নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত পূব ভাৰতৰ প্রথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যখনত দক্ষতা বিকাশৰ যাত্রাত এক নতুন দিশৰ সূচনা কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি দৰং জিলাৰ মঙলদৈত পূব ভাৰতৰ প্রথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে৷ প্রায় ১ হাজাৰ কোটি টকা ব্যয়েৰে ২৫০ বিঘা ভূমি সামৰি স্থাপন হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ে ১০ হাজাৰৰো অধিক ছাত্র–ছাত্রীক ১২টা পৃথক শাখাৰ দক্ষতা বিকাশৰ পাঠ্যক্রম প্রদান কৰিব৷ ২০২৬ চনৰ ভিতৰত নির্মাণকার্য সম্পূর্ণ হ’বলগীয়া এই বিশ্ববিদ্যালয়ত ছিংগাপুৰ, জার্মানী, টাইৱান, দক্ষিণ কোৰিয়া, ইজৰাইল, জাপান, ইংলেণ্ড আদিৰ দৰে দেশৰ বিভিন্ন দক্ষতা বিকাশৰ প্রতিষ্ঠানৰ বিনিময় অংশীদাৰিত্বৰ বাবে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ পদক্ষেপ লৈ আছে৷

আন্তঃৰাষ্ট্রীয় স্তৰৰ এনে উন্নত প্রতিষ্ঠান তথা বিশ্বৰ শীর্ষস্থানীয় প্রযুক্তিৰ কোম্পানীসমূহৰ সৈতে থকা এনে সহযোগিতাই বিশ্ববিদ্যালয়খনৰ প্রশিক্ষণৰ মান আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কৰি তুলিব আৰু মানসম্পন্ন বৃত্তিমুখী শিক্ষা প্রদানেৰে ভাৰতৰ উপৰি বিভিন্ন ঠাইত নিয়োজনৰ সুবিধা বৃদ্ধি কৰিব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে এনে এখন বিশ্বমানৰ বৃত্তিমুখী প্রতিষ্ঠান মঙলদৈত স্থাপন হোৱা বাবে মঙলদৈ তথা সমগ্র দৰংবাসীক অভিনন্দন জনোৱাৰ উপৰি তেওঁলোক যথেষ্ট সৌভাগ্যৱান বুলিও কয়৷ যিকোনো ভাল প্রতিষ্ঠান স্থাপনৰ বাবে অসমৰ ৩৪খন জিলাৰ কোনখন জিলা উপযুক্ত হ’ব, সেইটো বিচাৰ–বিবেচনা কৰোঁতে চৰকাৰে চিন্তা কৰিবলগীয়া হয় যদিও মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াৰ অক্লান্ত প্রচেষ্টাত এই প্রতিষ্ঠানখন ইয়াত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷

