নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী–ফুলবাৰী দলং, পানী যোগান, স্বাস্থ্যসহ অসমত চলি আছে জাপানৰ ৯ হাজাৰ কোটিৰ প্রকল্প

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ এক্ট ইষ্ট পলিচীৰ অধীনত অসমসহ উত্তৰ–পূর্বাঞ্চলক উন্নতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ অন্যতম অংশ হিচাপে গুৱাহাটীত অনুষ্ঠিত হ’ল ‘এক্ট ইষ্ট পলিচী আৰু উত্তৰ–পূর্বাঞ্চলত ভাৰত–জাপান সহযোগিতা’ শীর্ষক এক অনুষ্ঠান৷ দুয়োখন দেশৰ সম্পর্কক এক নতুন মাত্রা দিয়াৰ লক্ষ্যৰে আয়োজন কৰা অনুষ্ঠানৰ জৰিয়তে ভাৰত–জাপানৰ সহযোগিতা অধিক বৃদ্ধি কৰিবলৈ সংকল্পবদ্ধ হয়৷ কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰ আৰু ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত সাতোশী ছুজুকীৰ উপস্থিতিত দুয়োখন দেশৰ সহযোগিতাক আন এক নতুন মাত্রা প্রদান কৰা হয়৷ আগন্তুক সময়ত জাপানৰ সহযোগত অসমত অধিক উন্নয়নমূলক কাম–কাজ আগবঢ়াই নিয়াৰ পৰিকল্পনাও এই সন্মিলনৰ জৰিয়তে গ্রহণ কৰা হৈছে৷

সন্মিলনখনৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রীগৰাকীয়ে৷ তেওঁ প্রকাশ কৰা অনুসৰি সম্প্রতি ৰাজ্যখনত জাপানৰ সহযোগত প্রায় ৯ হাজাৰ কোটি টকাৰ প্রকল্পৰ কাম–কাজ চলি আছে৷ এই সন্দর্ভত তেওঁ কয়– ‘সম্প্রতি অসমত ধুবুৰী আৰু ফুলবাৰীৰ মাজত নির্মাণ কৰি থকা দলঙৰ বাবদ ১৬শ কোটি টকা বিনিয়োগ কৰা হৈছে৷ তদুপৰি পানী যোগান প্রকল্পত ১২শ কোটি টকা, জলসিঞ্চন আঁচনিত ১,০০০ কোটি টকা, ধুবুৰী–ফুলবাৰী পথত ৭০০ কোটি টকা, দুধনৈ–দালু পথ নির্মাণৰ নামত ১,৬০০ কোটি টকা আৰু স্বাস্থ্য তথা কৃষিখণ্ডত ৩,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷ এই আটাইবোৰ প্রকল্পত এক গুৰুত্বপূর্ণ অংশ বিনিয়োগ কৰিছে জাপানে৷ এই প্রকল্পসমূহৰ কাম–কাজ শীঘ্রে সম্পূর্ণ কৰিবলৈ লক্ষ্য বান্ধি লোৱা হৈছে৷’ আনহাতে, সংবাদ মেলখনতে তেওঁ ক’ভিড ভেকচিনৰ ক্ষেত্রত ভাৰতে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে৷ ইতিমধ্যে ভাৰতে প্রায় ডেৰশখন দেশলৈ ঔষধ প্রেৰণ কৰাৰ লগতে ২৫খন দেশলৈ ভাৰতে ভেকচিন প্রদান কৰিছে বুলি জানিবলৈ দিয়ে৷ তদুপৰি আন ৭৫খন দেশে ভেকচিন প্রেৰণৰ বাবে আহ্বান জনাইছে৷ ইপিনে একেখন সংবাদ মেলতে জাপানৰ ৰাষ্ট্রদূত ছুজুকীয়ে কয় যে অসমত জাপানে বিনিয়োগ কৰিবলৈ আগ্রহী৷ কিন্তু ইয়াৰ বাবে আন্তঃগাঁথনি উন্নত হোৱাটো প্রয়োজনীয়৷

