জাতি–মাটি–ভেটিৰ কোলাহলত বোবা হ’ল ইতিহাস
চৌদিশে কাণ তাল মৰা কোলাহল ঃ জাতি, মাটি, ভেটি, জাতীয়তাবাদ, মুংৰি মুংৰাম, খুন্লুং–খুন্লাই, চাওলুং চ্যুকাফা, নৰনাৰায়ণ, চিলাৰায়, সতী সাধনী, লাচিত, বাঘ হাজৰিকা, মে–ডাম মে–ফি, অসম দিৱস, ৰংপুৰ উৎসৱ, চৰাইদেউ উৎসৱ, তেজপুৰ উৎসৱ, বৰগোহাঁই বংশাৱলী, বুঢ়াগোহাঁই বংশাৱলী, বৰপাত্র গোহাঁই বংশাৱলী, ঐতিহাসিক সম্পদ সংৰক্ষণ, আৰু যে কত কি হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত, তৰুণ গগৈ, ৰকিবুল হুছেইন, সর্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শর্মা,– কাৰ মুখত কিমান শুনিব অসমৰ ঐতিহ্য আৰু গৌৰৱোজ্জ্বল সম্পদ সংৰক্ষণৰ প্রতিশ্রুতি? মোক সোধক মই দেখিছোঁ নহয় সিবোৰৰ অৱস্থা, সিবোৰৰ লোতকত পঢ়িছোঁ সিবোৰৰ শোকগাথা য’লৈকে (‘য’তে’ নহয়) যাওঁ, তাতে বুৰঞ্জীৰ পম খেদি খেদি পিত্পিতাই ফুৰিছোঁ যে ওৰেটো জীৱন সকলোৱে সকলো সংৰক্ষণ কৰিব যোৱা ২৫ ফে’ব্রুৱাৰীত ৰাষ্ট্রৰ গৃহ মন্ত্রী অমিত শাsha)হে কৈ গ’লহি,– হেনো কার্বি আংলঙক (বোধ কৰোঁ, পূব আৰু পশ্চিম দুয়োখন জিলাকে) পাঁচ বছৰৰ ভিতৰত অসমৰ ‘নাম্বা(ৰ্) ৱান্ জিলা’ কৰি তুলিব ভালৰে কথা,– ৰাজ্যৰ আন কোনো জিলাই নিশ্চয় আপত্তি নকৰে৷ মান্যৱৰ–এ আৰু ক’লে বোলে পাঁচ বছৰত অসমকো ভাৰতৰ ‘নাম্বা(ৰ্) ৱান্ ৰাজ্য’ কৰি তোলা হ’ব অর্থাৎ গুজৰাত (‘টX), মহাৰাষ্ট্র, তামিলনাডু, ৰাজস্থান, কর্ণাটক আৰু অন্ধ্র প্রদেশতকৈও উন্নত কোন ‘আচামী’য়ে বেয়া পাব? কিন্তু সিবোৰৰ কি গতি হ’ব?
১৯১৫ চনতে প্রতিষ্ঠিত যোৰহাট সাহিত্য সভাৰ দুদিনীয়া বার্ষিক অধিৱেশনৰ দ্বিতীয় দিনা (২১ ফে’ব্রুৱাৰী)ৰ মুকলি সভাত যোগ দিয়াৰ উদ্দেশ্যে, আগদিনা, ২০ তাৰিখে গুৱাহাটীৰপৰা ৰাওনা হৈছিলোঁ যোৰহাটলৈ বুলি৷ যোৰহাটৰ চাৰিগাঁও আমাৰ আইৰ জন্ম স্থান৷ সেই বুলি, আৰু, স্বর্গদেউসকলৰ শেষ ৰাজধানী বুলি, যোৰহাটলৈ মোৰ টানটো সুকীয়া৷ তাহানিতে প্রতাপ সিংহ (চ্যুচেন্ফা) স্বর্গদেৱে (১৬১১–১৬৪৯) গড়গাঁও নগৰৰ পৰা ৰাজধানী তুলি আনি এহেজাৰ হাতীৰ অধীশ্বৰ হৈ হস্তিনাপুৰ নামে নতুন ৰাজধানী পতাৰ মানসেৰে, (বর্তমান যোৰহাট নগৰৰ চাৰি কিলোমিটাৰমান পূবে) এটা