নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি এম চি এইচত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত নৱতম সংযোজন

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগ নিৰ্ণয় তথা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সংযোজন কৰা হ’ল আৰু কিছু নতুন চিকিৎসা সঁজুলি, আইচিইউ কক্ষ তথা ডায়েলাইছিছ ইউনিট।

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি কৰে ৰেডিঅ’লজী বিভাগত থ্ৰী-টেছলা এম আৰ আই স্কেনাৰ, শল্য চিকিৎসা বিভাগত ১৪খন বিছনাযুক্ত ছাৰ্জিকেল আই চি ইউ আৰু বৃক্কৰোগীৰ ডায়েলাইছিছৰ বাবে ১০খন বিছনাযুক্ত হিমো ডায়েলাইছিছ ইউনিট।

মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কোনো চৰকাৰী মেডিকেলত থ্ৰী-টেছলা এম আৰ আই মেচিন নাছিল। ইয়াৰ দ্বাৰা অতি সোনকালে এম আৰ আই কৰিব পৰা যাব। গতিকে এতিয়াৰে পৰা ৰোগীয়ে দীৰ্ঘসময় অপেক্ষা কৰিব নালাগে।

উল্লেখ্য, আজিৰ অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকাও উপস্থিত থাকে।

You might also like