নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনৰে পৰা কংগ্রেছৰে সম্পর্ক বিপিএফৰঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ হাগ্রামা মহিলাৰীৰ বি পি এফ দল কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত যোগদান কৰাত অলপো আচৰিত হোৱা নাই ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে কংগ্রেছৰ লগত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ বুজাবুজি আছিল৷ এসময়ত তেওঁলোক কংগ্রেছৰ লগতে আছিল৷ যোৱা লোকসভা নির্বাচনৰ পাছৰে পৰা বি পি এফে কংগ্রেছৰ লগত সম্পর্ক ৰক্ষা কৰি আহিছে৷ তাৰ বাবেই বিটিচি নির্বাচনত বিজেপিয়ে বি পি এফক বাদ দি নির্বাচনত অৱতীর্ণ হয়৷ বি পি এফ দল মহাজোঁটত যোৱাৰ বাবে আচৰিত হোৱা নাই৷ যিটো হ’বলগীয়া আছিল হৈছে৷ সেইদৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে পূর্বতেও তেওঁলোক কংগ্রেছৰ সৈতে আছিল৷

আনকি হাগ্রামা মহিলাৰীয়ে ইতিপূর্বে কৈছিল– তেওঁলোকে য’তেই সুবিধা পায়, তাতেই থাকিব৷ কংগ্রেছৰ লগতো কথা পতা বুলি তেওঁলোকে কৈ আহিছিল৷ আমি সুবিধা নিদিলোঁ৷ যাৰ বাবে বিটিচি নির্বাচনত আমি অংশগ্রহণ কৰোঁ আৰু বিটিচিবাসীৰ সহযোগত ইউ পি পি এল–বিজেপি–জি এছ পিয়ে পৰিষদখন গঠন কৰে৷ বি পি এফ দল কংগ্রেছত চামিল হোৱাৰ বাবে তেওঁলোকৰেই ক্ষতি হ’ব বুলি উল্লেখ কৰি সভাপতি দাসে কয় যে এ আই ইউ ডি এফ দলৰে মিলি কংগ্রেছে পশ্চিম অসমক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ নৰনাৰায়ণ, চিলাৰায়ৰ ঠাইত বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমলক বহুৱাইছে৷ বি পি এফ দলে এতিয়া সেই দলৰ লগত মহাজোঁটত চামিল হৈছে৷ এতিয়া সেই অঞ্চলৰ ৰাইজে বি পি এফকো ঘৃণাৰ চকুৰে চাব৷

ইফালে অজাপৰ প্রতীক জাহাজক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে নির্বাচনী প্রতীক নির্বাচন আয়োগে দিয়ে৷ ইয়াত ক’বলগীয়া নাই৷ কিন্তু মানুহৰ মনত প্রতীকক লৈও পছন্দৰ কথা আছে৷ জাহাজ বুলি ক’লে ৰাইজৰ টাইটানিকলৈ মনত পৰে৷ পদুম ফুল মানুহে যিমান পৱিত্রতাৰে লয়, জাহাজ বুলি ক’লে টাইটানিকলৈ মনত পৰে৷ তেওঁৰ নিজৰে জাহাজৰ প্রতীক মনলৈ অহাৰ লগে লগে টাইটানিকলৈ মনত পৰিছে বুলি উল্লেখ কৰি কয় যে তেওঁলোকৰ অৱস্থা টাইটানিকৰ দৰেই হয় নেকি বুলি সন্দেহ ব্যক্ত কৰে৷ ইফালে অগপৰ সভাপতি অতুল বৰাই কয় যে কোনে কি প্রতীক লৈছে বা লোৱা নাই, সেয়া মুখ্য বিষয় নহয়৷ কিন্তু তেওঁলোক এনেয়েও ডুবন্ত জাহাজ৷

You might also like