কলহী নৈৰ শিহুকেইটা
মোৰ বাল্যকালত চাৰিকড়ীয়া নৈত অসংখ্য শিহু দেখিবলৈ পাইছিলোঁ৷ ব’হাগ মাহৰ পিছত ব্রহ্মপুত্রত বান আহিলেই ব্রহ্মপুত্রৰ উপনৈ চাৰিকড়ীয়া নৈতো বানপানীৰ ধল নামে৷ সেই ধলত নাচি–বাগি ব্রহ্মপুত্রৰ পৰা চাৰিকড়ীয়া নৈলৈ ভটিয়াই আহে অসংখ্য শিহু৷ চাৰিকড়ীয়াত শিহুবোৰে জলকেলি আৰম্ভ কৰাৰ লগে লগে মোৰ বয়সৰ গোটেইবোৰ ল’ৰা নৈৰ ঘাটলৈ ঢ়াপলি মেলে শিহুৰ ৰং–ধেমালি চাবলৈ৷ শিহুবোৰে পানীৰ পৰা ওপৰলৈ উঠি আকৌ পানীত জাঁপ দি চাৰিকড়ীয়াৰ পানীত তালফাল লগাই থাকে৷ একো একোটা ঘাটত ইমান বেছি শিহু দেখা যায় যে সিহঁতৰ পিঠিত ভৰি দি খোজকাঢ়িয়েই ইফালৰ পৰা সিফাললৈ নৈখন পাৰ হ’ব পাৰি বুলি ধাৰণা হয়৷
১৯৫০ চনৰ বৰভূঁইকঁপৰ পিছতেই ব্রহ্মপুত্রৰ পৰা চাৰিকড়ীয়া ওলোৱা ঠাইখিনিত অর্থাৎ লোটাচুৰমুখত এটা মথাউৰি সজা হ’ল৷ চাৰিকড়ীয়াক যেন হত্যাহে কৰা হ’ল৷ তাৰ লগতে শিহুৰ আগমনো বন্ধ হ’ল চিৰকাললৈ৷
এতিয়া শিহু এটা লুপ্তপ্রায় প্রাণী৷ প্রায় দহ বছৰমানৰ আগতে মই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান চাবলৈ গৈছিলোঁ৷ মানুহে কোৱা শুনিছিলোঁ যে ডিব্রু নৈত কেইটামান শিহু এতিয়াও দেখিবলৈ পোৱা যায়৷ শিহুৰ দর্শন পোৱাৰ লোভতে মই মোৰ বন্ধু ডাঃ নির্মল চাহেৱালাৰ লগত চাৰি ঘণ্টামান নৌকা বিহাৰ কৰিলোঁ৷ চাৰি ঘণ্টাৰ ভিতৰত চাৰিটা শিহুৰ অস্তিত্ব অনুভৱ কৰিলোঁ৷
প্রায় তিনি মাহমানৰ আগতে মোৰ এজন বন্ধুৱে খবৰ দিলে যে ছয়গাঁৱৰ কলহী নৈত এতিয়াও কেইটামান শিহু দেখিবলৈ পোৱা যায়৷ শিহু চাবলৈ দেশ–বিদেশৰ বহুতো মানুহ তালৈ যায়৷ তিনি মাহমানৰ আগতে ময়ো এদিন কলহী নৈৰ শিহু চাবলৈ গ’লোঁ৷ শিহুৰ লগতে কলহী নৈকো চাবলৈ মই এটা ব্যাকুল ইচ্ছা অনুভৱ কৰিছিলোঁ৷ মোৰ তেৰ বছৰীয়া চৰকাৰী চাকৰিয়াল জীৱনৰ তিনিটা বছৰ মই অতিবাহিত কৰিছিলোঁ ছয়গাঁৱত, কলহী নৈৰ পাৰত৷ নৈখনৰ লগত মোৰ গভীৰ প্রেমৰ সম্পর্ক গঢ় লৈ উঠিছিল৷ কলহী নৈৰ শিহু চোৱাৰ কামত মোৰ গাইডৰ ভূমিকা লৈছিল স্থানীয় মুখিয়াল মানুহ কৃষ্ণৰাম কৈৱর্তই৷ মই যোৱা বুলি শুনি মোক সংগ দিবলৈ আহিছিল ‘নিউজ লাইভ’ৰ স্থানীয় সাংবাদিক ভগৱান দাস৷ তেওঁলোক দুয়োজনে মোক কলহী নৈৰ ইতিহাস আৰু তাত বাস কৰা শিহুকেইটাৰ জীৱন বৃত্তান্ত কৈ শুনালে৷ লগতে তেওঁলোকে মোক ক’লে কলহী নৈ আৰু তাত বাস কৰা শিহুবোৰৰ আসন্ন মৃত্যুৰ সম্ভাৱনাৰ কথা৷ নৈখনৰ পাৰতে ইণ্ডিয়ান ট’বেকো কোম্পানীৰ বিশাল কাৰখানা আৰু কার্যালয় ভৱন নির্মাণ কৰা হৈছে৷ কাৰখানাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নৈখনৰ পাৰতেই নির্মাণ কৰা হৈছে বিশাল দেৱাল– যিখন দেৱালে কলহী নৈলৈ ভয়ংকৰ বিপদৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷ সংশ্লিষ্ট কর্তৃপক্ষই বহুবাৰ আবেদন–নিবেদন কৰাৰ পিছতো কলহী নৈৰ ভৱিষ্যৎ নিৰাপদ কৰিবলৈ আই টি চিৰ কর্তৃপক্ষই এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই৷ কলহী নৈৰ অকাল মৃত্যু মানেই যে লুপ্তপ্রায় প্রজাতিৰ শিহুকেইটাৰো চিৰবিলুপ্তি, সেই কথা উপলব্ধি কৰিব পৰাকৈ চৰকাৰী বিভাগবোৰৰ বোধশক্তি আৰু সহানুভূতি নাই যেন লাগে৷ শিহুকেইটাৰ জীৱন–মৰণৰ এই সংকটৰ প্রতি সংশ্লিষ্ট চৰকাৰী কর্তৃপক্ষৰ মনোযোগ আকর্ষণ কৰিবলৈ তেওঁলোক দুয়োজনে মোক কাতৰভাৱে অনুৰোধ কৰিলে৷
কথাটোৰ গুৰুত্ব অনুভৱ কৰি মই উদ্যোগ বিভাগৰ এজন পদস্থ বিষয়া আৰু মোৰ পুত্রতুল্য কুন্তল বৰদলৈক গোটেই কথাখিনি কৈ যথাসম্ভৱ শীঘ্রে যথাবিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিলোঁ৷ এই কথা জানি মই অত্যন্ত সুখী হ’লোঁ যে তেওঁৰ পক্ষে যিমানখিনি ব্যৱস্থা লোৱাটো সম্ভৱ সিমানখিনি ব্যৱস্থা লোৱাৰ কাম তেওঁ আৰম্ভ কৰিছে৷
কিন্তু ইতিমধ্যে কালি অর্থাৎ ১৫ ফেব্রুৱাৰীৰ ‘নিয়মীয়া বার্তা’ৰ প্রথম পৃষ্ঠাতে ভগৱান দাসে পঠিওৱা কলহীৰ শিহু সম্পর্কীয় এটা আতংকজনক বাতৰি অতি গুৰুত্বসহকাৰে প্রকাশ পাইছে৷ বাতৰিটোত কোৱা হৈছে যে ‘দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ কলহী নৈৰ বুকুত আই টি চিৰ উদ্যোগত বৃহৎ আকাৰৰ বেৰ নির্মাণৰ লগতে একাংশ বালি ব্যৱসায়ীয়ে নৈখনৰ বুকুত অবৈধভাৱে যন্ত্রচালিত মেচিন ব্যৱহাৰৰ বাবেই অপৰূপ সৌন্দর্যৰ নৈখনে মৃত্যুৰ ক্ষণ গণিছে৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাচী পাহাৰৰ পৰা বৈ অহা কলহী নৈখনত এতিয়া সমূলি বন্ধ হৈ পৰিছে পানীৰ সোঁত৷ হ্রাস পাইছে পানীৰ গভীৰতা৷ পৃথিৱীৰ ভিতৰতে দুষ্প্রাপ্য শিহু, নৈখনত থকা বিভিন্ন প্রজাতিৰ প্রায় ৪২ লাখ মাছ–কাছ এতিয়া ধ্বংসৰ গৰাহত৷’
