দিল্লীৰ শীর্ষ নেতৃত্বৰে আলোচনাত বহি আজমলে চূড়ান্ত কৰিব আসনৰ বুজাবুজি
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ আসন বুজাবুজিকে ধৰি বিভিন্ন বিষয়ক লৈ কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত চলি থকা নিমিলা অংকক কেন্দ্র কৰি দুই দলৰ মাজত মিত্রতা ছেদ হ’ব পাৰে বুলি ৰাজনৈতিক মহলত চর্চা চলি আছে৷ এনে চর্চাৰ মাজতে এ আই ইউ ডি এফে স্পষ্ট কৰি দিছে, কোনো পৰিস্থিতিতে তেওঁলোকে কংগ্রেছৰ সৈতে মিত্রতা ভংগ নকৰে৷
এ আই ইউ ডি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, কংগ্রেছৰ সৈতে তেওঁলোকৰ যি মিত্রতা হৈছে, এই মিত্রতা নিখিল ভাৰত কংগ্রেছ কমিটীৰ অনুমোদনমর্মেই এ আই চি চিৰ শীর্ষ নেতৃত্বৰ উপস্থিতিত হৈছে৷ কংগ্রেছ হাইকমাণ্ডৰ পৰা লাভ কৰা সেউজ সংকেত অনুসৰিয়েই সেই মিত্রতা হৈছে৷ বিগত লোকসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে এ আই ইউ ডি এফে যিদৰে যথেষ্ট সংখ্যালঘু ভোটাৰ থকা সত্ত্বেও কলিয়াবৰ, মঙলদৈ, শিলচৰ আদি সমষ্টিত দলীয় প্রার্থী থিয় কৰোৱাৰ পৰা বিৰত আছিল, প্রয়োজনত এইবাৰ বিধানসভা নির্বাচনতো এ আই ইউ ডি এফে ত্যাগৰ মানসিকতাৰে আগবাঢ়িব৷
এ আই ইউ ডি এফৰ সূত্রটোৱে প্রকাশ কৰা মতে, দলৰ সভাপতি বদৰুদ্দিন আজমলে এই সমস্ত বিষয়ক লৈ নতুন দিল্লীত কংগ্রেছ নেতৃত্বৰে সঘনাই আলোচনাত মিলিত হৈ আছে৷ কংগ্রেছ হাইকমাণ্ডৰ সেউজ সংকেতৰ ভিত্তিতেই যোৱা মাহত গুৱাহাটীত এ আই চি চিৰ চাৰিজনকৈ শীর্ষ নেতাৰ উপস্থিতিত তেওঁলোকৰ মিত্রতা সম্পাদিত হয়৷ শেহতীয়াকৈ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ‘কা’ৰ বিৰোধিতাৰ প্রসংগক লৈ কংগ্রেছে দুমুখীয়া স্থিতি গ্রহণ কৰাৰ অভিযোগ কৰি প্রয়োজনত কংগ্রেছৰে মিত্রতা ছেদ কৰিব বুলি মন্তব্য কৰে৷ এ আই ইউ ডি এফৰ বিধায়কগৰাকীৰ সেই মন্তব্যৰ পাছতেই বদৰুদ্দিন আজমলে তেওঁক শ্ব’কজ কৰাৰ লগতে মিত্রতা সম্পর্কত ভৱিষ্যতে কোনো মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে৷ অকল বিধায়ক ইছলামেই নহয়, দলৰ আন নেতা–কর্মীসকলকো মিত্রতা সম্পর্কত কোনো মন্তব্য নকৰিবলৈ নির্দেশ দিয়ে৷
এইক্ষেত্রত দলৰ সভাপতি হিচাপে আজমলৰ লগতে দলৰ সাধাৰণ সম্পাদক (প্রশাসন) বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী আৰু সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামকহে মিত্রতা সম্পর্কত মন্তব্য দিয়াৰ বা সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ কর্তৃত্ব প্রদান কৰে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, তেওঁলোকৰ বাহিৰে আন কোনেও মিত্রতা সম্পর্কত কোনো মন্তব্য কৰিব নোৱাৰিব৷ কাৰোবাৰ কিবা ক’ব লগা থাকিলে সেয়া দলীয় মঞ্চতহে উত্থাপন কৰিব পাৰিব৷ মূলতঃ কংগ্রেছ হাইকমাণ্ডৰ ওচৰত যাতে দলৰ ভাবমূর্তি ম্লান নহয় আৰু এ আই ইউ ডি এফ এটা শৃংখলিত দল হিচাপে থাকে, তাৰ বাবেই আজমলে তেনে কঠোৰ নির্দেশনা দিছে৷
ইপিনে বহুচর্চিত আসন বুজাবুজিৰ প্রসংগত সূত্রটোৱে জানিবলৈ দিয়া মতে, মিত্রতাৰ বিষয়টো যিদৰে এ আই চি চি পর্যায়ত হৈছে, সেইদৰে আসন বুজাবুজিৰ বিষয়টোও আজমলে নতুন দিল্লীত চূড়ান্ত কৰিব৷ এ আই চি চিৰ নেতৃত্বৰে আলোচনাত মিলিত হৈ সেই বিষয়টো চূড়ান্ত কৰিব৷ মন কৰিবলগীয়া এয়ে যে সম্পূর্ণ এ আই চি চিৰ তদাৰকীত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা হৈছে বাবেই গুৱাহাটীত অনুষ্ঠিত মহাজোঁটৰ বৈঠকসমূহত আজিলৈকে আজমল উপস্থিত হোৱা নাই৷ প্রতিখন বৈঠকতে আজমলে তেওঁৰ প্রতিনিধি হিচাপে দলৰ দুই সাধাৰণ সম্পাদক কাছিমী আৰু ইছলামকে প্রেৰণ কৰি আহিছে৷
এক কথাত ক’ব লাগিলে আজমলে এ আই চি চিক ভৰসা কৰিয়েই মিত্রতাৰ ৰাজনীতিত আগবাঢ়ি আছে আৰু তাৰ বাবেই আসন বুজাবুজিৰ বিষয়টোও এ আই চি চিৰে আলোচনা কৰি নিষ্পত্তি কৰাৰ কথা কৈছে৷ অৱশ্যে আজমলৰ এই স্থিতি আজিৰ নহয়৷ কংগ্রেছৰে মিত্রতা হোৱাৰ বহুকেইমাহ পূর্বৰে পৰাই আজমলে কংগ্রেছ দলৰ সৈতে মিত্রতা হোৱাটো এশ শতাংশ নিশ্চিত বুলি প্রকাশ কৰাৰ লগতে এ আই চি চিয়ে সেই বিষয়ে ঘোষণা কৰিব বুলি কৈ আহিছিল৷ যোৱা মাহত আজমলৰ সেই ভাষ্য আখৰে আখৰে সত্য প্রমাণিত হয়৷ এতিয়া আসন বুজাবুজিৰ বিষয়টোও আজমলে এ আই চি চিৰ নেতৃত্বৰে আলোচনা কৰি নিষ্পত্তি কৰিব বুলি কোৱাৰ লগে লগে কংগ্রেছে তেওঁলোকক কিমানখন আসন এৰি দিবলগীয়া হয়, দখলত থকা আসন এৰিব লাগিব নেকি, সেয়া সম্পূর্ণৰূপে নির্ভৰ কৰিছে কংগ্রেছ হাইকমাণ্ডৰ ওপৰত৷