নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন নির্যাতনৰ গোচৰঃ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ক্লীনশ্বীট ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ দেশজুৰি তীব্র বিতর্কৰ সৃষ্টি কৰা যৌন নির্যাতনৰ গোচৰৰ পৰা মুক্ত হ’ল উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ৷ ২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নির্যাতনৰ গোচৰটোৰ প্রক্রিয়া কালি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বন্ধ কৰি দিয়ে৷ প্রাক্তন চি জে আই তথা বর্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নির্যাতনৰ গোচৰ বন্ধ কৰাৰ লগতে বিচাৰপীঠে এই যৌন নির্যাতনৰ ষড়যন্ত্র নিহিত হৈ থকাটো উলাই কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰাম সুব্রমণিয়নৰ বিচাৰপীঠে প্রকাশ কৰে যে অৱসৰপ্রাপ্ত ন্যায়াধীশ এ কে পাটনায়কৰ কমিটীয়ে হোৱাট্ছএপ বার্তাকে ধৰি কোনো ইলেক্ট্রনিক ৰেকর্ড নাপালে, যাৰ বাবে গোচৰটোৰ প্রক্রিয়া চলাই যাব পৰা নাযায়৷

আনপিনে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই কথাও স্পষ্ট কৰি দিয়ে যে ইণ্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালকৰ পত্রত প্রাক্তন চি জে আইৰ বিৰুদ্ধে কিছু ষড়যন্ত্র নিহিত হৈ থকাটোক উলাই কৰিব নোৱাৰি৷ প্রাক্তন চি জে আই গগৈয়ে অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) প্রস্তুতিক লৈ কঠোৰ ৰায়দান কৰা বাবেই ষড়যন্ত্রৰ বলি হৈছিল বুলি অৱসৰপ্রাপ্ত ন্যায়াধীশ পাটনায়কৰ প্রতিবেদনৰ প্রসংগকো উল্লেখ কৰে বিচাৰপীঠে৷

উল্লেখ্য যে ইয়াৰ পূর্বে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা বর্তমান চিজেআই এছ এ ব’বডেৰ নেতৃত্বত তিনিজনীয়া কমিটীয়ে আভ্যন্তৰীণ তদন্ত কৰি দাখিল কৰা প্রতিবেদনত প্রাক্তন চি জে আই গগৈক গোচৰত জড়িত নথকা বুলি উল্লেখ কৰিছিল৷ উনুকিয়াব লাগিব যে চি জে আইৰ দায়িত্বত থকাৰ সময়তে ৰঞ্জন গগৈৰ বিৰুদ্ধে কার্যালয়ৰ এগৰাকী মহিলাই যৌন আতিশয্যৰ অভিযোগ তুলিছিল আৰু ইয়াক লৈ তীব্র বিতর্ক সৃষ্টি হৈছিল৷ চি জে আই গগৈয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ অনুমতিও দিছিল৷ ২০১৯ চনৰ ২৫ এপ্রিলত সর্বোচ্চ ন্যায়ালয়ে ন্যায়াধীশ পাটনায়কক তদন্তৰ বাবে নিযুক্তি দিছিল৷ ন্যায়াধীশ পাটনায়কৰ তদন্তৰ প্রতিবেদনত চি জে আই গগৈৰ বৃহৎ ষড়যন্ত্র থকা বুলি উল্লেখ কৰা হৈছিল৷

You might also like