নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৫% আসনত বিজেপি–অগপৰ সহমত, আজি দিল্লীত মোহৰ মাৰিব নাড্ডা–অমিত শ্বাহে

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  আসন ভাগ–বাটোৱাৰাক লৈ অগপ–বিজেপিৰ মাজত চলি থকা জটিলতা ক্রমাৎ হ্রাস পাইছে৷ উভয় দলে আসন বুজাবুজিৰ সন্দর্ভত ৯৫ শতাংশ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে৷ মঙলবাৰে এই কথা স্পষ্ট কৰিলে ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে কয়– আসনক লৈ দুয়ো দলৰ মাজত যি ইছ্যুৰ সৃষ্টি হৈছিল, তাৰ ৯৫ শতাংশ সমাধান হৈছে আৰু অগপৰ সৈতে মর্যাদাপূর্ণ মনোভাবেৰে আসন বুজাবুজি হ’ব৷ উল্লেখ্য যে নির্বাচনক লৈ অগপ–বিজেপিৰ মাজত আনুষ্ঠানিকভাৱে কালি এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰা, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত দুয়ো দলে চূড়ান্ত সিদ্ধান্তলৈ অহাত সক্ষম হোৱা নাছিল যদিও আজি মন্ত্রী ড০ শর্মাৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পিছতেই সমষ্টিৰ সালসলনিক লৈ উভয় দলে এক সিদ্ধান্তত আহিবলৈ সক্ষম হয়৷ সেই অনুসৰি নির্বাচনত অগপ আৰু বিজেপিয়ে কোন কোন সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব, সেই সন্দর্ভত এক খচৰা তালিকাও প্রস্তুত কৰা হয়৷ কালি সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত অগপ–বিজেপিৰ বৈঠকৰ পিছত নিশা পুনৰ অগপ নেতৃত্বই পুনৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে এক বৈঠকত বহে৷

মঙলবাৰে আজি পুনৰ মন্ত্রী অতুল বৰাৰ বাসগৃহত মন্ত্রী ড০ শর্মাৰ উপস্থিতিত আন এক বৈঠক অনুষ্ঠিত হয়৷ ইফালে, বৈঠকৰ অন্তত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘কালি নিশা আৰু আজি অনুষ্ঠিত বৈঠকৰ পিছত উভয় দলে ৯৫ শতাংশ ঐকমত্যত আহিবলৈ সক্ষম হৈছে৷ কাইলৈ দিল্লীত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অগপৰ সৈতে চূড়ান্ত হ’ব আসন ভাগ–বাটোৱাৰা৷ ইতিমধ্যে প্রথমখন বৈঠকত অগপ–বিজেপিয়ে কিধৰণে নির্বাচন অৱতীর্ণ হ’ব, তাৰ পুংখানুপুংখ বিশ্লেষণ কৰা হৈছে৷ আজি পুনৰ মই অগপৰ সৈতে অনানুষ্ঠানিক বার্তালাপ কৰোঁ৷’ আনহাতে নিশাৰ ভাগত অগপৰ সৈতে আন এক বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকতে অৱশিষ্ট সমস্যাসমূহৰো সমাধান উলিওৱা হ’ব৷ এই আলোচনাৰ পিছত কাইলৈ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু অমিত শ্বাহৰ সৈতে অগপৰ নেতৃত্বই বৈঠকত বহি আসন বুজাবুজি চূড়ান্ত কৰিব৷

