নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ মহাজোঁটৰ অন্যতম অংশীদাৰ দল বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ গুৰুত্ব বাঢ়িছে কংগ্রেছত৷ ২০০৬ চনলৈ হাগ্রামাৰ অক্সিজেন লৈ চৰকাৰ চলোৱা কংগ্রেছে এইবাৰ হাগ্রামাৰ শৰণাপন্ন হৈ নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বিচাৰিছে৷ তাৰ বাবেই কংগ্রেছে বিটিচিৰ অধীনস্থ ১২টা সমষ্টি বি পি এফে বিচৰা ধৰণে তেওঁলোকক গতোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আজি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত হাগ্রামা মহিলাৰীৰ সৈতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ আসন্ন বিধানসভা নির্বাচনৰ ৰণনীতি যুগুতোৱাৰ লগতে কংগ্রেছে বি পি এফক বিটিচিৰ অধীনস্থ ১২টা সমষ্টি এৰি দিয়াৰ বিনিময়ত হাগ্রামা মহিলাৰীয়ে কংগ্রেছক কেনেধৰণে সহায় কৰিব, সেই বিষয়ে খৰচি মাৰি আলোচনা কৰে৷ বৈঠকৰ অন্তত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নির্বাচনৰ ৰণকৌশল প্রস্তুতৰ বাবে হাগ্রামা মহিলাৰীৰ সৈতে তেওঁ আৰু জিতেন্দ্র সিং আজি আলোচনাত মিলিত হয়৷ বিটিচিৰ অধীনস্থ ১২টা সমষ্টি বি পি এফে পূর্বৰে পৰাই দাবী কৰি আহিছে৷
ইয়াৰে কেইটামান সমষ্টি কংগ্রেছে দাবী কৰিছে যদিও য’ত বিজয়ৰ সম্ভাৱনা নাই, তাত আসন লৈ লাভ নহ’ব বুলি উল্লেখ কৰি কার্যতঃ বি পি এফে বিচৰা ধৰণে বিটিচিৰ ১২টা সমষ্টি তেওঁলোকক গতোৱাৰ ইংগিত দিয়ে৷ বৰাৰ মতে, বিজেপিক উৎখাত কৰি চৰকাৰ গঠনৰ স্বার্থত কিছু ত্যাগ কৰিব লাগিব৷ সেইদৰে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে সংবাদ মাধ্যমৰ আগত হাগ্রামা মহিলাৰীৰ সৈতে হোৱা বৈঠকখন সৌহার্দ্যপূর্ণ বুলি উল্লেখ কৰি কয় যে বি পি এফে অনাগত দিনত বিটিচিকে ধৰি স্থানীয় নির্বাচনসমূহত কংগ্রেছক অগ্রাধিকাৰ দিয়াৰ কথা কৈছে৷ ইয়াৰ বিনিময়ত তেওঁলোকে বিটিচিৰ অধীনস্থ ১২টা সমষ্টি বিচাৰিছে৷ আজিৰ বৈঠকতে কংগ্রেছে হাগ্রামা মহিলাৰীক বিটিচিৰ বাহিৰত উজনি অসম, মধ্য অসম, উত্তৰ অসমৰ লগতে চৰ অঞ্চলতো প্রচাৰকার্য চলোৱাৰ বাবে আহ্বান জনায়৷ মহিলাৰীয়েও কংগ্রেছৰ এই প্রস্তাৱত সন্মতি প্রকাশ কৰে৷ বৈঠকখনত হাগ্রামা মহিলাৰীৰ সৈতে বি পি এফৰ জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীও উপস্থিত থাকে৷ ইপিনে বি পি এফৰ এক সূত্রৰ পৰা জানিব পৰা মতে, বিটিচিৰ বাহিৰত হাগ্রামা মহিলাৰীয়ে কমেও ১৮টা সমষ্টিত কংগ্রেছকে ধৰি মহাজোঁটৰ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ প্রথম পর্যায়ৰ নির্বাচনত ঢ়েকীয়াজুলি, বৰছলা, ৰঙাপৰা, গহপুৰ, চতিয়া, বিহপুৰীয়া, ধেমাজি, জোনাই, গোলাঘাট, সৰুপথাৰ আদি সমষ্টিলৈ প্রচাৰকার্য চলাবলৈ যাব৷