হাতীগড় বন্ধাই নগাপাহাৰ আৰু মৰিয়নিৰ হাবিৰপৰা হাতী খেদাই অনাই গড়ৰ ভিতৰত সুমুওৱাইছিলেহি৷ পিচে, অনেক হাতী মৰি–হাজি শেষ হোৱাত এহেজাৰ হাতী নৰ’লগৈ৷ সেয়ে, স্বর্গদেৱে ৰাজধানী স্থানান্তৰিত কৰি ‘হস্তিনাপুৰ’ স্থাপনৰ আশা ত্যাগ কৰি ঠাইডোখৰৰ নাম থ’লে গজপুৰ৷ পাছে, মোৱামৰীয়া বিদ্রোহত তিষ্ঠিব নোৱাৰি গৌৰীনাথ সিংহ (চ্যুহিৎপংফা) স্বর্গদেৱে (১৭৮০–১৭৯৫) ৰাজমন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঁইৰ পৰামর্শ মতে ৰাজ্যৰ ৰাজধানী, ৰংপুৰৰ পৰা স্থানান্তৰিত কৰিলে গজপুৰৰ কিছু পশ্চিমলৈ৷ ফুকনৰ হাট আৰু মাছৰহাট নামে দুখন (এযোৰ) হাটৰ সূত্রে নতুন ৰাজধানীৰ নাম থোৱা হ’ল যোৰহাট৷
যোৰহাটৰ মালৌ পথাৰ, সোণাৰিগাঁও, চোলাধৰা, ঢ়েকৰগঢ়া, ধেনুচোঁচা, পটিয়াগাঁও, গৰখীয়া দৌল, কমলেশ্বৰ সিংহ আৰু চন্দ্রকান্ত সিংহ স্বর্গদেউৰ মাকে খন্দোৱা বিষ্ণুসাগৰ বা ৰাজমাও পুখুৰী, পুৰন্দৰ সিংহ স্বর্গদেউ আৰু তস্য পুত্র যুৱৰাজ কামেশ্বৰ সিংহৰ যুৰীয়া মৈদাম থকা ‘ৰজামৈদাম’ আদি নামে যোৰহাটত আহোম ৰাজধানীৰ স্বাক্ষৰ বহন কৰে৷ পানী জীৱৰ প্রাণ৷ প্রয়োজনানুসাৰে আৰু সাধ্যানুসাৰে সৰু–ডাঙৰ পুখুৰী খন্দোৱাটো আছিল স্বর্গদেউসকল, ডা–ডাঙৰীয়াসকল আৰু বৰুৱা, ফুকন আদি বিষয়াসকলৰ এক ডাঙৰ কর্ম তথা সংস্কৃতি৷
২১ ফে’ব্রুৱাৰীত মোৰ সভা হৈ গ’ল৷ ২০ আৰু ২১ তাৰিখে থকাৰ পাছত ২২ তাৰিখেও ৰৈ গ’লোঁ যোৰহাটত উদ্দেশ্য,– কিছু পিত্পিতাই ফুৰা৷ মই যোৰহাটলৈ গ’লে ঢ়েকীয়াখোৱা বৰনামঘৰত সেৱা এটা নকৰাকৈ কদাচিতহে ঘূৰি আহোঁ৷ ২২ তাৰিখে পুৱাতে সম্বন্ধীয়া ভাই ৰমেন ফুকনক লৈ ওলালোঁ ঢ়েকীয়াখোৱালৈ বুলি লগতে, পূর্বে দর্শন হৈ নুঠা মইনাপৰীয়া নামঘৰলৈও বুলি৷ আৱর্ত ভৱনৰ পৰা ওলাই ঢ়েকীয়াখোৱালৈ পোনাওঁতে ভোগদৈ দলংখন পাৰ হৈ নাওমান আগ বাঢ়োঁতেই চেউনী আলিৰ উত্তৰ কাষে থকা (? থাকিবগৈনে?) ধেনুচোঁচা পুখুৰীটো চোৱাৰ বৰ মন৷ ল’ৰালিতে আৰু চেমনীয়া কালতো বাছেদি অহা–যোৱা কৰোঁতে ডিঙি মেলি খিৰিকীয়েদি পুখুৰীটো চাইছিলোঁ৷ অঞ্চলটোৰ কোনোবা এখিনিত আমাৰ আইৰ কেইজনমান সম্বন্ধীয়া ককায়েক–ভায়েক অর্থাৎ আমাৰ সম্বন্ধীয়া মোমাইদেউ আছিল৷ এগৰাকী হেনো পাছলৈ ইংলেণ্ডৰ বাসিন্দা হ’ল৷ এবাৰ তালৈ যাওঁতে পুখুৰীটোৰ পাৰত এগৰাকী তিৰোতাই কাঠৰ পাট এচলাত আচাৰি আচাৰি কাপোৰ ধুই থকা দৃশ্য এটা এতিয়াও ৰিণিকি ৰিণিকি মনত পৰে৷