জাপানৰ ব্যৱসায়ীসকলে অসমৰ বিষয়ে ভালদৰে জানিব লাগিব৷ যাতে ৰাজ্যখনত থকা সুযোগ–সুবিধাসমূহ তেওঁলোকে গ্রহণ কৰিব পাৰে৷ সেয়েহে এইক্ষেত্রত জাপানৰ ব্যৱসায়ীসকলক অৱগত কৰিব বুলিও ৰাষ্ট্রদূতগৰাকীয়ে সদৰী কৰে৷ ইফালে সংবাদ মেলৰ পূর্বে শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত সন্মিলনত ভাষণ প্রদান কৰি বৈদেশিক পৰিক্রমা মন্ত্রী ড০ জয়শংকৰে কয়– ‘ভাৰত আৰু বিশ্বৰ বিভিন্ন দেশৰ মাজত উত্তৰ ভাৰতৰ সেতু হৈছে অসম৷ কেৱল দক্ষিণ–পূব এছিয়াৰ নাগৰিক, সা–সামগ্রী আদিৰ পৰিবহণ এই ৰাজ্যৰ মাজেৰে হোৱা নাই৷ কোৰিয়া আৰু জাপানৰ বাবেও একেধৰণৰ ভূমিকা পালন কৰি আহিছে৷ এইক্ষেত্রত বৰাক আৰু ব্রহ্মপুত্র উপত্যকা মূল প্রৱেশদ্বাৰ হিচাপে বিবেচিত হৈ আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক্ট ইষ্ট পলিচীৰে ভাৰতৰ পূব প্রান্তৰ দেশসমূহ বিশেষকৈ আছিয়ান দেশসমূহৰ সৈতে ব্যৱসায়–বাণিজ্য, অন্যান্য সম্পর্ক বৃদ্ধিৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে৷ এক সঠিক বৈদেশিক নীতিৰে এখন দেশ, এটা অঞ্চল, এখন ৰাজ্য উন্নয়ন সম্ভৱ৷’ ভাৰতৰ বিশেষকৈ অসমৰ উন্নয়নৰ ক্ষেত্রত জাপানে আগবঢ়াই অহা সহযোগিতাৰ কথা উল্লেখ কৰি তেওঁ এইবুলিও কয়– অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ মাজত যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি সৃষ্টি কৰাটোৱেই হৈছে এক্ট ইষ্ট পলিচীৰ লক্ষ্য৷ যাৰ জৰিয়তে এই অঞ্চলটোক দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ লগতে ম্যানমাৰ, বাংলাদেশ, ভিয়েটনাম আৰু জাপানৰ সৈতে পথ, জল অথবা বায়ুপথেৰে সংযোজিত কৰিব পৰা যায়৷

অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷ অসমৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হোৱাৰ লগে লগে অসম অধিক শক্তিশালী আৰু কর্মঠ হৈ পৰিব বুলি মন্তব্য কৰি ড০ জয়শংকৰে কয়– ‘অসমে বর্তমান সময়ত কেইবাটাও যোগাযোগ ব্যৱস্থাৰ উল্লেখনীয় প্রকল্প লাভ কৰিছে৷ আছিয়ান আৰু অন্যান্য দেশসমূহৰ সৈতে সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্রত অসমৰ ভূমিকা অনুভৱ কৰিব পাৰিব লাগিব৷’ জাপানৰ সৈতে ভাৰতৰ সম্পর্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত আৰু জাপানৰ ঘনিষ্ঠ সম্পর্কৰ অর্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনিৰ ক্ষেত্রত এক নির্দিষ্ট স্থান আছে৷ ইয়াৰ ভিতৰত ছুজুকী–মাৰুতিৰ যুটীয়া প্রকল্প আৰু দিল্লী মেট্র’ প্রকল্প উল্লেখনীয়৷ একেদৰে আহমেদাবাদৰ পৰা মুম্বাইলৈ বুলেট ট্রেইন প্রকল্পই আন এক উল্লেখযোগ্য স্থান দখল কৰি আছে৷ দক্ষতা বিকাশৰ ক্ষেত্রত দুয়োখন দেশে সহযোগিতা কৰি আহিছে৷ মোদী চৰকাৰৰ শাসনকালত জাপানৰ প্রত্যক্ষ বৈদেশিক বিনিয়োগ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ জাপানৰ প্রাক্তন প্রধানমন্ত্রী চিনজ’ আবেক পদ্মভূষণ সন্মানেৰে প্রতীকী অর্থত দুয়োখন দেশৰ ঘনিষ্ঠ সম্পর্কক এক নতুন ৰূপ দিয়া হৈছে৷ এক্ট ইষ্ট পলিচীত অসমৰ গুৰুত্বৰ কথা উল্লেখ কৰি বৈদেশিক মন্ত্রীগৰাকীয়ে কয়– ‘পৰিবহণ, শক্তি, বিদ্যুতকে ধৰি বিভিন্ন ক্ষেত্রত অসমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ অসমক ব্রহ্মপুত্রৰ মাজেৰে বংগোপসাগৰৰ সৈতে সংযোজিত কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্রসমূহৰ বন্দৰসমূহৰ সৈতে সংযোজিত কৰিবলৈ পূর্ণ গতিত কাম আগবঢ়াই থকা হৈছে৷ বিশ্ববেংকৰ সহায়ত পূব জলপথ উন্নয়নৰ বাবে কাম কৰি থকা হৈছে৷ এইক্ষেত্রত ধুবুৰী আৰু কৰিমগঞ্জক সংলগ্ণ কৰিবলৈ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷

