ৰঙিয়াৰ নিৰ্বাচনীৰণত বিজেপিৰ বিৰুদ্ধে শক্তি শালি ৰূপত এজেপি-চিপিআই(এম)
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫৮ নং ৰঙিয়া বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজলৈ ককালত টঙালি বান্ধিছে বিজেপি,এজেপি আৰু চিপিআই(এম)ৰ প্ৰাৰ্থীয়ে।সমষ্ঠিটোত বিজেপি দলে দ্বিতীয় বাৰৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে মন্ত্ৰী ভৱেশ কলিতাক।ইয়াৰ বিপৰীতে কংগ্ৰেছ মহাজোটে চিপিআই(এম)ৰ ডাঃ ভগবান দেৱ মিশ্ৰক আৰু অসম জাতীয় পৰিষদে অসম লোক সেৱা আয়োগৰ প্ৰাক্তন বিষয়া ডাঃ বাবুল চহৰীয়াক প্ৰাৰ্থীত্ব আগবঢ়াইছে।ইতিমধ্যে বিজেপিৰ দখলত থকা সমষ্ঠিতো আজুৰি আনিবলৈ উঠিপৰি লাগিছে মহাজোট আৰু এজেপিয়ে।জানিব পৰা মতে মহাজোটত কংগ্ৰেছ,চিপিআই(এম) আৰু বিপিএফকে ধৰি কবাটাও দল আছে।সেইমৰ্মে সমষ্ঠিতোত বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু বিপিএফে নিজাববীয়া প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও আসন্ন নিৰ্বাচনত মহাজোটৰ বাবে সমষ্ঠিতো কংগ্ৰেছ আৰু বিপিএফ দলে চিপিআই(এম)ক সমষ্টিতো এৰিদিবলগীয়া হয়।ফলত কংগ্ৰেছ আৰু বিপিএফ দল দুটাৰ ভিতৰ চ’ৰাত তীব্ৰ বিসম্বাদে গা কৰি উঠা বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।
ইতিমধ্য সমষ্টিতোৰ বৃহত সংখ্যক কংগ্ৰেছ কৰ্মীয়ে মুকলিভাৱে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ এজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰা ডাঃ বাবুল চহৰীয়াৰ সমৰ্থনত নামি পৰা পৰিলক্ষীত হৈছে।ফলত মহাজোটৰ প্ৰাৰ্থী ভগবান দেৱ মিশ্ৰৰ নিৰ্বাচনী অংকত আউল লগা বুলি ভোটাৰ ৰাইজৰ মাজত চৰ্চা চলিছে।আনহাতে বিজেপি দলৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা ভবেশ কলিতাৰ জয়ৰ পথো সুগম হৈ থকা নাই।কলিতাই মন্ত্ৰীত্ব লাভ কৰাৰ পিছতো বিগত পাঁচ বছৰত কোনো বিশেষ উন্নয়ণ কৰিব নোৱাৰ অভিযোগ সমষ্টিতোৰ ভোটাৰ ৰাইজৰ মাজত চৰ্চা চলিছে।সমষ্টিতোৰ গোৰেশ্বৰৰ ভোটাৰ ৰাইজৰ মুখে মুখে চৰ্চিত অভিযোগটোৱেই হ’ল স্বাস্থ্য সেৱাৰ।
উল্লেখ্য যে বিগত নিৰ্বাচনৰ সময়ত গোৰেশ্বৰবাসী ৰাইজক বিশেষকৈ স্বাস্থ্য সেৱাৰ উন্নতি সাধনৰ প্ৰতিশ্ৰুতিদি নিৰ্বাচনত জয়ী হৈ অসম চৰকাৰৰ মন্ত্ৰীত্ব লাভ কৰিও গোৰেশ্বৰবাসী ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে।ফলত গোৰেশ্বৰবাসীয়ে চিকিৎসা সেৱাৰ বাবে যমৰ যান্ত্ৰনা ভূগিব লগীয়া হৈছে।উল্লেখ্য যে গোৰেশ্বৰত থকা ত্ৰিশখন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় আৰু এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে যদিও দুয়োখন চিকিৎসালয়তে নাই উপযুক্ত চিকিৎসা সেৱা।আনকি চিকিৎসালয় দুখনত নিশা নাথাকে কোনো চিকিৎসক।চিকিৎসকসকলে গুৱাহাটী অথবা নিজ গৃহৰ পৰা অহা-যোৱা কৰিহে চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে অনিয়মীয়া উপস্থিতি।তাৰোপৰি মন্ত্ৰীত্বকালত অসমৰ ভিতৰত দ্বিতীয় বৃহত্তম স্বেচ্ছাসেৱী অনুষ্ঠান বেতনা শিক্ষা আৰু কৃষি উন্নয়ণ সংঘৰ কলাগুৰু বিষ্ণু ৰাভা ভৱনটো মেৰামতিৰ বাবে অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ পৰা ৫৫ লাখ টকা আৱণ্টন দিয়ে যদিও মন্ত্ৰী গৰাকীৰ আশিষধন্য ঠিকাদাৰ জনৈক আগৰৱালা নামৰ বিতৰ্কিত ঠিকাদাৰৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে নিৰ্মাণৰ অনুমোদন দিয়ে যদিও প্ৰাককলনমতে নিৰ্মাণকাৰ্য নকৰি অসম্পুৰ্ণ অৱস্থাতে নিৰ্বাচনী বিধি বলবৎ হোৱাৰ লগে লগে ৰঙা ফিটা কাটি স্থানীয় যুৱকৰ জৰিয়তে মুকলি কৰা বুলি জানিব পৰা গৈছে।
যাৰ বাবে গোৰেশ্বৰবাসী ভোটাৰ ৰাইজে বিকল্প প্ৰাৰ্থীৰ সন্ধানত নামি পৰা বুলি ৰাজনৈতি মহলত চৰ্চা চলিছে।যদিহে প্ৰকৃতাৰ্থত সেয়াই হয় তেতিয়াহলে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাতো নিশ্চিত হৈ পৰিছে।ইফালে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডাঃ বাবুলচহৰীয়াৰ উত্থান দিনক দিনে বৃদ্ধি পাই আহিবলৈ ধৰিছে।যাৰ বাবে চিপিআই(এম)ৰ ডাঃ ভগবান দেৱ মিশ্ৰ আৰু এজেপিৰ ডাঃ বাবুল চহৰীয়াৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতাক।অৱশ্যে দ্বিতীয় পৰ্যায়ৰ ভোটদান পৰ্বইহে নিৰ্ণয় কৰিব প্ৰাৰ্থীকেইগৰাকীৰ ভাগ্য।