একেদিনাই একেকোবে প্রতিবেগ চিমেণ্টৰ দাম বাঢ়িল ৫ টকা
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ পেট্র’ল–ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ প্রভাৱ পৰিছে ৰাজ্যৰ বজাৰত৷ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ লগতে অন্যান্য বয়–বস্তুৰো দৰ বৃদ্ধি পাব ধৰিছে৷ বিশেষকৈ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে চিমেণ্টৰ মূল্য৷ এইক্ষেত্রত চিমেণ্ট লবীৰ ওপৰত উদ্যোগ বিভাগৰ নিয়ন্ত্রণ নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যত বিধানসভা নির্বাচনৰ কুচকাৱাজ চলি থকাৰ সময়তে এটা দিনতে প্রায়বোৰ প্রতিষ্ঠিত কোম্পানীয়ে প্রতিবেগ চিমেণ্টৰ মূল্য বৃদ্ধি কৰিছে পাঁচ টকা পর্যন্ত৷
এই সন্দর্ভত লাভ কৰা তথ্য অনুসৰি যোৱা ১৭ ফেব্রুৱাৰীত প্রতিবেগ ষ্টাৰ চিমেণ্টৰ মূল্য আছিল ৪২১ টকা৷ কিন্তু বৃহস্পতিবাৰৰ দিনটোত এই মূল্য ৫ টকা বৃদ্ধি পায়৷ অর্থাৎ নতুনকৈ ঘৰ সাজিবলৈ লোৱা গ্রাহকে প্রতিবেগ ষ্টাৰ চিমেণ্ট মাত্র এটা দিনৰ ব্যৱধানতে ক্রয় কৰিব লগা হৈছে ৪২৬ টকাত৷
অকল ষ্টাৰ চিমেণ্টেই নহয়, অন্যান্য কোম্পানীসমূহেও হঠাতে দাম বঢ়াইছে নির্মাণকার্যত অপৰিহার্য এই সামগ্রীবিধৰ৷ এক বিশেষ সূত্রে জানিব পৰা মতে, কাইলৈ ডালমিয়া, মেক্স, বিৰলা গ’ল্ড আৰু টপচেম চিমেণ্টৰ দামো বৃদ্ধি হ’ব৷ অতি গুৰুত্বপূর্ণ কথাটো হ’ল– একে সময়তে সকলো কোম্পানীয়ে প্রতিবেগ চিমেণ্টৰ মূল্য সমহাৰত অর্থাৎ ৫ টকাকৈ বৃদ্ধি কৰিছে৷
জানিব পৰা মতে, কালিৰ দিনটোত প্রতিবেগ ডালমিয়া চিমেণ্ট ৪২৭ টকা, মেক্স ৪০৩ টকা আৰু বিৰলা গ’ল্ড ৩৭৮ টকাত বিক্রী হৈছিল৷ কিন্তু আজি ডালমিয়া, মেক্স আৰু বিৰলা চিমেণ্টৰ প্রতিবেগত গ্রাহকে ৫ টকাকৈ অর্থাৎ ক্রমে ৪৩২, ৪০৮ আৰু ৩৮৩ টকাত ক্রয় কৰিব লাগিব৷
অভিযোগ অনুসৰি নির্বাচনৰ পূর্বে চিমেণ্ট লবীক পৃষ্ঠপোষকতা কৰা দিছপুৰৰ এক বিশেষ চক্রৰ শিথিলতাৰ বাবেই এইদৰে নির্মাণ সামগ্রীবিধৰ মূল্য বৃদ্ধি পাই আহিছে৷ বিশেষকৈ কমিছনৰাজৰ অংকৰে দিছপুৰৰ এই চক্রটোৱে চিমেণ্ট লবীৰ ওচৰত নতশিৰ হোৱাৰো অভিযোগ উঠিছে৷