নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এটা সপোনৰ পম খেদি’-আজি উন্মোচন হ’ব ড০ হিমন্ত বিশ্ব শর্মাৰ চতুর্থখন গ্রন্থ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ অসমৰ ৰাজনীতিত এক বিশেষ স্থান অধিকাৰ কৰি অহা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এতিয়া ৰাজ্যবাসীৰ বাবে এগৰাকী ৰাজনীতিবিদ হিচাপেই চিনাকি নহয়, স্বকীয় বত্তৃণতাশৈলীৰে যোৱা দীর্ঘ সময় ধৰি তেওঁ মন্ত্রমুগ্ধ কৰি আহিছে সাধাৰণ ৰাইজক৷

এইগৰাকী ৰাজনীতিবিদে ব্যস্ততাপূর্ণ জীৱনযাত্রাৰ পিছতো একাদিক্রমে সৃষ্টি কৰি গৈছে এখনৰ পিছত এখন ব্যতিক্রমী গ্রন্থৰ৷ ১০ বছৰ বয়সতে প্রথমখন ৰাজহুৱা সভাত ভাষণ দি ৰাইজৰ মৰম আদায় কৰিবলৈ সক্ষম হোৱা ড০ শর্মাই পিছলৈ কেতিয়াও উভতি চোৱা নাই৷ বিভিন্ন পটভূমি আৰু বিভিন্ন পৰিৱেশৰ আধাৰত অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি কৰি বিভিন্ন দিশৰ ওপৰত তেওঁ প্রদান কৰি অহা বত্তৃণতাই বহু অজান তথ্যৰ উন্মেষণ ঘটাইছে য’ত অসমক দেশৰ ভিতৰতে এখন শ্রেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ সপোন নিহিত হৈ আছে৷

এনে এলানি আশাব্যঞ্জক বত্তৃণতাৰ প্রথমখন সংকলন হ’ল ‘এটা সপোনৰ পম খেদি’৷ এইখন হ’ব ড০ শর্মাৰ চতুর্থখন গ্রন্থ৷ ইয়াৰ পূর্বে ২০১৪ চনত তেওঁ প্রথমখন গ্রন্থ ‘সমাগত সময়’ প্রকাশ পাইছিল৷ ‘সমাগত সময়’ আৰু ২০১৬ চনত প্রকাশ পোৱা তেওঁৰ ‘অন্য এক দৃষ্টিকোণ’ গ্রন্থ দুখনে ৰাইজৰ সীমাহীন সমাদৰ লাভ কৰিছে৷ দুয়োখন গ্রন্থই বিক্রীৰ ক্ষেত্রত একপ্রকাৰ অভিলেখ স্থাপন কৰে৷ ‘সমাগত সময়’ গ্রন্থৰ ইতিমধ্যে ৮টা সংস্কৰণ উলাইছে৷

ড০ শর্মাৰ তৃতীয়খন গ্রন্থ ‘ভিন্ন সময় অভিন্ন মত’৷ এই গ্রন্থখনেও ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে৷ সুকীয়া দৃষ্টিভংগী আৰু মৌলিক বিষয়ৰ চতুর্থখন সৃষ্টি ‘এটা সপোনৰ পম খেদি’ গ্রন্থখনেও যে পাঠক সমাজৰ অভূতপূর্ব সমাদৰ লাভ কৰিব তাত কোনো সন্দেহ নাই৷ সৰস্বতী প্রকাশনে প্রকাশ কৰি উলিওৱা ড০ শর্মাৰ এই নতুন গ্রন্থখন আজি অর্থাৎ বুধবাৰে উন্মোচন কৰা হ’ব৷

মন্ত্রী ড০ শর্মাক নিচেই কাষৰ পৰা পোৱা তিনি বিশিষ্ট ৰাজনীতিক মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী আৰু অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশ ল’ব৷

আজি বিয়লি ৪.৩০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ‘এটা সপোনৰ পম খেদি’ গ্রন্থখন উন্মোচন কৰা হ’ব৷

You might also like