বিধানসভা নির্বাচনক লৈ বিজেপিৰ অভিযান কি পর্যায়ত? ১০০+ লক্ষ্যত উপনীত হ’ব পাৰিবনে? মহাজোঁটে কেনেধৰণৰ প্রত্যাহ্বান সৃষ্টি কৰিছে?
ঃ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ দৰে এইবাৰো বিজেপি আৰু মিত্রজোঁটে পূর্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিবলৈ সক্ষম হ’ব৷ নির্বাচনলৈ আমি সম্পূর্ণৰূপে সাজু৷ ইতিমধ্যে দলৰ শীর্ষ নেতৃত্বই প্রচাৰ অভিযান আৰম্ভ কৰিছে, তৃণমূল পর্যায়ত আমাৰ কার্যকর্তাসকলে প্রতিগৰাকী ভোটাৰৰ ওচৰত থিয় হৈছে৷ গতিকে এইবাৰ নির্বাচনত বিজেপি আৰু মিত্রদলক ৰাইজে আঁকোৱালি ল’ব৷ ১০+ আসন দখলৰ যি লক্ষ্য আমি বান্ধি লৈছোঁ, আমাৰ ৰামধেনুসদৃশ মিত্রতাই এই লক্ষ্যত উপনীত কৰাব৷ বিজেপি, অগপ, ইউপিপিএল আৰু ৰাভা হাছং যৌথ মঞ্চ– এই চাৰিটা দলৰ মাজত শেহতীয়াকৈ সম্পূর্ণ হোৱা আসন বুজাবুজিৰ পিছত আমাৰ গতি অপ্রতিৰোধ্য হৈ পৰিছে৷ বিৰোধীক প্রতিটো সমষ্টিত নস্যাৎ কৰাৰ বাবে সকলো ধৰণৰ ৰাজনীতি প্রস্তুত কৰিছে৷ ২০১৬ চনত বিজেপি আৰু মিত্রজোঁটে ৮৭ আসন লাভ কৰিছিল৷ এইবাৰ এই সংখ্যা অতিক্রম কৰি ১০০+লৈ ঊর্ধ্বমুখী হ’ব৷ আমাৰ মূল লক্ষ্য হৈছে– সুৰক্ষিত অসম, বিকশিত অসম৷ চাওলুং চুকাফা, শ্রীমন্ত শংকৰদেৱ, বীৰ লাচিত, চিলাৰায়ে অসমত যিখন সমাজৰ কল্পনা কৰিছিল, সেই অসম তথা সেই সমাজ প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে এইবাৰ বিজেপিয়ে নির্বাচনী ইছ্যু প্রস্তুত কৰিছে৷ সেয়ে আমি সুৰক্ষিত অসমৰ কথা কৈছোঁ, বিকশিত অসমৰ কথা কৈছোঁ৷ এই নির্বাচন হ’ব আমাৰ নিশ্চিহ্ণ কৰিবলৈ খোজা সভ্যতা–সংস্কৃতি সুৰক্ষিত কৰা৷ আমি এইকাৰণে এই নির্বাচন সভ্যতাৰ যুঁজ বুলি নামাংকিত কৰিছোঁ৷ সভ্যতাৰ যুঁজ কোনো সাম্প্রদায়িক শব্দ নহয়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যি সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিছিল, অর্থাৎ আমাৰ যি আছিল, তাক উদ্ধাৰৰ বাবে এই নির্বাচন৷ আমাৰ নির্বাচনৰ মূল ইছ্যু হ’ল সুৰক্ষা, সভ্যতা আৰু বিকাশ৷ এই তিনিটা লক্ষ্যত উপনীত হ’বলৈ আমি ইতিমধ্যে সাজু আৰু অসমৰ ৰাইজেও সুৰক্ষিত–বিকশিত অসমৰ বাবে বিজেপিক পূর্বৰ দৰেই আদৰি ল’ব৷
বিজেপি মিত্রজোঁটৰ বিপৰীতে কংগ্রেছে গঠন কৰা মহাজোঁটে এইবাৰ বহু সমষ্টিত আপোনালোকৰ বাবে প্রত্যাহ্বান সৃষ্টি কৰিছে৷ এই মহাজোঁটক প্রতিৰোধ কৰাৰ বাবে পৰিকল্পনা কি? ২০১৬ চনৰ দৰে এইবাৰো বিজেপি অপ্রতিৰোধ্য হৈ থাকিবনে?