গৌৰীনাথ সিংহ, কমলেশ্বৰ সিংহ, চন্দ্রকান্ত সিংহ আৰু পুৰন্দৰ সিংহ, – নাজানো, ক’ব নোৱাৰোঁ, ক’তো কোনো বুৰঞ্জীতো পোৱা নাই,– এই চাৰিজনা স্বর্গদেউৰ কোনজনাৰ দিনত,– কিন্তু নিশ্চয়কৈ, বাঁহ, কাঠ আৰু বেত চুঁচি ধনু (‘ধেনু’) আৰু কাঁড় তৈয়াৰ কৰা এখেল মানুহ সেই অঞ্চলতে বহুওৱা বা পতা হৈছিল৷ সেয়ে ‘ধেনুচোঁচা’ আৰু ‘ধেনুচোঁচা পুখুৰী’৷ বহু বছৰ হ’ল,– উজনি আৰু নামনিৰ মাজত অহা–যোৱা কৰোঁতে ডিঙি মেলি মেলি চায়ো ধেনুচোঁচা পুখুৰীটো নেদেখা হ’লোঁ ৰাজআলি (ৰাষ্ট্রীয় ঘাইপথ)ৰ কাষতে থকা ৰজাদিনীয়া পুখুৰী এটা ক্রমাৎ ‘নোহোৱা’ হ’ল৷ যেনিয়েই চাওঁ, তেনিয়েই মাথোন ঘৰ, ঘৰ আৰু ঘৰ, অট্টালিকা৷ যোৱা বছৰো এনে সময়তে যোৰহাটত তিনিদিন থাকোঁতে, ধেনুচোঁচাত গাড়ীৰ গতিবেগ কম কৰাই অতি মন্থৰকৈ গৈও পুখুৰীটোৰ একো উমান নাপালোঁ৷ এইবাৰ, সিদিনা ২২ তাৰিখে, মইনাপৰীয়া আৰু ঢ়েকীয়াখোৱালৈ যাওঁতে দৃঢ় প্রতিজ্ঞ ঃ যেনেকৈয়ে হওক, পুখুৰীটো বিচাৰি উলিয়াই চামেই৷ চালকক গাড়ী ৰখাবলৈ কৈ ৰমেনৰ সৈতে গাড়ীৰ পৰা নামি ইফালে–সিফালে আক–তাক সুধি একো ভু–ভটং নাপালোঁ৷ একে ঠাইতে ইফালৰপৰা সিফাললৈ কেইবাবাৰো অহা–যোৱাও কৰিলোঁ৷ শেষত চেউনী আলি মছজিদৰ বিপৰীত (উত্তৰ) দিশে কিছুমান সৰু–ডাঙৰ ঘৰ, দোকান, অনুষ্ঠান–প্রতিষ্ঠান আদিৰ কার্যালয়ৰ মাজৰ ফাঁকেদি, গাঁত যেন লগা সেউজীয়া কিবা এটা দেখা পালোঁ পোতা পুখুৰীবোৰ সাধাৰণতে যেনে দেখা যায়, তেনে৷ এফালে এখন বিদ্যালয়ো আছে, কিন্তু সেইফালেদি যোৱাৰ উপায় নাই৷ পুখুৰীটোৰ পাৰকেইটা অনুমান বা কল্পনা কৰিলোঁ৷ পিচে, লাচিতৰ দেশৰ স্বর্গদেউসকলৰ শেষ ৰাজধানীখনত এতিয়া ‘ধেনু’ চোঁচা যায় কেনেকৈ? এবাৰ ভাবিলোঁ,– দিছপুৰৰে কাৰোবাক সোধা যাওক নেকি? নহ’লেবা ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ কাৰোবাক? নহ’লেবা যোৰহাট জিলা প্রশাসনৰে কাৰোবাক? নহ’লেবা, ‘যায়লাং থাক্লাং, তৰিলে পুখুৰী, মৰিলে নৰক’ বুলি কোনোবা ‘জাতীয় সংগঠন’ক?