ভাৰত, ম্যানমাৰ আৰু থাইলেণ্ডৰ মাজেৰে হ’বলগীয়া ত্রিপাক্ষিক ঘাইপথৰ কাম পূর্ণগতিত চলি আছে৷ এইটো সম্পূর্ণ হ’লে অসমৰ বিভিন্ন জিলাৰ সা–সামগ্রীসমূহ চুবুৰীয়া ৰাজ্যসমূহলৈ পৰিবহণ সহজ হৈ পৰিব৷ আনকি কাজিৰঙালৈ জাপানৰ পর্যটক আনিবলৈ বিমানসেৱা আৰম্ভ কৰিব পৰা যায়৷’ এই অনুষ্ঠানত ভাষণ প্রদান কৰি ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত সাতোশী ছুজুকীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰি কয়– ‘দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হোৱা ঘাটিৰ পাছত ভাৰতৰ সহায় অবিহনে জাপান আজিৰ পর্যায়লৈ কেতিয়াও আহিব নোৱাৰিলেহেঁতেন৷ ভাৰতৰ সৈতে আমাৰ সম্পর্ক–সহযোগিতা সদায় শক্তিশালী হৈ আহিছে৷ অসমৰ সৈতেও এই সম্পর্ক অধিক কটকটীয়া কৰিব বিচৰা হৈছে৷ অসম আৰু জাপানৰ যথেষ্ট সাদৃশ্য আছে৷ ভাৰতে ৫ ট্রিলিয়ন ডলাৰৰ অর্থনীতি গঢ়িবলৈ হ’লে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন কৰাটো অত্যন্ত প্রয়োজনীয়৷

ভৌগোলিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন ক্ষেত্রত জাপান আৰু অসমে কাম কৰিব পাৰে৷’ অসমত জাপানৰ সহযোগত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বাবে তেওঁ সন্তুষ্টি প্রকাশ কৰি কয় যে অসমৰ সৈতে সহযোগিতা স্থাপন কৰি ইয়াৰ যুৱক–যুৱতীসকলক্ প্রশিক্ষিত কৰিবলৈ আগ্রহী, যাতে জাপানত নিযুক্তিৰ সুযোগ–সুবিধা লাভ কৰে৷ ইফালে অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে৷ ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত আৰু বৈদেশিক পৰিক্রমা মন্ত্রীক অসমলৈ আদৰণি জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে দুয়োগৰাকীৰ উপস্থিতিয়ে এক্ট ইষ্ট পলিচীৰ এক নতুন মাত্রা দিব৷ তদুপৰি ইয়াৰ জৰিয়তে অসমৰ সৈতে জাপানৰ বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসমে চুবুৰীয়া ৰাষ্ট্রসমূহৰ সৈতে এক সৌহার্দ্যপূর্ণ সম্পর্ক স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি সোণোৱালে কয়– ‘২০১৮ চনত অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলনত জাপানক বিশেষভাৱে গুৰুত্ব প্রদান কৰা হৈছিল৷ ভাৰতৰ এক উল্লেখনীয় বিনিয়োগ আৰু বাণিজ্যিক সহযোগী হৈছে জাপান৷ কিন্তু অসমত জাপানৰ এটাও প্রতিষ্ঠান নাই৷ চাহৰ ৰপ্তানিৰ বাহিৰে অসম আৰু জাপানৰ মাজত বিশেষ বাণিজ্যিক সম্পর্ক এতিয়ালৈ হোৱা নাই৷ অৱশ্যে ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনিৰ প্রকল্প ৰূপায়ণৰ ক্ষেত্রত জাপানে সহযোগিতা কৰি আহিছে৷ ফলত অসমৰ আন্তঃগাঁথনি বিকশিত হৈছে৷ অসমত বিনিয়োগৰ যথেষ্ট সম্ভাৱনা আছে৷ ইয়াৰ জৰিয়তে অসম আৰু জাপানে উপকাৰিতা লাভ কৰিব৷’ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত যোগাযোগ ব্যৱস্থাৰ পৰা বাণিজ্যলৈকে অসমে এক নতুন বিকাশৰ পথ দেখিছে বুলিও তেওঁ সদৰী কৰে৷ আনহাতে, এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিৰ এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ অর্থনৈতিক আৰু সামাজিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’ল বুলি মন্তব্য কৰে৷ ইয়াৰ জৰিয়তে এক্ট ইষ্ট পলিচীয়ে এক নতুন মাত্রা আৰু দিশ লাভ কৰিব বুলিও ড০ শর্মাই উল্লেখ কৰে৷