ঃ চাওক, এই নির্বাচনত বিজেপিয়ে দুটা দিশ দাঙি ধৰিছে৷ সেয়া হ’ল ৬০ বছৰৰ কংগ্রেছৰ অসম আৰু ৬০ মাহৰ বিজেপিৰ অসম৷ মুখ্যতঃ এই দুটা দিশেই হ’ল নির্বাচনৰ মূল ইছ্যু৷ যোৱা ৬০ বছৰত কংগ্রেছে যি কৰিব নোৱাৰিলে, সেয়া বিজেপিয়ে ৬০ মাহত কৰি দেখুৱালে৷ আপুনি কোৱাৰ দৰে কংগ্রেছৰ মহাজোঁট বিজেপি আৰু মিত্রদলৰ বাবে প্রত্যাহ্বান নহয়৷ প্রথম পর্যায় আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত এই মহাজোঁটৰ কোনো অস্তিত্বই নাথাকিব৷ বিগত নির্বাচনত বিজেপিয়ে যিসমূহ আসন লাভ কৰিছিল, সেয়া আমাৰ দখলত থকাটো নিশ্চিত৷ ইয়াৰ উপৰি বিজেপি মিত্রজোঁটে এইবাৰ কংগ্রেছ তথা মহাজোঁটৰ দখলত থকা ৮টাকৈ সমষ্টি কাঢ়ি আনিবলৈ সক্ষম হ’ব৷ আমাৰ প্রার্থীক ১০০ শতাংশই জয়ী কৰাবলৈ সকলো প্রচেষ্টা চলিব৷ প্রথম পর্যায়ৰ লগতে দ্বিতীয় পর্যায়তো আমাৰ লক্ষ্য একেই হ’ব৷ এটা কথা আপোনাক স্পষ্ট কৰোঁ, কংগ্রেছৰ মহাজোঁটক স্বাভিমানী ভাৰতীয়, স্বাভিমানী অসমীয়াই কোনো কাৰণতে গ্রহণ নকৰে৷ অসমৰ ৰাইজ আজমলৰ ভৰিৰ তলত কেতিয়াও নাথাকে৷ কংগ্রেছে এআইইউডিএফৰ সৈতে মিত্রতা কৰি স্বাভিমানী অসমীয়াক আঘাত হানিছে৷ ইয়াৰ প্রত্যুত্তৰ নির্বাচনত লাভ কৰিব৷ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই প্রতিষ্ঠা কৰি যোৱা অসমীয়া সমাজক কংগ্রেছে এই মিত্রতাৰ জৰিয়তে ভেঙুচালি কৰিছে৷ ইয়াৰ বিপৰীতে অসমৰ সুৰক্ষা আৰু সভ্যতাক জীয়াই ৰখাৰ বাবে বিজেপিয়ে প্রতিশ্রুতি প্রদানেই নহয়, পদক্ষেপো গ্রহণ কৰিছে৷ গতিকে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ উত্তৰ এইবাৰ নির্বাচনত ৰাইজে দিব৷ বিজেপিক বিৰোধিতাৰ নামত কংগ্রেছ–এআইইউডিএফৰ্ লগতে বাঁওদল, অজাপ, ৰাইজৰ দল আজি একলগ হৈছে৷ এওঁলোকৰ আন কোনো উদ্দেশ্য নাই৷ লক্ষ্য কেৱল ক্ষমতা দখল কৰা৷ বিজেপিক বিৰোধিতাৰ নামত এই দলসমূহে আনকি অসমৰ সভ্যতা–সংস্কৃতিক ধূলিসাৎ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ এই বিষয়বোৰ ৰাইজে সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিছে৷
নির্বাচনত আসন বুজাবুজিৰ ক্ষেত্রত বিজেপিত ইতিমধ্যে বিদ্রোহ আৰম্ভ হৈছে৷ একাংশ নেতাই দল এৰি কংগ্রেছতো যোগ দিছে৷ মিত্রদল অগপতো একেই ধৰণে অসন্তুষ্টি আৰু বিদ্রোহে দেখা দিছে৷ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হোৱা এনে অসন্তুষ্টি দূৰ কৰাৰ ক্ষেত্রত আপোনালোকে কি ব্যৱস্থা লৈছে? নির্বাচনত ইয়াৰ প্রভাৱ নপৰিবনে?
