সাগৰত যেনেকৈ ঢৌ আহে, এইবাৰ বামতো আহিব ঢৌঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মাৰাথন প্ৰচাৰ অভিযান চলাইছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি কমলপুৰত বাইক ৰেলীত অংশ লয় মন্ত্ৰীগৰাকীয়ে।
ইপিনে বাইকৰেলীৰ পূৰ্বে বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰৰ বাবে এক সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে। নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কমলপুৰ সমষ্টিক অগপই বিজেপি দলক এৰি দিয়াৰ বাবে কেশৱ মহন্ত আৰু অতুল বৰাক ধন্যবাদ জনায় মন্ত্ৰী ড০ শৰ্মাই। লগতে এই সভাতে অগপই যিসমূহ সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে, সেই সমষ্টিসমূহত বিজেপি তথা মিত্ৰজোঁটৰ দলে সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি মন্ত্ৰী ড০ শৰ্মাই ৰাইজক সেৱা জনায় কয়, “আমাৰ দল জয়ী হোৱা মানে প্ৰত্যেকজন কাৰ্যকৰ্তা বিজয় হ’ব। ২০১৬ ৰ পৰা ২১ লৈ এয়া কেৱল ট্ৰেইলৰ হে, আচল চিনেমা এতিয়া আৰম্ভ হ’ব। কাৰণ তেতিয়াৰ আমাৰ মন্ত্ৰীসকল অভিজ্ঞ নাছিল। এতিয়া সকলো একো একোজন তেণ্ডুলকাৰ হৈ আছে। গতিকে কমলপুৰত বিজেপি চৰকাৰ হ’ব আৰু বিকাশৰ গংগা কমলপুৰলৈকে নামি আহিব।”