নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ

জংঘললৈ প্ৰত্যাৱৰ্তন কৰা বাথাৰ নেতৃত্বত বিটিএডিত 'ডাবল টাইগাৰ' নামৰ নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়াৰ সন্দেহ অসম আৰক্ষীৰ।  

নিয়মীয়া বাৰ্তা ১০ মাৰ্চ: ৰাজ্যত বিধানসভাৰ নিৰ্বাচনী তৎপৰতা চলি থকা সময়তে চিৰাং জিলাত আজি পুনৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ হৈছে। জিলা খনৰ চিৰাং সংৰক্ষিত বনাঞ্চলত অসম আৰক্ষীয়ে এই মাৰণাস্ত্ৰ আৰু গুলী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় সভাকক্ষত এক সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান(Spl.DG)তথা বিটিএডিৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহানিৰ্দেশক(IGP ic) এল আৰ বিষ্ণয়ে। বিয়লি অনুষ্ঠিত সংবাদ মেল খনত আৰক্ষী বিষয়া জনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে গোপন সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত কালি নিশাৰ ভাগত জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং ওদালগুৰি গাঁৱৰ পশ্চিম দিশত অস্ত্ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল।  চিৰাং সংৰক্ষিত বনাঞ্চলৰ অতব্য হাবিত চলোৱা অভিযানৰ ফলশ্ৰুতিতে গাঁতখান্দি পুতি ৰখা অৱস্থাত মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী সমূহ উদ্ধাৰ কৰে। চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা চিদলী চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্ম, ৰুণিখাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জিলা বিশেষ শাখাৰ কৰ্মচাৰীৰে গঠিত ২০ জনীয়া এটি অভিযানকাৰী দলে মেটেল ডিটেক্টৰৰ ব্যৱহাৰ কৰি চলোৱা অভিযানে আজি পুৱা প্ৰায় ৬ বজাত সফলতা অৰ্জন কৰে।

আজিৰ অভিযানত এ কে -৫৬ ৰাইফল এটা, এ কে চিৰিজৰ মেগজিন ১টা, মেগজিন সহ নাইন এম এম পিষ্টল এটা, ৭.৬৫ এম এম পিষ্টল দুটা,নাইন এম এম মেগজিন ২টা , এ কে ছিৰিজৰ সক্ৰিয় গুলী ৯০ জাঁই ,  নাইন এম এম পিষ্টলৰ সক্ৰিয় গুলী ৫ জাঁই আৰু ৭.৬৫ এম এমৰ ৩ জাঁই সক্ৰিয় গুলী পলিথিনত মেৰিয়াই দুটা টোপোলা কৰি গাঁতত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে বুলি আৰক্ষী বিষয়া এল আৰ বিষ্ণয়ে প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী সমূহ প্ৰদৰ্শন কৰায়। সংবাদ কৰ্মীৰ প্ৰশ্নৰ উত্তৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া জনে বি টি আৰ চুক্তি স্বাক্ষৰ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ পাছত অতি শেহতীয়াকৈ বিটিএডিৰ ৰাজনৈতিক ক্ষেত্ৰখনত হোৱা পট পৰিৱৰ্তনৰ ফলত জংঘললৈ প্ৰত্যাৱৰ্তন কৰা দুৰ্ধৰ্ষ এনডিএফবি নেতা বাথাৰ নেতৃত্বত প্ৰায় কুৰি জনীয়া এটা গোটে পুনৰ সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰাৰ পৰিকল্পনা হাতত লৈছে। উক্ত গোটৰ সদস্য সকলৰ প্ৰতিজনৰ  হাততে এটা বা ততোধিক মাৰণাস্ত্ৰ থকাতো নিশ্চিত বুলি আৰক্ষী বিষয়া বিষ্ণয়ে প্ৰকাশ কৰিছে। ইণ্ডো-ভূটান সীমান্তৱৰ্তী গভীৰ অৰণ্যত আত্মগোপণ কৰি থকা এই গোটৰ সদস্য সকলক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু শীঘ্ৰে সফলতা লাভ কৰিব বুলি দৃঢ় মত প্ৰকাশ কৰে।

সংবাদ কৰ্মীৰ আন এক প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়া জনে বাথাৰ নেতৃত্বত আত্মাগোপন কৰা কুৰি জনীয়া উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ মাজত প্ৰাক্তন এনডিএফবি, প্ৰাক্তন বি এল টি আৰু কেইজনমান অভাৰ গ্ৰাউণ্ড সদস্য আছে বুলি জানিবলৈ দিয়ে। আৰক্ষী বিষয়া জনে লগতে কয় যে নতুনকৈ জন্ম দিয়াৰ পৰিকল্পনা কৰা উগ্ৰপন্থী সংগঠনটোৰ নাম সম্পৰ্কে নিশ্চিত তথ্য লাভ কৰা নাই যদিও এক অসমৰ্থিত সূত্ৰে ‘ডাবল টাইগাৰ’ নামৰে আত্ম প্ৰকাশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমানলৈ ধন দাবী,অপহৰণ, ভয়-ভাবুকি প্ৰদান  আদিৰ সম্পৰ্কে কোনো তথ্য পোহৰলৈ অহা নাই যদিও দুদিনমান পূৰ্বে এটা পেট্ৰ’ল পাম্পত ধন দাবী কৰাৰ অপৰাধত দুজন ব্যক্তিক আটক কৰা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে এইবুলি কয় যে বাথা হওঁক বা আন কোনোবা উগ্ৰপন্থী সংগঠনৰ সদস্য হওঁক, সকলোৰে বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব। নিৰ্বাচনী সুৰক্ষা ব্যৱস্থা  আৰু উগ্ৰপন্থী দমন অভিযান পৃথকে পৃথকে অব্যাহত ৰাখিছে বুলিও সংবাদ মেলত আৰক্ষী বিষয়া এল আৰ বিষ্ণয়ে মন্তব্য প্ৰকাশ কৰে। কোনো ধৰণৰ উগ্ৰপন্থী কাৰ্যকলাপৰ নাইবা ধন দাবী, ভয়-ভাবুকি প্ৰদান আদিৰ সম্পৰ্কে কোনো তথ্য থাকিলে পোনে পোনে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁ সকলো পক্ষকে আহ্বান জনাইছে। আজিৰ সংবাদ মেলত শীৰ্ষ বিষয়া জনৰ লগতে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি,উপ আৰক্ষী অধীক্ষক(সদৰ) প্ৰতাপ দাস উপস্থিত থাকে। ।

You might also like