বাইডেনৰ নিৰাপত্তা কর্মীক কামোৰঃ হোৱাইট হাউছত স্থান হেৰুৱালে ‘ফার্ষ্ট ডগ’ মেজৰ–চেম্পে
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু ফার্ষ্ট লেডী জিলে কম দিনৰ ভিতৰতে হোৱাইট হাউছৰ পৰা বিদায় দিলে মেজৰ আৰু চেম্পক৷ মেজৰ আৰু চেম্প হৈছে বাইডেন দম্পতীৰ অতি মৰমৰ পোহনীয়া জার্মান ছেফার্ড কুকুৰ৷ কেইদিনমান পূর্বে তিনিবছৰীয়া মেজৰে এগৰাকী নিৰাপত্তাৰক্ষীক কামোৰাৰ পিছতে দুয়োটা কুকুৰকে হোৱাইট হাউছৰ পৰা বাইডেন দম্পতীয়ে ডেলাৱাৰেৰ উইলমিংটনস্থিত পাৰিবাৰিক বাসগৃহলৈ ওভতাই পঠিওৱাৰ সিদ্ধান্ত লৈছে৷
মার্কিন সংবাদ মাধ্যমত বিষয়টোৱে লাভ কৰিছে বিশেষ চর্চা৷ তিনি বছৰীয়া মেজৰৰ উপৰি ১৩ বছৰীয়া চেম্প দীর্ঘদিন ধৰি বাইডেনৰ পত্নী জিলৰ ছাঁৰ দৰে লগতে আছিল৷ কিন্তু হোৱাইট হাউছত নিৰাপত্তাৰক্ষীক সহজভাৱে গ্রহণ কৰা নাই দুয়োটা কুকুৰে৷ গতিকে হোৱাইট হাউছত ‘ফার্ষ্ট ডগ’ হিচাপে স্থান লাভ কৰা মেজৰ আৰু চেম্প পুনৰ উভতি যাবলগীয়া হৈছে উইলমিংটনলৈ৷