাস্কৰাব্দ ১৪২৩, ইংৰাজী ২৪ মে’, ২০১৬, মঙলবাৰ৷ সময় আবেলি ৪.২৪ বজাৰ চক্র মতে তিনি কৃষ্ণা তৃতীয়, ধনৰাশি মূলা (১৯), নক্ষত্র তুলা লগ্ণ৷ শপতগ্রহণ চক্র মতে দ্বিতীয়ত মঙল, শনি, তৃতীয়ত শুক্র, চন্দ্র আৰু শনি, পঞ্চমত কেতু (তংগী), সপ্তমত বুধ, অষ্টমত শুক্র আৰু ৰবি, একাদশত বৃহস্পতি, ৰাহু (তুংগী)৷ বিংশোত্তৰী দশা বিচাৰত বর্তমানে শুক্রৰ দশা, অন্তর্দশাত শুক্র৷ আনহাতে, প্রত্যন্ত দশা বিচাৰত শুক্র–শত্রু–শনি চলি আছে ইংৰাজী ১–৭–২০২১ তাৰিখলৈ৷ লগ্ণপতি গ্রহ শুক্র অত্যন্ত শুভ আৰু শনি চতুর্থ তথা পঞ্চম পতি হিচাপে শুভ যদিও বর্তমান সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে মিত্রদলৰ সহযোগত আগন্তুক ২০২১ চনৰ বিধানসভা নির্বাচনত একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰাৰ যোগ দেখা যায়৷ শপতগ্রহণ অনুষ্ঠানৰ সপ্তমত বুধৰ অৱস্থানে বুদ্ধি বিকাশ আৰু দলীয় বিচক্ষণতাৰ জৰিয়তে বিজেপিয়ে দক্ষতাৰে জনসাধাৰণৰ মন জয় কৰিব পাৰিব৷
বিভিন্ন জনজাতি–জনগোষ্ঠীৰ যুৱনেতা, শিল্পীয়ে বিজেপিত যোগদান কৰি দলৰ ভেটি সুদৃঢ় কৰিব৷ অৱশ্যে একাদশত গুৰু চণ্ডালী যোগ থকাত চৰকাৰখনে মাজে মাজে গুৰুস্থানীয় ব্যক্তিৰ পৰা অথবা কোনো জাতি–জনজাতিৰ পৰা ভাবুকি পাই থাকিব৷ সেইদৰে লগ্ণপতি শুক্রক শনি আৰু মঙলৰ দ্বাৰা পূর্ণ দৃষ্টি হোৱাত চৰকাৰখনৰ ওপৰত মাজে মাজে অপমান, অপবাদ আদি জনবিদ্বেষ, সুখহানি, বন্ধুহানিৰ দৰে অশুভ কাৰকতাই দেখা দিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰো শনি দশা আছে যদিও তেৱেঁই পৰৱর্তী বিজেপি মিত্রজোঁটৰ চৰকাৰৰো মুখ্যমন্ত্রী হ’ব৷ সংবাদ মেলত বিশিষ্ট জ্যোতিষী দীপক শর্মাই কয় যে আগন্তুক বছৰত শনি গ্রহ ৰজা হিচাপে পৃথিৱীৰ শাসনভাৰ গ্রহণ কৰি মন্ত্রীৰ ভাৰ অর্পণ কৰিব মঙলক৷
আনহাতে, চন্দ্রই শিক্ষাধিপতি আৰু শুক্রই জলাধিপতি হিচাপে নভমণ্ডলত কার্যভাৰ গ্রহণ কৰিব৷ শনি ৰজা হোৱা হেতু পৃথিৱীত ঘোৰ যুদ্ধ হ’ব৷ শাসকবর্গ যুদ্ধৰ প্রতি আকাংক্ষিত হ’ব৷ মঙল মন্ত্রী হোৱা কাৰণে শাসকবর্গই প্রজাৰ ওপৰত উৎপীড়ন চলাব৷ মন্ত্রী মঙলৰ প্রভাৱত পৃথিৱীৰ বিভিন্ন দেশৰ মাজত যুদ্ধংদেহি মনোভাব বাঢ়িব৷ দেশসমূহৰ মাজত সীমা বিবাদ, সন্ত্রাসবাদী কার্যকলাপ আদিৰ বাবে মতানৈক্য হ’ব৷ পৃথিৱীত বহু দেশক অতিমাৰী ৰোগে বিধ্বস্ত কৰিব৷ বৰষুণৰ পৰিমাণ কমিব আৰু শস্যৰ উৎপাদন হ্রাস পাব৷ জ্যোতিষী দীপক শর্মাই লগতে কয়– চীন আৰু পাকিস্তানৰ লগত ভাৰতৰ শত্রুতা বৃদ্ধি পাব যদিও দেশত আইন–শৃংখলা ভালে থাকিব৷
আনহাতে, বছৰৰ আৰম্ভণিতে পঞ্চম স্থানত কেতু তুংঙী হৈ অৱস্থান কৰাত অসমৰ যুৱ শক্তি অধিক জাগ্রত হোৱাৰ যোগ আছে৷ বহু সময়ত অসমৰ যুৱ শক্তিয়ে প্রযুক্তিবিদ্যাৰে অধিক উন্নতি কৰিব৷ তদুপৰি কাৰিকৰী, কৃষি, খেল, স্বাস্থ্য আৰু সর্বভাৰতীয় পর্যায়ৰ বিভিন্ন শিক্ষা কর্মত যুৱ শক্তিয়ে পাৰদর্শিতা দেখুৱাব পাৰিব৷ অসমৰ কাৰক ৰাশি কর্কটৰ সপ্তমত শনি স্বগৃহত অৱস্থান কৰাত অসমৰ পক্ষে মংগলজনক নহয়৷ বিভিন্ন আঁচনি ৰূপায়ণত চৰকাৰ ব্যর্থ হ’ব৷