নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষা–লিপিৰ চর্চা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত

নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্রীয় পর্যায়ৰ কর্মশালাৰ দেওবাৰে সফলতাৰে সামৰণি পৰে হয়৷ ‘অসমীয়া ভাষা আৰু লিপিঃ অধ্যয়নৰ প্রয়োজনীয়তা, প্রত্যাহ্বান আৰু পৰিকল্পনা’ শীর্ষক বিষয়ত ৰাজ্যৰ ভিন্ন প্রান্তৰ স্বমুঠ ১০০গৰাকী অংশগ্রহণকাৰীয়ে অংশ লয়৷ কর্মশালাখনৰ সমন্বয়ক তথা সহকাৰী অধ্যাপকদ্বয় ড০ চন্দ্র কমল চেতিয়া আৰু ড০ শিখামণি শর্মাই জানিবলৈ দিয়া মতে কর্মশালাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ প্রাধ্যাপক ড০ মুকুল চক্রৱর্তী, বিভাগীয় প্রধান ড০ অনুৰাধা শর্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাণ্ডুলিপি বিশেষজ্ঞ ধনজিৎ তালুকদাৰে সমল ক্তি হিচাপে অংশগ্রহণ কৰে৷

উল্লেখ্য যে যোৱা ২০ ফ্ব্রুেৱাৰীত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ ৰাৰ ভাষণেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ হয়৷

You might also like