ঃ চাওক, আসন বুজাবুজিক লৈ কিছু এৰা–ধৰা হ’বই৷ বিজেপিয়ে হওক বা অগপই হওক, ত্যাগৰ মনোভাবেৰে এই বিষয়বোৰ সমাধান নকৰিলে নির্বাচনত ভোট বিভাজন হ’ব৷ মুখ্যতঃ ভোট বিভাজন ৰোধ কৰাৰ বাবে তথা কংগ্রেছ বা এআইইউডিএফক প্রতিৰোধ কৰাৰ দিশবোৰ পর্যবেক্ষণ কৰি আসনৰ ভাগ–বাটোৱাৰা হৈছে৷ নিশ্চিতভাৱে এই ক্ষেত্রত কিছু অসন্তুষ্টি বিৰাজ কৰাটো স্বাভাৱিক৷ কিন্তু জয়ৰ সম্ভাৱনা থকা ব্যক্তিকহে আমি এইবাৰ প্রার্থিত্ব প্রদান কৰিছোঁ৷ আপুনি আমাৰ প্রার্থী তালিকালৈ লক্ষ্য কৰিলে দেখিব– ইয়াত ন–পুৰণি কার্যকর্তাৰ সমাহাৰ হৈছে৷ একমাত্র পুৰণি প্রার্থীৰে টিকট কর্তন হোৱা নাই৷ নতুনকৈ প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হোৱা কেইবাজনো কার্যকর্তাৰ প্রার্থিত্ব কর্তন হৈছে৷ প্রথম পর্যায়ত এনেধৰণৰ অসন্তুষ্টি থাকিব যদিও চৰকাৰ গঠন হ’লে এইবোৰ নিজে নিজে প্রশমিত হ’ব৷ আপুনি কোৱাৰ দৰে এনেধৰণৰ অসন্তুষ্টিয়ে কেতিয়াও নির্বাচনত প্রভাৱ বিস্তাৰ কৰিব নোৱাৰে৷ কিয়নো বিজেপিৰ কার্যকর্তাসকলে দলকহে আগস্থান দিয়ে, প্রার্থীগৰাকীক নহয়৷ দল সদায় প্রথম, প্রার্থী তাৰ পিছত৷ সমষ্টিত দলক জয়যুক্ত কৰাহে মূল লক্ষ্য কার্যকর্তাসকলৰ৷ যদি কোনো প্রার্থিত্বৰ পৰা বঞ্চিত নেতাই অসন্তুষ্টি দেখুৱাইছে, তাৰ প্রভাৱ কার্যকর্তাৰ ওপৰত নপৰে৷ আপোনাক নিশ্চিতভাৱে কৈ থওঁ– আমি প্রার্থীৰহে টিকট কর্তন কৰিছোঁ, সমষ্টি আমাৰ দখলতেই থাকিব৷ যিসকলে প্রার্থিত্ব নাপাই আন দলত যোগ দিছে, তেওঁলোকৰ উদ্দেশ্য যে ক্ষমতাকেন্দ্রিক, সেয়া স্পষ্ট হৈছে৷ যিসকল প্রার্থিত্বৰ পৰা বঞ্চিত হৈছে, চৰকাৰ গঠনৰ পিছত এইসকলৰো সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব৷
আপুনি উল্লেখ কৰিলে যে এইবাৰ নির্বাচনৰ ইছ্যু হ’ব সভ্যতাৰ যুঁজ৷ এয়া নির্দিষ্ট এটা সম্প্রদায়ক লক্ষ্য কৰি বিজেপিয়ে ভোট মেৰুকৰণৰ চেষ্টা চলাইছে নেকি? সভ্যতাৰ যুঁজ শব্দটো সাম্প্রদায়িক বুলিও চর্চা চলিছে৷ কি কয় আপুনি?
