নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ত ৬ পদ খালী

অসম কৃষি বিশ্ববিদ্যালয়ৰDBT-AAU Centre, AAU, Jorhatৰ “Development of Citrus Diagnostics and Certification Centre in NER” প্রকল্পৰ অধীনত অচিৰেইJunior Research Fellow (2) আৰুTechnical Assistant (2) পদত প্রার্থী নিয়োগ কৰা হ’ব৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাইDBT-AAU Centre, AAU, JorhatৰDirector–এ আৰুDBT-AAU Centre Assam Agricultural University, JorhatৰCentre Director–এ এক নিয়োগ বিজ্ঞাপন বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Junior Research Fellow পদৰ প্রার্থীBiotechnology/Plant Breeding & Genetics/Biochemistry/Molecular Biology/Life Science বিষয়তM.Sc. (Agri)/M.Tech/M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রতLaboratory বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ দৰমহা ২৫,০০০ টকা৷ অৱশ্যেNET, GATE, BET, BINC উত্তীর্ণ প্রার্থীয়ে ৩১,০০০–৩৫,০০০ টকা লাভ কৰিব৷ আনহাতে,Technical Assistant পদৰ প্রার্থীScience বিষয়তPost Graduate ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷

নিযুক্তিৰ ক্ষেত্রতBiotechnology Laboratory বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ দৰমহা ২০,০০০ টকা৷ সাক্ষাৎকাৰ ২৫ ফেব্রুৱাৰী, ২০২১ তাৰিখে দিনৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান Office Chamber of the Director, DBT-AAU Centre, AAU, Jorhat-785013৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপি অনাটো বাঞ্ছনীয়৷ বিজ্ঞাপন বিষয়ক বিশদ তথ্যৰ বাবে ৱেবছাইটwww.aau.ac.in ভিজিট কৰিব পাৰে৷

You might also like