নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিত্রশিল্পী কন্দর্প নাথ শর্মাক প্রণৱ বৰুৱা শিল্পী বঁটা প্রদান

নিয়মীয়া বার্তা, ২২ ফেব্রুৱাৰীঃ চিত্রশিল্পৰ উত্তৰণৰ বাবে নীৰৱে অৱদান আগবঢ়াই অহা বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মাক ২০২০ বর্ষৰ প্রণৱ বৰুৱা বঁটা প্রদান কৰা হয়৷ প্রণৱ বৰুৱা শিল্পী বঁটা সমিতি আৰু গুৱাহাটী আর্টিষ্টছ গীল্ডৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত গীল্ডৰ কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্রদান কৰে ‘প্রান্তিক’ আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাই৷ এই বঁটাত আছে মানপত্র, স্মাৰক, গামোচা, নগদ ধন আৰু প্রণৱ বৰুৱা সম্পর্কীয় এখন গ্রন্থ৷

১৯ সংখ্যক প্রণৱ বৰুৱা বঁটা গ্রহণ কৰি চিত্রশিল্পী কন্দর্প নাথ শর্মাই কয়– মই নিৰাশাৰ ছবি আঁকোঁ৷ বহুতে আশাৰ ছবি আঁকে৷ মোৰ ছবি অন্য শিল্পীৰ লগত নিমিলে৷ মোৰ ছবিত ভাৰতীয় ভাব আছে৷ পাশ্চাত্যৰ ভাব নাই৷ ছবি হৈছে অন্তৰৰ উৎসৱ৷ ছবিৰ জৰিয়তে আনন্দ সৃষ্টি কৰিব পৰাটোহে শিল্প৷ অনুষ্ঠানত প্রণৱ বৰুৱা শিল্পী বঁটা গ্রহণ কৰি যথেষ্ট আনন্দ অনুভৱ কৰা বুলি মন্তব্য কৰে চিত্রশিল্পৰ ক্ষেত্রখনত যোগাই অহা অৱদানৰ স্বীকৃতিস্বৰূপে দিল্লী আর্ট কলেজে আগবঢ়োৱা বি চি সান্ন্যাল বঁটা আৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা আদিৰে বিভূষিত চিত্রশিল্পীগৰাকীয়ে৷ অনুষ্ঠানত বঁটা প্রদান কৰি প্রদীপ বৰুৱাই– আদিম যুগতে মানুহে গুহাত ছবি আঁকিবলৈ লৈছিল৷

গুহাত ছবি কাটো মানুহৰ উত্তোৰণৰ এটা অন্যতম দিশ৷ চিত্রশিল্পই এতিয়া যথেষ্ট উচ্চ পর্যায় পাইছে৷ অসমতো চিত্রশিল্পৰ এটা ইতিহাস আছে৷ কিন্তু মানুহ বস্তুবাদী হোৱাৰ পৰা চিত্রশিল্পৰ চর্চা কিছু হ্রাস পাইছে৷ মানুহৰ শালীনতাবোধ, সূক্ষ্ম অনুভূতি লাহে লাহে নোহোৱা হৈছে৷ শিল্পীসকলে এই গুণবোৰ ধৰি ৰাখিব লাগিব৷ কন্দর্প নাথ শর্মা এগৰাকী বহু উচ্চখাপৰ চিত্রশিল্পী৷ তেওঁৰ দৰে শিল্পীক লৈ আমি গৌৰৱান্বিত৷ নয়ন প্রসাদে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী আর্টিষ্টছ গীল্ডৰ সম্পাদক কিশোৰ কুমাৰ দাসে আদৰণী ভাষণ দিয়ে৷ অনুষ্ঠানত গীল্ডৰ সভাপতি আমিনুল হক আৰু প্রণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ সম্পাদক মনোজ কুমাৰ গোস্বামীয়েও ভাষণ দিয়ে৷

You might also like