ইফালে, বিজেপিয়ে আঞ্চলিক দলটোৰ দখলত থকা আসন হ্রাস কৰিব বুলি যি চর্চা চলিছে, তাক নাকচ কৰি মন্ত্রীগৰাকীয়ে কয়– কোনো কাৰণতে অগপৰ সমষ্টি হ্রাস কৰা নহয়৷ ২০১৬ চনত অগপই ২৪খন আসনত প্রতিদ্বন্দ্বিতা কৰিছিল৷ এইবাৰো ২৪খন আসনতকৈ এখনো আসন হ্রাস নহয়৷ কিন্তু আসনৰ সালসলনি ঘটিব৷ অগপই নতুন নতুন সমষ্টিতহে প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব৷ পূর্বে অগপই যিবোৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা নাছিল, সেই সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি আগুৱাই যাব পাৰিব৷ অগপৰ লগত সম্পূর্ণ মর্যাদাসহকাৰে আসন বুজাবুজি সম্পন্ন হ’ব৷ উল্লেখ্য যে বিজেপিয়ে এইবাৰ অগপৰ দখলত থকা ৮টাকৈ সমষ্টিত দলৰ নিজা প্রার্থী প্রক্ষেপৰ বাবে আঞ্চলিক দলটোৰ ওচৰত প্রস্তাৱ দাঙি ধৰিছে৷ ইয়াৰ বিপৰীতে অগপক বিজেপিৰ দখলত থকা আন কেইবাখনো আসন এৰি দিয়াৰ প্রস্তাৱ দিয়া হৈছে৷ বিজেপিৰ এই প্রস্তাৱক লৈ অগপৰ নেতৃত্বৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে দখলত থকা আসন এৰি নিদিয়াৰো এক সিদ্ধান্ত গ্রহণ কৰিছিল আঞ্চলিক দলটোৱে৷ কিন্তু কালি মন্ত্রী ড০ শর্মাৰ সৈতে দুখনকৈ বৈঠকত বহাৰ পিছত ক্রমাৎ সিদ্ধান্ত সলনি কৰাৰ বাবে ৰাজি হৈছে অগপৰ নেতৃত্ব৷

 এই প্রসংগত মন্ত্রী ড০ শর্মাই কয়–অগপই নিজৰ দখলত থকা আসনৰ লগতে দলৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে অধিক আসন বিচাৰিব পাৰে৷ সেয়া তেওঁলোকৰ গণতান্ত্রিক দাবী৷ অগপই কমলপুৰ, জালুকবাৰী আৰু মাজুলী সমষ্টিও বিচাৰিব পাৰে৷ একেদৰে বিজেপিয়েও কলিয়াবৰ আৰু বোকাখাত সমষ্টি বিচাৰিব পাৰে৷ এনেবোৰ দাবী থাকিব৷ এৰা–ধৰাৰ মাজেৰেহে বিষয়বোৰ সমাধান হ’ব৷ অগপই যে দখলত থকা সমষ্টিয়েই পাব তেনে নহয়৷ এনেবোৰ দাবী নাথাকিলে বহুজাতিক প্রতিষ্ঠানৰ দৰে এখন মেইল প্রেৰণৰ জৰিয়তেই বিষয়টো সমাধান হ’লহেঁতেন৷ কিন্তু বিজেপিয়ে মিত্রদল অগপক লগত লৈ আগুৱাই যোৱাৰ বাবে যি সংকল্প লৈছে, তাৰ আধাৰতে মর্যাদাসহকাৰে অগপৰ সৈতে আসন বুজাবুজি হৈ যাব৷ লক্ষণীয়ভাৱে মন্ত্রী ড০ শর্মাৰ সৈতে হোৱা বৈঠকৰ অন্তত অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই সমগ্র বিষয়টো সন্দর্ভত কয়– অগপই ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ যি প্রস্তাৱ দিছিল, সেই প্রস্তাৱ অনুসৰি আলোচনা চলি আছে৷ আমাৰ দখলত যিবোৰ সমষ্টি আছে, সেই সমষ্টিবোৰ অগপৰ ওচৰত ৰখাৰ বাবেও চেষ্টা চলাই থকা হৈছে৷ ইফালে, অগপ–বিজেপিৰ আসন বুজাবুজিক লৈ অনুষ্ঠিত বৈঠকৰ মাজতে আজি ৰাজ্যিক বিজেপিৰ নির্বাচনী কমিটীৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকতে দলৰ দখলত থকা ৬০টা সমষ্টিৰ ওপৰত দলীয় কার্যকর্তাসকলে চলোৱা সমীক্ষাৰ প্রতিবেদন বন্ধ খামৰ জৰিয়তে সভাপতি ৰঞ্জিত দাসক প্রদান কৰা হয়৷ উল্লেখ্য যে দলীয় কার্যকর্তাৰ প্রতিবেদন কাইলৈ দিল্লীলৈ প্রেৰণ কৰা হ’ব৷ আনহাতে আজিৰ বৈঠকত নিজৰ দখলত থকা সমষ্টিৰ লগতে কংগ্রেছৰ দখলত থকা উজনিৰ ৭টা সমষ্টি দখলৰ পৰিকল্পনা সন্দর্ভতো বিস্তৃত আলোচনা হয়৷

You might also like