নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটানগৰৰ আঞ্চলিক আয়ুর্বেদিক গৱেষণা প্রতিষ্ঠানত ৮ পদ

ভাৰত চৰকাৰৰ আয়ুস মন্ত্রালয়ৰ অধীনস্থCentral Council for Research in Ayurvedic Sciencesৰ দ্বাৰা পৰিচালিত এখন আগশাৰীৰ গৱেষণা প্রতিষ্ঠান অৰুণাচল প্রদেশৰ ইটানগৰস্থিত আঞ্চলিক আয়ুর্বেদিক গৱেষণা প্রতিষ্ঠান(Regional Ayurveda Research Institute, Itanagar)ত খালী হৈছে ৮ পদ৷

বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি,Senior Research Fellow-Ayurvedaৰ ৬টা পদNorth East Health Care Programৰ অধীনত অৰুণাচল প্রদেশৰ ভিন্ন ঠাইত পূৰণ কৰা হ’ব৷ প্রকল্পৰ সময়সীমা এবছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩৫,০০০ টকা৷ আনহাতে,Senior Research Fellow-Ayurvedaৰ ১টা পদItanagarৰRARIৰ “Clinical evaluation of Vajra Kshar in the management of Aamarjirna-A randomized parallel group study” প্রকল্পৰ অধীনত পূৰণ কৰা হ’ব৷ প্রকল্পৰ সময়সীমা ৮ মাহ৷ দৰমহাৰ নিৰিখ মাহে ৩৫,০০০ টকা৷ শেষত,Program Assistant-Ayurvedaৰ ১টা পদItanagarৰRARIৰ “Pharmacovigilance Program of ASU&H drugs:- Peripheral Pharmacovigilance Center” প্রকল্পৰ  অধীনত পূৰণ কৰা হ’ব৷ প্রকল্পৰ সময়সীমা ১ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷

প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰাB.A.M.S.ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রত উচ্চ শিক্ষিত, সংশ্লিষ্ট খণ্ডত গৱেষণাৰ অভিজ্ঞতা থকাৰ লগতেMinistry of Ayush, ICMAR, CSIR, DST Computer Applicationৰ নাইবা ইয়াৰ সমপর্যায়ৰ প্রতিষ্ঠানত অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷Computer Applicationৰ জ্ঞান থকাটো বাঞ্ছনীয়৷Scientific Documents/Official/Technical ৰিপ’টDrafting & Editing কৰাত দক্ষতা থকাটো প্রয়োজনীয়৷ সাক্ষাৎকাৰ ২৩ মার্চ, ২০২১ তাৰিখে পুৱা ৯.৩০–১০.৩০ বজালৈ অনুষ্ঠিত হ’ব৷

সাক্ষাৎকাৰৰ স্থানRegional Ayurveda Research Institute, Itanagar, Mithun Gate, Arunachal Pradesh-791111৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি আবেদন পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://ccras.nic.in/content/regional-ayurveda-research-institute-itanagar লগ–ইন কৰিব পাৰে৷

You might also like