বিশ্বমানৰ এই প্রতিষ্ঠানখনে মঙলদৈক এক সুকীয়া পৰিচিতি প্রদান কৰিব বুলি উল্লেখ কৰি এই প্রতিষ্ঠানখন স্থাপনৰ দিশত সকলো ধৰণৰ সহায়–সহযোগিতা অভিভাৱকৰ দৰে আগবঢ়াবলৈ মুখ্যমন্ত্রীয়ে স্থানীয় জনসাধাৰণক আহ্বান জনায়৷ বিজ্ঞান আৰু প্রযুক্তিৰ এই একবিংশ শতিকাত নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব লাগিলে উঠি অহা প্রজন্মক দক্ষ আৰু যোগ্য কৰি তুলিব লাগিব বুলি উল্লেখ কৰি এই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই ২০১৬ চনত বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রত উচ্চ শিক্ষাৰ প্রতিষ্ঠান গঢ়াৰ বাবে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ বর্তমানৰ চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা ৰাজ্যখনত কেইবাখনো চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক প্রতিষ্ঠান গঢ় দিয়াৰ প্রয়াস চলোৱাৰ লগতে বিভিন্ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ লৈছে৷ নৱপ্রজন্মই যাতে ৰাজ্যখনৰ ভিতৰতে বিভিন্ন ক্ষেত্রৰ উচ্চ শিক্ষা লাভ কৰি নিজকে যোগ্য আৰু দক্ষ কৰি তুলিব পাৰে, সেই লক্ষ্য আগত ৰাখিয়েই এনেধৰণৰ শক্তিশালী পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ এই প্রতিষ্ঠানসমূহত যাতে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলে নিজৰ মেধা আৰু যোগ্যতাৰে অন্তর্ভুক্ত হৈ জাকত জিলিকা হৈ ওলাই আহিব পাৰে, তাৰ বাবে সৰুৰে পৰা ছাত্র–ছাত্রীসকলক অধ্যয়নৰ প্রতি ধাউতি বৃৃৃদ্ধি কৰিবলৈ মুখ্যমন্ত্রীয়ে পিতৃ–মাতৃ আৰু শিক্ষক–শিক্ষয়িত্রীস আহ্বান জনায়৷ চৰকাৰে কেৱল আন্তঃগাঁথনিহে সৃষ্টি কৰিব পাৰে, কিন্তু এই প্রতিষ্ঠানত অধ্যয়নৰ বাবে যোগ্যতা আহৰণৰ বাবে ছাত্র–ছাত্রীসকলক অনুপ্রাণিত কৰাৰ দায়িত্ব কেৱল পিতৃ–মাতৃ, শিক্ষক–শিক্ষয়িত্রীস ল’ব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘এক্ট ইষ্ট পলিচী’ৰ দৰে বৈদেশিক নীতি ৰূপায়ণৰ পদক্ষেপে সমগ্র উত্তৰ–পূর্বাঞ্চলকে দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ সৈতে বিভিন্ন দিশত সম্পর্ক স্থাপনৰ সুযোগ প্রদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়– আমাৰ মানৱ সম্পদৰ চাহিদা বৃদ্ধি কৰিব লাগিলে আমি ছাত্র–ছাত্রীসকলৰ দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগিব৷

ইয়াৰ বাবে চৰকাৰে দক্ষতা বিশ্ববিদ্যালয়, ক্রীডা বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয় ইত্যাদিৰ দৰে অগতানুগতিক শিক্ষা প্রতিষ্ঠান গঢ়াৰ কামত পদক্ষেপ লৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য তথা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আজিৰ দিনটোক অসমৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে৷ আজিৰ দিনটোতে উত্তৰ–পূবৰ প্রথম আৰু ভাৰতৰ তৃতীয়খন এনেধৰণৰ প্রতিষ্ঠান হিচাপে মঙলদৈত সম্পূর্ণ ব্যতিক্রমী পাঠ্যক্রমেৰে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ এই বিশ্ববিদ্যালয়খনে কেৱল অসমৰে নহয়, বিশ্বৰ ভিতৰতে এক উল্লেখযোগ্য বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন বিদেশী কোম্পানীৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ কয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে ভয়াৱহ বানপানী তথা ক’ৰোনাৰ দৰে মহামাৰীৰ মাজতো উন্নয়নী যাত্রা অব্যাহত ৰাখি ৰাইজৰ প্রতি যি দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে, ইয়াৰ ফলতে মঙলদৈয়ে দ্রুত উন্নয়নৰ খোজেৰে আগবাঢ়িব পাৰিছে৷ ভাষণ প্রসংগত তেওঁ বর্তমানৰ চৰকাৰখনে লোৱা উন্নয়নী পদক্ষেপে মঙলদৈক ১০ বছৰলৈ আগুৱাই নিলে বুলিও কয়৷ ভাষণ প্রসংগত তেওঁ মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্রী আৰু উদ্যোগমন্ত্রীৰ শলাগ লয়৷ অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়ায়ো ভাষণ প্রদান কৰে৷

দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্রধান সচিব ডাঃ কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত অসম দক্ষতা উন্নয়ন অভিযানৰ অভিযান সঞ্চালক তথা অসম দক্ষতা বিশ্ববিদ্যালয় প্রকল্পৰ মুখ্য কার্যবাহী বিষয়া আনন্দ প্রকাশ তিৱাৰী, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ সচিব, দৰং জিলাৰ উপায়ুক্ত প্রমুখ্যে বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ওপৰত যুগুতোৱা এখন তথ্যচিত্রও প্রদর্শন কৰা হয়৷

You might also like