ৰাজ্যসভাৰ উপ–নির্বাচনঃ মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ অসমত খালী হৈ থকা ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্রার্থী হ’ব বিশ্বজিৎ দৈমাৰী৷ বিজেপিৰ কেন্দ্রীয় সমিতিয়ে আসনখনৰ বাবে বিশ্বজিৎ দৈমাৰীক প্রক্ষেপ কৰিছে৷ উল্লেখ্য যে অহা ১ মার্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ আসনখনৰ নির্বাচন৷ নির্বাচন আয়োগে ইতিমধ্যে অধিসূচনা জাৰি কৰি অহা ১৮ ফেব্রুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন ৰূপে ঘোষণা কৰিছে৷ সেই অনুসৰি বিশ্বজিৎ দৈমাৰীয়ে আসনখনৰ বাবে মনোনয়ন দাখিল কৰে৷
পুৱাৰ ভাগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ ভুবনেশ্বৰ কলিতা, দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদ পল্লৱলোচন দাস, প্রাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্রীৰ আইনী উদেষ্টা শান্তনু ভৰালীক লগত লৈ বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভাৰ নির্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে৷ মন কৰিবলগীয়া যে বি পি এফৰ প্রার্থী ৰূপে ইতিপূর্বে ৰাজ্যসভাৰ সাংসদ ৰূপে জয় হোৱা বিশ্বজিৎ দৈমাৰীয়ে শেহতীয়াকৈ বিটিচি নির্বাচনৰ পূর্বে বি পি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷ বিজেপিত যোগদানৰ পাছতেই ৰাজ্যসভাৰ পদ ত্যাগ কৰা বিশ্বজিৎ দৈমাৰীক বিটিচিৰ মুখ্য কার্যবাহী ৰূপে প্রক্ষেপ কৰাৰো গুণাগঁথা চলিছিল৷ অৱশ্যে তেনে সম্ভাৱনাক আঁতৰাই ৰাখি প্রমোদ বড়ো বিটিচিপ্রধান ৰূপে নির্বাচিত হোৱাৰ পাছত বিশ্বজিৎ দৈমাৰীক বিজেপিয়ে পুনৰ ৰাজ্যসভাৰ প্রার্থী ৰূপে প্রক্ষেপ কৰিলে৷
মনোনয়ন দাখিলৰ পাছতেই সংবাদ মাধ্যমৰ আগত দৈমাৰীয়ে কয়– দলে দিয়া সকলো দায়িত্ব পালন কৰিবলৈ সাজু হৈ আছোঁ৷ পূর্বৰ দৰেই অসমৰ মূল সমস্যাসমূহ সংসদত দাঙি ধৰাৰ চেষ্টা চলাম৷ লক্ষণীয় যে ৰাজ্যসভাৰ খালী হোৱা একমাত্র আসনখনত বিজেপিৰ প্রার্থী জয় হোৱাটো নিশ্চিত৷ এনে অৱস্থাত কংগ্রেছ অথবা বিৰোধীয়ে প্রার্থী প্রক্ষেপ নকৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে বি পি এফৰ প্রার্থী ৰূপে চণ্ডী বসুমতাৰী ইতিমধ্যে মনোনয়ন–পত্র সংগ্রহ কৰিছে৷ অহা ১৮ ফেব্রুৱাৰীত মনোনয়ন দাখিলৰ অন্তিম দিন আৰু ২২ ফেব্রুৱাৰী হ’ব মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন৷ ১৯ ফেব্রুৱাৰীত মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব৷ পূর্বৰ দৰে এইবাৰো বিশ্বজিৎ দৈমাৰী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ উল্লেখ্য যে ২০১৯ চনত বি পি এফৰ প্রার্থী ৰূপে বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছিল বিশ্বজিৎ দৈমাৰী৷