নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন সমষ্টিত কোন প্ৰাৰ্থী? প্ৰায় চূড়ান্ত হোৱা কংগ্ৰেছৰ ২১ সমষ্টিৰ ২১ প্ৰাৰ্থীৰ নাম

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি অৱশেষত কংগ্ৰেছ দলে ২১ টা সমষ্টিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰিছে। দলটোৱে চামগুৰিৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে। হুছেইনে পঞ্চমবাৰৰ বাবে এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

আনহাতে মৰিয়নিত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত প্ৰাৰ্থী ৰূপে থিয় দিব বিধায়ক ৰূপজ্যোতি কুৰ্মী। সূত্ৰ অনুসৰি, সৰুপথাৰৰ বিধায়ক ৰোজলিনা তিৰ্কীয়ে একেটা সমষ্টিৰ বাবে পুনৰ দলৰ টিকট পাব। খুমটাই সমষ্টিৰ বাবে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গোহাঁইৰ টিকট চূড়ান্ত কৰা হৈছে।

ইয়াৰ লগতে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও দলৰ টিকট পাব। অন্যান্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে— আমগুৰিত অংকিতা দত্ত, নাজিৰাত দেৱব্ৰত শইকীয়া, মাহমৰাত সুৰুজ দিহিঙীয়া, থাওৰাত সুশান্ত বৰগোহাঁই, বিহপুৰীয়াত ভূপেন বৰা, লখিমপুৰত জয়প্ৰকাশ দাস, ঢকুৱাখনাত ভৰত নৰহ, মৰাণত প্ৰাঞ্জল ঘাটোৱাৰ, লাহোৱালত পৃথিৱী মাঝি, দুলীয়াজানত ধ্ৰুৱজ্যোতি গগৈ, টিংখঙত এটোৱা মুণ্ডা, নাহৰকটীয়াত প্ৰণতি ফুকন, চাবুৱাত ৰাজু চাহু, মাজুলীত ৰাজীৱলোচন পেগু, ডুমডুমাত দুৰ্গা ভূমিজ আৰু ডিগবৈত গৌতম ধানোৱাৰ।

You might also like