নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইলছ ব্রনছন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি; মাজনিশা আজাৰা থানাত ভুক্তভোগী ৪৬ ছাত্র

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ যোৱানিশা মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ মাইলছ ব্রনছন ৰেছিডেনচিয়েল বিদ্যালয়খনত এক হুলসূথলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ আশ্চর্যজনক যে যোৱানিশা ১২ বজাৰ পিছত বিদ্যালয়খনৰ হোষ্টেলৰ পৰা ওলাই আহি আজাৰা আৰক্ষীৰ কাষ চাপে বিদ্যালয়খনৰ প্রায় ৪৬জন ছাত্র৷

প্রাপ্ত অভিযোগ মতে দীর্ঘদিন ধৰি মাইলছ ব্রনছন ৰেছিডেনচিয়েল বিদ্যালয়খনৰ হোষ্টেলসমূহত নিম্নমানৰ খাদ্যৰ যোগান ধৰি আহিছে বিদ্যালয় কর্তৃপক্ষই৷ অতি নিম্নমানৰ খাদ্য যোগান ধৰাৰ গুৰুতৰ অভিযোগ তোলে ডঃ দত্ত নামৰ বিদ্যালয়খনৰ অধ্যক্ষ তথা স্বত্বাধিকাৰগৰাকীৰ বিৰুদ্ধে৷ একাংশ ছাত্রই জানিবলৈ দিয়া মতে অধ্যক্ষ ডঃ দত্তক এই সন্দর্ভত জনোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰি দুজন ছাত্রক পৰীক্ষাৰ পৰা বঞ্চিত কৰাৰ লগতে বিদ্যালয়খনৰ দশম আৰু উচ্চতৰ মাধ্যমিকৰ সকলো ছাত্রক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি আহিছে৷

আনকি বিদ্যালয়খনৰ বিৰুদ্ধে যি কোনো অভিযোগ দিলে ছাত্রসকলক অধ্যক্ষ ডঃ দত্ত আৰু শিক্ষকসকলে শাৰীৰিক অত্যাচাৰ কৰাৰ উপৰি মানসিক অত্যাচাৰ কৰেবুলি জানিবলৈ দিয়ে ছাত্রসকলে৷ যোৱানিশা উন্নত মানৰ খাদ্য দিয়াৰ বাবে অনুৰোধ জনোৱাত কিছুসংখ্যক ছাত্রক অধ্যক্ষই প্রহাৰ কৰাৰ অভিযোগ লৈ আজাৰা আৰক্ষীৰ কাষ চাপিছিল ছাত্রসকল৷ উন্নত খাদ্যৰ অভাৱ আৰু শাৰীৰিক–মানসিক নির্যাতনৰ বলি হোৱা ভুক্তভোগী ছাত্র আজাৰা আৰক্ষীৰ কাষ চপাত বিদ্যালয়খনৰ অধ্যক্ষ ডঃ দত্ত আৰু শিক্ষকসকলে উপস্থিত হৈ ছাত্রসকলক ভয়–ভাবুকি দেখুৱায়৷ নিশা প্রতিবাদকাৰী ছাত্রসকলক মাইলছ ব্রনছন ৰেছিডেনচিয়েল বিদ্যালয় ছাত্রাৱাসলৈ লৈ যাবলৈ চেষ্টা কৰে যদিও একাংশ ছাত্র ছাত্রাৱাসলৈ যাবলৈ অমান্তি হয়৷ পিছত আজাৰা আৰক্ষী আৰু বিদ্যালয় কর্তৃপক্ষৰ বুজনিত ছাত্রসকল আৱাসলৈ উভতি যায়৷

You might also like