নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্থায়ী কর্মচাৰীৰ প্রতিবাদত উত্তাল গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত   জি এম ডি এৰ অস্থায়ী কর্মচাৰীসকলে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ চমুকৈ জিএমডিএত বিগত ৮–৯ বছৰ ধৰি ৫৩গৰাকী অস্থায়ী কর্মচাৰীয়ে কার্যনির্বাহ কৰি আছে৷ অস্থায়ী কর্মচাৰীসকলে চাকৰি নিয়মীয়া কৰাৰ বাবে বহুবাৰ চৰকাৰক আবেদন–নিবেদন কৰি আহিছে৷ কিন্তু ৰাজ্য চৰকাৰে এইক্ষেত্রত কোনো গুৰুত্ব দিয়া নাই৷

গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ কর্মচাৰী পৰিষদে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিভিন্ন শ্লোগানেৰে প্রতিবাদ সাব্যস্ত কৰে৷ কাইলৈৰ পৰা কর্মচাৰীসকলে আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ কর্মচাৰী পৰিষদে জানিবলৈ দিছে৷

You might also like