নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচনক লৈ বিজেপি–মিত্রজোঁটে প্রচাৰ অভিযান তীব্র কৰি তোলাৰ সময়তে উজনিত এক বৃহৎ ৰেলীত ভাগ ল’বলৈ পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মিত্রজোঁটৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে অহা ২০ মার্চত প্রধানমন্ত্রীগৰাকীয়ে চাবুৱাত এক বৃহৎ ৰেলীত অংশ ল’ব৷ প্রধানমন্ত্রী মোদীৰ আগমনক কেন্দ্র কৰি ইতিমধ্যে উজনিত তৎপৰ হৈ পৰিছে বিজেপি আৰু অগপ নেতৃত্ব৷ ৰাজ্যিক বিজেপিৰ সূত্র অনুসৰি উজনি অসমৰ প্রায় প্রতি সমষ্টিৰ পৰা ১০ হাজাৰ লোকে এই ৰেলীত অংশগ্রহণ কৰিব৷
অসমৰ নির্বাচনৰ বুৰঞ্জীত ইয়াক এক ঐতিহাসিক ৰেলী ৰূপে পৰিগণিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে গ্রহণ কৰিছে এলানি বিশেষ পদক্ষেপ৷ মন কৰিবলগীয়া যে প্রথম পর্যায়ত ৪৭টা সমষ্টিত হ’ব লগা নির্বাচনত শাসকীয় দলটোৱে অধিকসংখ্যক আসন দখলৰ বাবে আৰম্ভ কৰিছে বিভিন্ন কুচকাৱাজ৷ বিশেষকৈ কংগ্রেছৰ দখলত থকা ডুমডুমা, মৰিয়নি, নাজিৰা, সৰুপথাৰ, নাওবৈচা, তিতাবৰ দখলৰ বাবে এইবাৰ বিশেষ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে৷ এই লক্ষ্য ফলৱতী কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উজনিত প্রথমখন বৃহৎ নির্বাচনী ৰেলীত অংশ ল’ব৷ নির্বাচনৰ দিন ঘোষণা হোৱাৰ পূর্বেই প্রধানমন্ত্রী মোদীয়ে শিৱসাগৰ, ঢ়েকীয়াজুলি আৰু চিলাপথাৰত তিনিখনকৈ বৃহৎ ৰেলীৰে নির্বাচনী ৰণডংকা বজাইছিল৷