অসম জাতীয় পৰিষদ শূন্য হ’ল বোকাখাত সমষ্টি
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ অসম জাতীয় পৰিষদত ব্যাপক খহনীয়া।এক প্ৰকাৰ অসম জাতীয় পৰিষদ শূন্য হ’ল বোকাখাত সমষ্টি। অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক দীপক হাজৰিকাই গোলাঘাট জিলাৰ বহু কেইগৰাকী বিয়াগোম নেতা-পালিনেতাসহ যোগদান কৰিলে অসম গণ পৰিষদত।অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অসম জাতীয় পৰিষদ নেতা কেইজনে আনুষ্ঠানিক ভাৱে যোগদান কৰে।
অসম জাতীয় পৰিষদ কোনো গণ ভিত্তি নাই, আৱেগ অনুভূতিক কোনো গুৰুত্ব প্ৰদান নকৰে যাৰ পৰিপেক্ষিতত অগপ ত যোগদান কৰিছে বুলি জানিবলৈ দিয়ে পদত্যাগী নেতাকেইজনে।
আনহাতে অতুল বৰা আৰু কেশৱ মহন্তই তেওঁলোকক দল লৈ স্বাগতম জনাই ই মিত্ৰ শক্তিৰ ভেটি অধিক সৱল কৰিব বুলি জানিব দিয়ে।কংগ্ৰেছ আৰু AIUDF য়ে জন্ম দিয়া এনে দল বিলাক নিঃশেষ এনেদৰেই হব বুলি অতুল বৰাই জানিবলৈ দিয়ে।