নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কার্যালয়ত পিয়নৰ ৪ পদ

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰO/o the Superintending Engineer, Mangaldai Circle, Irrigation, Mangaldai আৰুO/o the Executive Engineer, Mangaldai Investigation Division, Irrigation, Sipajharৰ অধীক্ষক অভিযন্তাৰ কার্যালয়(O/o the Superintending Engineer, Mangaldai Circle, (Irrigation), Mangaldai, Darang)ৰ অধীনত অচিৰেই ৪ পদ পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় অধীক্ষক অভিযন্তা(Superintending Engineer)ই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Peonৰ পদ ৪টাৰ ১টা অসংৰক্ষিত হোৱাৰ বিপৰীতে অ’বিচি/এম’বিচিৰ ১টা আৰু দিব্যাংগ প্রার্থীৰ বাবে ২টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৪০ বছৰ৷ বয়সৰ এই সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ জলসিঞ্চন বিভাগৰ ৱেবছাইটhttps://niyukti.assam.gov.in/irrigationmangaldai লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৫ মার্চ, ২০২১৷

You might also like