ঃ ভোট মেৰুকৰণৰ লক্ষ্য বিজেপিৰ নহয়৷ কংগ্রেছ–এআইইউডিএফে যি মিত্রতা কৰিছে, তাৰ জৰিয়তেহে ভোট মেৰুকৰণৰ লক্ষ্য বান্ধি লৈছে দল দুটাই৷ আমাক সাম্প্রদায়িক বুলি সমালোচনা কৰা কংগ্রেছে এআইইউডিএফৰ সৈতে মিত্রতা কৰি স্পষ্ট কৰি দিছে যে কংগ্রেছে সাম্প্রদায়িক শক্তিৰ সৈতে হাত মিলাইছে৷ নিশ্চিতভাৱে এইবাৰ নির্বাচনৰ মূল ইছ্যু হ’ব সভ্যতাৰ যুঁজ৷ এয়া আমাৰ সংগ্রাম নহয়৷ এই সংগ্রামখন স্বাভিমানী অসমীয়াক সুৰক্ষা দিয়াৰ সংগ্রাম৷ আমাৰ ঐতিহ্য–কৃষ্টি ৰক্ষাৰ সংগ্রাম এই নির্বাচন৷ কংগ্রেছ–এআইইউডিএফ মহাজোঁটৰ লক্ষ্য হ’ল ক্ষমতা দখল৷ ইয়াৰ বাবে তেওঁলোকে ভোট মেৰুকৰণৰ লক্ষ্য বান্ধি লৈছে৷ এই মহাজোঁটক পৰোক্ষভাৱে সমর্থন দিয়া অজাপ, ৰাইজৰ দল আৰু বাঁওদলেই বদৰুদ্দিন আজমলক মুখ্যমন্ত্রীৰ আসনত বহুওৱাৰ পথ প্রশস্ত কৰি দিছে৷ যি কংগ্রেছক এসময়ত গোপীনাথ বৰদলৈৰ দৰে নেতাই নেতৃত্ব দিছিল, সেই কংগ্রেছ এতিয়া আজমলৰ ভৰিৰ তলত৷ এয়া কোনো সৎ কংগ্রেছী নেতাই সহ্য নকৰে৷ আপুনি দেখিব, সেইবাবেই বহু সমষ্টিত কংগ্রেছৰ ভোট বিজেপিয়ে লাভ কৰিব৷ আৰু এটা কথা স্পষ্ট কৰি থওঁ যে সভ্যতাৰ যুঁজ কোনো কাৰণতে সাম্প্রদায়িক হ’ব নোৱাৰে৷ আমি আমাৰ সভ্যতাক বহিৰাগতৰ পৰা ৰক্ষা কৰাৰ সংগ্রামত নামিছোঁ৷ এয়া কোনো সাম্প্রদায়িক শব্দ নহয়৷ এই সভ্যতাৰ যুঁজত আমি অসমৰ জাতি–জনগোষ্ঠী, সকলো সম্প্রদায়ৰ লোকক লগত লৈছোঁ৷ আমাৰ উদ্দেশ্য হ’ল– মহাপুৰুষ দুজনাই যি সমলেৰে আমাৰ অসমীয়া জাতি গঠন কৰিছিল, সমাজ গঠন কৰিছিল সেই সমাজখনক পূর্বৰ দৰে প্রতিষ্ঠা কৰি যোৱা৷ ২০১৬ চন আমাৰ বাবে আছিল শৰাইঘাটৰ যুঁজ৷ সেই যুঁজখনেই এইবাৰ সভ্যতাৰ যুঁজলৈ লৈ আহিছোঁ৷ সভ্যতা–সংস্কৃতি সুৰক্ষিত কৰিলেহে আমাৰ এই যুঁজখনৰ পৰিসমাপ্তি হ’ব৷ গতিকে সভ্যতাৰ যুঁজ হ’ল স্বাভিমানী ভাৰতীয়, খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ যুঁজ৷
বিজেপিয়ে এইবাৰ অকলশৰে কিমানখন আসন লাভ কৰিব? ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এগজিট প’লত বিজেপিয়ে প্রায় ৪৪ শতাংশ ভোট লাভ কৰিব বুলি স্পষ্ট কৰি দিছে৷ আপোনাৰ পর্যবেক্ষণে কি কয়?
ঃ ২০১৪ চনৰ পৰা ক্রমাগতভাৱে বিজেপিয়ে প্রতিটো নির্বাচনতে জয়লাভ কৰিছে৷ ২০১৬ চনত বিধানসভা নির্বাচনত জয়লাভ কৰাৰ পিছত বিজেপিয়ে প্রতিখন স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত জয়লাভ কৰিছে৷ ২০১৯ চনত লোকসভা নির্বাচনত বিজেপিয়ে ৬৪ লাখ ৫৫ হাজাৰৰো অধিক ভোট লাভ কৰিছে৷ আমি বিধানসভাৰ ৬৯টা সমষ্টিত প্রথম স্থান লাভ কৰিছোঁ৷ আমাৰ ভোটাৰ আছে ১.৯৮ কোটি৷ ইয়াৰে আমাৰ কার্যকর্তা ৪২ লাখ৷ হিতাধিকাৰী আছে ১.১৯ কোটি৷ ৰাজ্যখনৰ এইবাৰ মুঠ ভোটদাতা প্রায় ২.২৯ কোটি৷ ইয়াৰে ১ কোটি ভোট বিজেপিয়ে লাভ কৰিব৷ এই ভোট লাভ কৰিলে অকলশৰে বিজেপিয়ে ৪০ শতাংশৰো অধিক ভোট লাভ কৰিব৷ ইতিমধ্যে এগজিট প’লে আমাক ৭৮খন আসন দিছে৷ আমাৰ বিশ্বাস– নির্বাচনত আমি এই আসন ১০+লৈ বৃদ্ধি কৰিব পাৰিম৷