এনেদৰে ভাবি–গুণি হোঁহকা–পিছলা কৰি থাকোঁতে, ঘাইপথৰ কাষত থেপা–থেপিকৈ থকা ঘৰবোৰৰ দুটাৰ মাজৰ ফাঁক এটাইদি লুংলুঙীয়া বাট এটা দেখা পালোঁ৷ তাতো কোনোবাই শিকলি এডাল ওলমাই ঐতিহাসিক অধিকাৰ সাব্যস্ত কৰি থৈছে৷ অনেক কায়দা–কচৰৎ (‘বিয়াম’) কৰি বেঙা মেলি মেলি গৈ, ‘সেউজকৰণ আঁচনি’ৰ অন্তর্গত, দিৱ্য উপবন যেন পুণীখণ্ডৰ ‘পশ্চিম পাৰ’ বুলিব পৰা ভূমিখণ্ডত, পিছলি নপৰিবলৈ, খোপনি পুতি ৰ’লোঁগৈ৷ দৃশ্যমান হ’ল পুণী, ঘাঁহ, পানীমেটেকা, গছ–বন, জাবৰ–জোঁথৰ আৰু প্লাস্তিকেৰে নদন–বদন এক পুষ্কৰ৷ যি ঠাইত থিয় হ’লোঁ তাতে,– পুখুৰীৰ পাৰটোত নহয়, পুখুৰীটোৰ ওপৰতে,– কংক্রীটৰ এখন বেৰা৷ এটে’ন্শ্ন্ আছাম গৱর্ন্মে’ণ্ঢ্ ঃ তাতেই এটা পানী তোলা কল (পাম্পিং মেশিন্) বহুৱাই পুণী আদি কৰি জলজ উদ্ভিদৰ তলৰ পৰা, ‘বাঁকে পোতা’ যেন ৰজাদিনীয়া পুখুৰীটোৰপৰা ঘ্–ৰ্–ৰ্–ৰ্–ঘ্–ৰ্–ৰ্–ফিছ্–ফ কৰি পানী তুলি নির্মাণ কৰি (‘বনাই’) থকা হৈছে এফেৰি অট্টালিকা৷ এনেদৰেই, ৰাজ্যৰ চৌদিশে কিমান যে অমূল্য ঐতিহাসিক সম্পদ ‘ইয়াত এটা পুখুৰী আছিল’, ‘ইয়াত এটা গড় আছিল’, ‘ইয়াত এটা মৈদাম আছিল’ কৰি পেলোৱা হ’ল আছেনে কোনোবা শুনোতা? আছেনে কোনোবা সংশ্লিষ্ট? ইয্ দেয়া(ৰ্) এনিবডি দেয়া(ৰ্)? কি কাটি আছে?
স্বয়ং যোৰহাট চহৰৰ ভিতৰতে কটকী পুখুৰী, বৰগোহাঁই পুখুৰী, কুঁৱৰী পুখুৰী, বঙাল পুখুৰী, মিঠা পুখুৰী আদি আৰু চহৰৰ কিছু পূবে বাদুলি পুখুৰীৰ দুৰৱস্থা দেখিলে চকু সেমেকি উঠে৷ সংৰক্ষণ আৰু সৌন্দর্য বর্ধন আঁচনি বুলি লিখা ফলক একোখন আঁৰি চাৰি কাষ ঘেৰি লোহা বা কাঁইটীয়া তাঁৰৰ বেৰা একোখন দি থ’লেই ঐতিহাসিক সম্পদ আৰু ঐতিহ্য সংৰক্ষণ নহয়৷ তাহানিৰেপৰা, প্রফুল্ল চন্দ্র বৰুৱা, বিজয় কৃষ্ণ সন্দিকৈ, দুলাল বৰুৱা, তৰুণ গগৈ, ৰাণা গোস্বামী, হিতেন্দ্র নাথ গোস্বামী আদিগণে কি কৰিলে বাৰু?
ধেনুচোঁচা এৰি বাট পোনালোঁ মইনাপৰীয়া নামঘৰ আৰু ঢ়েকীয়াখোৱা বৰনামঘৰলৈ৷ উভতি আহি আৱর্ত ভৱন পাওঁতে দুই বাজি (‘দুটা বাজি’ নহয়) গ’ল৷ ‘পাছবেলা’লৈ মণিৰাম দেৱানৰ সমাধি, তথাকথিত ‘ক্রিমেইশ্ন্ গ্রাউণ্ড্’ (শৱদাহ থলী?)লৈ যোৱাৰ কথা৷ সেই মতে, বিয়লি ৩.২০ বজাত ৰমেন ওলালহি৷