ইতিহাস ৰচনাঃ অসমৰ বুকুৰে প্রথমবাৰলৈ চলিল বিদ্যুৎচালিত ৰে’ল
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ অসমত প্রথমবাৰলৈ চলিল বৈদ্যুতিক ট্ৰেইন৷ বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে বঙাইগাঁৱৰ পৰা চলে বৈদ্যুতিক ড্রেইনৰ ইঞ্জিন৷ এই উপলক্ষে ইলেক্ট্রিক ইঞ্জিনটো ফুলৰ মালা আদিৰে সজাই তোলা হয়৷ নাৰিকল ভাঙি যাত্রাৰ শুভাৰম্ভ কৰে ৰে’ল বিকাশ নিগম লিমিটেডৰ মুখ্য প্রকল্প প্রবন্ধক গৌতম ৰয়ে৷ ইঞ্জিনটো বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা সৰুপেটা ৰে’ল ষ্টেচনলৈ পৰীক্ষামূলকভাৱে যাত্রা কৰে৷ জানিব পৰা মতে, ২০১৬ চনত অসমত প্রথম বিদ্যুৎচালিত ৰে’ল চলাচলৰ বাবে ৰে’লপথত বিদ্যুতৰ কাম আৰম্ভ হয়৷ তৎকালীন মুখ্য প্রকল্প প্রবন্ধক চিটু সিং হাজঙৰ তত্ত্বাৱধানত আৰম্ভ হোৱা এই কাম বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈকে শেহতীয়াভাৱে সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে৷ যাৰ বাবে আজি এই পৰীক্ষামূলক যাত্রা আৰম্ভ কৰা হয়৷
বৃহস্পতিবাৰে সৰুপেটাৰ পৰা ঘূৰি অহাৰ পিছতে আজি পুনৰ বিদ্যুৎচালিত ৰে’ল ইঞ্জিনে বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ পৰীক্ষামূলকভাৱে চলাচল কৰিব৷ আনহাতে, অহা ২০ ফেব্রুৱাৰীত ৰে’ল ইঞ্জিনটো পৰীক্ষামূলকভাৱে চলোৱা হ’ব বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত৷ ইফালে, ২৬ ফেব্রুৱাৰীত ৰে’লৱে ছেফটী কমিছনৰ তত্ত্বাৱধানত যাত্রীবাহী দবা সংযোগ কৰি বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্রা কৰিব বিদ্যুৎচালিত ইঞ্জিন৷ এই পৰীক্ষামূলক যাত্রা সফল হ’লে অহা মার্চৰ ভিতৰত যাত্রীবাহী আৰু মালবাহী ৰে’লৰ চলাচল আৰম্ভ হ’ব বুলি আশা কৰা হৈছে৷ যাৰ ফলত ৰে’লসমূহ ইন্ধনৰ পৰিৱর্তে সম্পূর্ণৰূপে বিদ্যুৎ সংযোগ কৰি চলোৱা হ’ব বুলি ৰে’ল বিভাগৰ এই কামৰ দায়িত্ব লাভ কৰা বিকাশ ইলেক্ট্রিক নামৰ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী উমেশ সৰকাৰে জানিবলৈ দিছে৷ এই পৰীক্ষামূলক যাত্রাত ল’কো পাইলট মেঘনাথ ব্রহ্মআৰু সহকাৰী ল’কো পাইলট শুভ্রদ্বীপ পালে অংশগ্রহণ কৰে৷ বঙাইগাঁৱৰ পৰা প্রথমবাৰৰ বাবে বিদ্যুৎচালিত ৰে’ল ইঞ্জিনৰ যাত্রাৰ সময়ত বহু লোকে উৎসুকতাৰে ষ্টেচন চৌহদত ভিৰ কৰা পৰিলক্ষিত হয়৷ ইফালে, বিদ্যুৎচালিত এই ৰে’লৰ জৰিয়তে কম সময়ত অধিক দূৰত্ব আৰু আৰামদায়ক যাত্রা সম্ভৱ হৈ উঠিব৷