নৱপ্রজন্মক হিন্দু সভ্যতাৰ সঠিক মার্গদর্শন কৰাব লাগিব
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ বিশ্ববৰণ্য মনীষী স্বামী বিবেকানন্দই মানৱতাৰ ভেটি নির্মাণ কৰি গৈছে৷ ভাৰতীয় সমাজ জীৱন তথা হিন্দু সভ্যতাৰ শক্তিৰ উমান বিশ্ববাসীক দি ভাৰতীয় দর্শনক উদ্ভাষিত কৰি মানৱ সমাজক প্রকৃত পথ প্রদর্শন কৰিছিল৷ এইগৰাকী মনীষীৰ আদর্শেৰে অনুপ্রাণিত হৈ আমি শক্তিশালী সমাজ নির্মাণত ব্রতী হ’ব লাগিব৷ আজি বৰপেটাৰোডত স্বামী বিবেকানন্দ ভাব দর্শন কেন্দ্রৰ সৌজন্যত মোহনলাল চৌধুৰী স্মৃতি উদ্যানত নির্মাণ কৰি উলিওৱা স্বামী বিবেকানন্দৰ ব্রঞ্জৰ পূর্ণাৱয়ব প্রতিমূর্তি উন্মোচন কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণত এই মত ব্যক্ত কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তেওঁ আৰু কয়– আমাৰ উঠি অহা প্রজন্মক হিন্দু সভ্যতাৰ সঠিক মার্গ দর্শন প্রদান কৰিব লাগিব৷ ইয়াৰ জৰিয়তে নৱপ্রজন্মৰ শক্তিশালী ভৱিষ্যৎ গঢ় দিব লাগিব৷ আমাৰ যুৱক–যুৱতীসকলক্ সৎ, নিষ্ঠাৱান আৰু কর্মপটু কৰি গঢ়ি তুলিব লাগিলে স্বামী বিবেকানন্দৰ আদর্শৰে আগুৱাই নিব লাগিব৷ আমাক এক শক্তিশালী জীৱন যাপনৰ বাবে প্রয়োজনীয় সকলো সমল স্বামী বিবেকানন্দই দি গৈছে৷ স্বামী বিবেকানন্দৰ আদর্শৰেই প্রধানমন্ত্রীয়ে ভাৰতক বিশ্বগুৰুৰ আসনত প্রতিষ্ঠা কৰাৰ বাবে দৃঢ়তাৰে প্রয়াস চলাই আহিছে৷ স্বামী বিবেকানন্দৰ বিষয়ে অধ্যয়ন কৰিলে জ্ঞান গভীৰতা বৃদ্ধি পোৱাৰ লগতে বৌদ্ধিক মাত্রা সংযোজন হয় বুলিও তেওঁ কয়৷ সভাত উত্তৰ–পূব উন্নয়ন দপ্তৰৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী ড০ জিতেন্দ্র সিঙে কয়– ভাৰতৰ পূব প্রান্তৰ লগত স্বামীজীৰ একাত্মতা অধিক আছিল৷
স্বদেশলৈ উভতি অহাৰ পাছত পশ্চিমবংগৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে তেওঁ বাসো কৰিছিল৷ স্বদেশলৈ প্রত্যাৱর্তনৰ ১২৫ বছৰ পূর্ণ হোৱা দিনটোতে সমগ্র উত্তৰ–পূবৰ ভিতৰতে অন্যতম বৃহৎ তেখেতৰ প্রতিমূর্তি এটা উন্মোচন কৰা অনুষ্ঠানত অংশ ল’ব পৰাটো আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা৷ তেখেতে সভাত পৰিমল বসাক সম্পাদিত ‘বিবেক’ নামৰ এখন স্মৃতিগ্রন্থও উন্মোচন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি স্থানীয় বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে স্বামী বিবেকানন্দই আত্মনির্ভৰশীলতাৰ দর্শন প্রদান কৰিছিল৷ ভাৰতীয় আধ্যাত্মিকতাৰ ভেটিৰ জৰিয়তে ৰাষ্ট্র নির্মাণৰ আদর্শ আমাক দেখুৱাই থৈ গৈছে৷ ভাষণ প্রসংগত তেওঁ কয় যে আজি বিভিন্ন জাতি– জনগোষ্ঠীৰ সমন্বয়ৰ যাত্রা আৰম্ভ হোৱাৰ লগতে বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ মাজৰ মানসিক ব্যৱধান হ্রাস পাইছে৷ স্বামী বিবেকানন্দ ভাব দর্শন কেন্দ্রৰ সাধাৰণ সম্পাদক চিন্ময় বাগছীয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত বিশিষ্ট সমাজকর্মী বশিষ্ঠ বুজৰবৰুৱাই সভাত ভাষণ প্রদান কৰে৷ সভাত বিশিষ্ট সমাজকর্মী শংকৰ দাস প্রমুখ্যে ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে ড’নাৰ মন্ত্রালয়ৰ বিত্তীয় পুঁজিৰে বৰপেটাৰোডত নির্মাণ কৰি থকা উৰণীয়া সেতুৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্রীয়ে কয়– স্বচ্ছ তথা নিকা শাসন ব্যৱস্থাৰ প্রতি ৰাইজৰ আস্থা আছে৷ সেয়ে পুনৰবাৰ অসমত বিজেপিৰ নেতৃত্বতে চৰকাৰ হ’ব৷ ৰাইজে ৫৫ বছৰ কংগ্রেছৰ শাসন দেখিছে আৰু বুজি উঠিছে৷ কংগ্রেছ মানুহৰ মনৰ পৰা নাইকীয়া হৈ গৈছে৷