নিজৰ ভাষণ প্রসংগত তেওঁ কয়– ‘২০১৭ চনত ড০ এছ জয়শংকৰৰ উদ্যোগত ইণ্ডো–জাপান এক্ট ইষ্ট ফ’ৰাম গঠন কৰা হৈছিল৷ উত্তৰ–পূব ভাৰতত এক্ট ইষ্ট পলিচীৰ জৰিয়তে ভাৰত–জাপানৰ সম্পর্কক এক নতুন মঞ্চ প্রদান কৰিবলৈ এই ফ’ৰাম গঠন কৰা হৈছে৷ এই ফ’ৰামে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন বিকাশৰ ক্ষেত্রসমূহ চিনাক্ত কৰিছে৷’ ভাৰতৰ বৈদেশিক নীতিৰ আন এক গুৰুত্বপূর্ণ দিশ হিচাপে এক্ট ইষ্ট পলিচী গ্রহণ কৰাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূব এছিয়াৰ গেটৱে’ হিচাপে উত্তৰ–পূর্বাঞ্চলক উন্নীত কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰি আহিছে৷ ম্যানমাৰ আৰু থাইলেণ্ডৰ সৈতে উত্তৰ–পূব ভাৰতৰ যোগাযোগ ব্যৱস্থা আগন্তুক সময়ত সুচল কৰিবলৈ পৰিকল্পনাও গ্রহণ কৰিছে মোদী চৰকাৰে৷ এক্ট ইষ্ট পলিচী ৰূপায়ণৰ বাবে অসম সাজু বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসম বিভিন্ন সম্পদত চহকী৷ বিশেষকৈ প্রাকৃতিক সম্পদেৰে আমাৰ ৰাজ্যখন চহকী৷ অসমৰ চাহ বিশ্ববিখ্যাত৷ অসমত ১,০০০ৰো অধিক চাহ বাগিচা আছে৷ এই বাগিচাসমূহত ৬ লাখ মেট্রিকটন চাহ প্রতিবছৰে উৎপাদন হৈ আহিছে৷ ৰবৰ উৎপাদনৰ ক্ষেত্রত আমি দেশৰ ভিতৰতে তৃতীয় স্থানত আছোঁ৷ সেইদৰে খাৰুৱা তেল আৰু প্রাকৃতিক গেছ যথেষ্ট পৰিমাণে উৎপাদন হয়৷ বিগত পাঁচ বছৰত অসমে বিকাশৰ ক্ষেত্রত এক নতুন মাত্রা লাভ কৰিছে৷ এক্ট ইষ্ট পলিচী আমি আগুৱাই লৈ যাবলৈ সাজু৷ ভাৰত–জাপানৰ সহযোগিতাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ অংশীদাৰ হিচাপে আমি ভূমিকা পালন কৰিবলৈ আগ্রহী৷ আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাটোৱেই আমাৰ লক্ষ্য৷’

ইফালে জাপানৰ প্রতিষ্ঠান জাইকাৰ সহযোগত অসমৰ স্বাস্থ্যখণ্ডত প্রায় ৩,৮৭৫ কোটি টকাৰ প্রকল্প গ্রহণ কৰা হৈছে বুলি তেওঁ সদৰী কৰে৷ এই প্রকল্পসমূহত জাইকাৰ বিনিয়োগৰ পৰিমাণ হৈছে ৩,১০০ কোটি৷ জাইকাৰ সহযোগত স্বাস্থ্যখণ্ডত ৰূপায়ণ কৰিব লগা এই প্রকল্পসমূহৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্রসমূহৰ বাবে অসম চিকিৎসা ক্ষেত্রত কেন্দ্র হৈ পৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ ইফালে ২০১৯ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রাক্তন প্রধানমন্ত্রী চিনজ’ আবেৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক বৈঠক অৱশেষত বাতিল হোৱা বাবে আক্ষেপ প্রকাশ কৰি তেওঁ কয়– ‘২০১৯ চনৰ ডিচেম্বৰ মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রাক্তন প্রধানমন্ত্রী চিনজ’ আবে অসমলৈ অহাৰ কথা আছিল৷ এই বৈঠকত বহুতো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হ’লহেঁতেন৷ কিন্তু সেয়া হৈ নুঠিল৷ আমি এটা সুযোগ হেৰুৱালোঁ৷ অনাগত সময়ত আমি অধিক সুযোগ হেৰুৱাব নিবিচাৰোঁ৷ সেয়েহে প্রধানমন্ত্রী মোদী আৰু জাপানৰ বর্তমানৰ প্রধানমন্ত্রীৰ মাজত শীঘ্রে অসমত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ আমি আহ্বান জনাইছোঁ৷’ আজিৰ সভাখনত প্রাক্তন সাংসদ বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যও উপস্থিত থাকে৷

You might also like