নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কংগ্ৰেছৰ TICKET! বিস্ফোৰক অভিযোগ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দে’ৰ

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ  আজি পদত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে এক সংবাদ মেলযোগে এই কথা ঘোষণা কৰে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে এই সংবাদ মেলযোগে কেইবাটাও বিস্ফোৰক অভিযোগ তোলে।

এপিচিচিৰ সভাপতি ৰিপুণ বৰালৈ পদত্যাগ পত্র প্রেৰণ দে’ৰ। অৰ্ধেন্দু দে’ই কয় যে যিসকল উপযুক্ত প্ৰাৰ্থী তেওঁলোকক টিকটৰ পৰা বঞ্চিত কৰিলে। এনে কিছুমান প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে, যাৰ কোনো জিকাৰ সম্ভাৱনা নাই।

উজনি অসমত পৃথ্বি মাঝী, কল্যাণ গগৈক ডিব্ৰুগড়ত আৰু, নগাওঁৰ পৰা ড০ দুৰ্লভ চমুৱাক টিকট দিয়া নাই, টংক বাহাদুৰ ৰায়কো টিকট নিদিলে। তেওঁলোকে কংগ্ৰেছৰ বেয়া দিনত দলটোত আছিল। আনহাতে শৰৎ বৰকটকীৰ পুত্ৰকো টিকটৰ পৰা বঞ্চিত কৰিলে, যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছিল।

অৰ্ধেন্দু দে’ই কয় যে টকা-পইচাৰ বিনিময়ত টিকট দিয়া হৈছে সেইটো এতিয়া সকলোৰে মুখে মুখে। টিকট দিয়া হোৱা নাই টিকট বিক্ৰীহে কৰা হৈছে। এতিয়া দলটোত উপযুক্ত প্ৰাৰ্থী নালাগে টকা পইচা থকা প্ৰাৰ্থীহে লাগে তেতিয়াহে টিকট পায়।

লগতে কংগ্ৰেছ দলটোৱে কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ কৰা নাই, যি হাৰত বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিছে। লগতে অৰ্ধেন্দু দে’ই উল্লেখ কৰে যে ইডিএফতকৈ কম আসন পাব কংগ্ৰেছে। কংগ্ৰেছৰ এতিয়া শ্মশান যাত্ৰা আৰম্ভ হৈছে।

You might also like