হাজোত পথ মেৰামতিৰ দাবীত অৱৰোধ কার্যসূচী ছাত্র সন্থাৰ
নিয়মীয়া বার্তা, ১৬ ফেব্রুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটী সংযোগী হাজো–নলবাৰী পথৰ কলিতাকুছি চ’কৰ পৰা দমদমা–কুলহাটী বজাৰ চ’কলৈ প্রায় ৭ কিঃমিঃ পথ সম্পূর্ণ বিধ্বস্ত হৈ পৰাত যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ বিগত ছমাহত ইটোৰ পিছত সিটোকৈ অর্ধশতাধিক দুর্ঘটনা সংঘটিত হোৱা সত্ত্বেও লোকনির্মাণ বিভাগে কোনো কাণসাৰ দিয়া নাই৷
এই পথছোৱা শীঘ্রে মেৰামতিৰ লগতে হাজো অঞ্চলৰ অন্যান্য জৰাজীর্ণ পথ মেৰামতিৰ দাবীত কালি হাজো আছুৰ আহ্বান মর্মে কেইবাশ ছাত্র কর্মীয়ে দুঘণ্টীয়া পথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
হাজো শাকতিবাৰী নতুন তেল ডিপোৰ সন্মুখত কালি দিনৰ এঘাৰ বজাৰ পৰা ১ বজালৈ প্রতিবাদকাৰীসকলে হাতে হাতে প্লে–কার্ড লৈ বিভিন্ন ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷ প্রতিবাদকাৰীসকলে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়াই উন্নয়নৰ ক্ষেত্রত নীৰৱ ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰে৷