এই খবৰটো অসম চৰকাৰৰ কাৰণে হোৱা উচিত এটা ডাঙৰ প্রত্যাহ্বান৷ প্রত্যাহ্বান বুলি কিয় কোৱা হ’ল সেই কথা ব্যাখ্যা কৰিব তলত লিখা কথাখিনিয়ে৷ বহুত বছৰৰ আগতে বিশ্ববিখ্যাত টাইম মেগাজিনত এটা বাতৰি প্রকাশ হৈছিল৷ আমেৰিকাৰ কোনোবা এটা গ্রামাঞ্চলত এখন সৰু নৈতো বানপানী নিয়ন্ত্রণৰ উদ্দেশ্যে মথাউৰি সজাৰ প্রস্তাৱ উঠিছিল৷ প্রস্তাৱটো উঠাৰ লগে লগে অঞ্চলটোৰ নেতৃস্থানীয় লোকসকলে মথাউৰিৰ সম্ভাব্য সকলো পৰিণামৰ বিষয়ে খৰচি মাৰি আলোচনা কৰিবলৈ আৰম্ভ কৰিলে৷ এইদৰে আলোচনা কৰাত দেখা গ’ল যে সেই নৈখনত এনে এবিধ বিৰল জাতৰ ক্ষুদ্রাকৃতিৰ মাছ আছে, যিবোৰ মাছ কেৱল বোৱঁতী পানীতহে জীয়াই থাকিব পাৰে৷ মথাউৰি দিয়াৰ ফলত নৈখন মৰাসুঁতিত পৰিণত হোৱাৰ লগে লগে সেই মাছৰ বংশও চিৰকাললৈ লুপ্ত হৈ যাব৷ যিবোৰ মাছ প্রায় চকুৰেই দেখা নাযায়, যিবোৰ মাছ কোনো প্রকাৰেই মানুহৰ কোনো কামত নালাগে, সেই মাছবোৰক ৰক্ষা কৰিবৰ কাৰণে গাঁওখনৰ ৰাইজে মথাউৰি নির্মাণৰ বিৰুদ্ধে এনে এটা আন্দোলন গঢ়ি তুলিলে যে অৱশেষত কর্তৃপক্ষই মথাউৰিৰ পৰিকল্পনা বাদ দি বিকল্প ব্যৱস্থা ল’বলৈ বাধ্য হ’ল৷ কিন্তু অপৰিমেয় দাৰিদ্র্য আৰু পৰিমেয় মূঢ়তাই আচ্ছন্ন কৰি ৰখা আমাৰ এই হতভাগ্য দেশত এইবোৰ কথা চিন্তা কৰে কোনে?
ওপৰত কোৱা কথখিনি হ’ল সভ্যতা জোখাৰ এটা মাপকাঠী৷ এই মাপকাঠীৰে জুখি চালে দেখা যায় যে আমেৰিকাৰ সেই সৰু গাঁওখনৰ মানুহ যিমান সভ্য আমি সিমান সভ্য নহওঁ৷
আৰু এটা উদাহৰণ লওঁ৷
ফ্রান্সৰ পেৰিচ আৰু বৰদোক সংযুক্ত কৰা ৰে’লপথটোৰ দুয়োকাষে থকা পিতনিত অসংখ্য ভেকুলীয়ে বাস কৰে৷ মিলন ঋতুৰ সময়ত সিহঁতে ৰে’লপথ বগাই এখন পিতনিৰ পৰা আনখন পিতনিলৈ প্রব্রজন কৰোঁতে ৰে’লগাড়ীৰ চকাৰ তলত শ শ ভেকুলীয়ে প্রাণ হেৰুৱায়৷ কেৱল ভেকুলীৰ প্রাণৰক্ষা কৰিবলৈ ফ্রান্সৰ চৰকাৰে কি কৰিলে? ফ্রান্সৰ চৰকাৰে কেৱল ভেকুলীৰ প্রাণৰক্ষা কৰিবলৈ ৰে’ললাইনৰ তলেদি এটা ভূ–গর্ভস্থ সুৰংগই নির্মাণ কৰি পেলালে৷ ইয়াকেই কয় সভ্যতা৷
লণ্ডনৰ ৰাজপথতো একে ধৰণৰ এটা ঘটনা ঘটিছিল৷ মিলন ঋতুত পুৰুষ ভেকুলীবোৰে মিলন সংগিনী বিচাৰি আলিবাটৰ এটা পাৰৰ পৰা আনটো পাৰলৈ যাত্রা আৰম্ভ কৰে৷ শ শ কামতাড়িত ভেকুলী সেই সময়ত চলন্ত যান–বাহনৰ চকাৰ তলত পিষ্ট হয়৷ যান–বাহনৰ দ্বাৰা এই ব্যাপক ভেকুলী নিধনৰ ঘটনা লক্ষ্য কৰি কেইবছৰমানৰ আগতে ইংৰাজসকলে এনে এটা নিয়ম প্রৱর্তন কৰিলে যে আলিবাটৰ এটা কাষৰ পৰা আনটো কাষলৈ যেতিয়া ভেকুলীৰ প্রব্রজন আৰম্ভ হয়, সেই সময়ত ভেকুলীবোৰ গৈ শেষ নোহোৱালৈকে যান–বাহনৰ প্রচলন বন্ধ ৰাখিব লাগিব৷
এতিয়া ওপৰত লিখা কথাখিনিৰ মাপকাঠীৰে অসম চৰকাৰে নিজকে জুখিব লাগিব– অসম চৰকাৰ প্রকৃততে এটা সভ্য জাতিৰ চৰকাৰ হয়নে?