শ্রীৰামপুৰত মাত্র এটা নিশাতে সংগ্রহ ১.৫০ কোটি টকাৰ গুণ্ডাকৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ৰাজ্যত নির্বাচনী অধিসূচনা বলৱৎ হৈ থকাৰ পৰিপ্রেক্ষিতত চৰকাৰ অচল হৈ পৰিছে৷ ইয়াৰে পূর্ণ সুযোগ লৈছে ছিণ্ডিকেট বাহিনীয়ে৷ বৰাকৰ পৰা ব্রহ্মপুত্র উপত্যকালৈ, উজনিৰ পৰা নামনিলৈ সর্বত্র ছিণ্ডিকেট চক্রৰ দপ্দপনি অব্যাহত আছে৷ কয়লা, চুপাৰি, পাণ–তামোলৰ পৰা আৰম্ভ কৰি মুর্গী–গাহৰি সকলোৰে পৰা গুণ্ডাকৰ সংগ্রহ কৰি আছে অসম আৰক্ষীৰ আশীর্বাদপুষ্ট ছিণ্ডিকেট বাহিনীয়ে৷
ৰাজ্যত চলি থকা অবৈধ ছিণ্ডিকেটৰ আটাইতকৈ জ্বলন্ত উদাহৰণ হৈ পৰিছে কোকৰাঝাৰৰ শ্রীৰামপুৰ গেট৷ য’ত ছিণ্ডিকেট চক্রই বিভিন্ন সামগ্রী পৰিবাহী ট্রাকৰ পৰা এনিশাত সংগ্রহ কৰি আছে ডেৰ কোটিৰো অধিক টকা৷ এই ধন কাহিলি পুৱাতে আৰক্ষী, বিটিচিৰ নির্দিষ্ট পাৰিষদ আৰু ছিণ্ডিকেট চক্রৰ মাজত ভাগ–বাটোৱাৰা হয়৷
দিনকদিনে ছিণ্ডিকেটৰ পৰিসৰ বৃদ্ধি হৈ অহাৰ পৰিপ্রেক্ষিতত পৰহি নিশা শ্রীৰামপুৰত উত্তেজনাপূর্ণ পৰিস্থিতিৰো সৃষ্টি হয়৷ নিশাৰ ভাগত বি টি এ ডিৰ উচ্চপদস্থ বিষয়া শ্রীৰামপুৰ আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ কিন্তু ছিণ্ডিকেটৰ লগত জড়িত আৰক্ষী বা মাফিয়া কাৰোৰে বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷
যাৰ বাবে আজিৰে পৰা পুনৰ শ্রীৰামপুৰত অনুৰূপ ছিণ্ডিকেট আৰম্ভ কৰিবলৈ সাজু হৈছে মাফিয়া বাহিনী৷ প্রাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰ জিলাৰ শ্রীৰামপুৰত দীর্ঘদিন ধৰি এক বিয়াগোম ছিণ্ডিকেট চলাই আহিছে আৰক্ষীৰ আশিসধন্য দুজন দাগী মাফিয়াই৷ হাফিজুল ইছলাম আৰু গ’ল্ডেন বসুমতাৰী নামৰ লোক দুজনে শ্রীৰামপুৰৰ সমীপৱর্তী শিমুলতাপুত প্রতিনিশাই সংগ্রহ কৰে কোটি কোটি টকাৰ গুণ্ডাকৰ৷
তেওঁলোকৰ ছিণ্ডিকেটত প্রতিখন চুপাৰিভর্তি ট্রাকে ৩৫ হাজাৰ টকাকৈ, প্রতিখন কয়লাভর্তি ট্রাকে ৩০ হাজাৰকৈ আৰু ব্রইলাৰ–গাহৰিভর্তি ট্রাকে ১৫ হাজাৰ টকাকৈ আদায় দিব লাগে৷ এইদৰে মঙলবাৰে নিশা অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই যোৱা প্রায় ৪৫০খন কয়লাভর্তি ট্রাকৰ পৰাই হাফিজুল–গ’ল্ডেন বাহিনীয়ে আদায় কৰিলে প্রায় ১.৩৫ কোটি টকা৷
সেই দিনা ৬০খনকৈ বার্মিজ চুপাৰিভর্তি ট্রাকো শ্রীৰামপুৰ হৈ বহিঃৰাজ্যলৈ ৰাওনা হৈছিল৷ উক্ত ট্রাকসমূহৰ পৰা ৩৫ হাজাৰকৈ মুঠ ২১ লাখ টকা ছিণ্ডিকেট বাহিনীয়ে সংগ্রহ কৰে৷ কয়লা আৰু চুপাৰিভর্তি ট্রাকসমূহ অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱাৰ বিপৰীতে বাহিৰৰ পৰা অসমলৈ আহে ব্রইলাৰ আৰু গাহৰিভর্তি ট্রাক৷ এই ট্রাকসমূহে শিমুলতাপুত চলি থকা ছিণ্ডিকেটত ১৫ হাজাৰকৈ অবৈধ কৰ দিব লাগে৷
ধন দিয়াৰ পাছতহে গাহৰি আৰু ব্রইলাৰ পৰিবাহী ট্রাকক অসমত প্রৱেশ কৰিবলৈ দিয়া হয়৷ কেৱল মঙলবাৰৰ নিশাই ২০খন মুর্গী–গাহৰিভর্তি ট্রাক শ্রীৰামপুৰ হৈ ৰাজ্যত প্রৱেশ কৰিছে৷ তাৰ পৰাও হাফিজুল ইছলাম আৰু গ’ল্ডেন বসুমতাৰীয়ে আদায় কৰে প্রায় ৩ লাখ টকা৷ অর্থাৎ মঙলবাৰে শ্রীৰামপুৰৰ ছিণ্ডিকেটত প্রায় ১.৬০ কোটি টকাৰ গুণ্ডাকৰ সংগ্রহ কৰা হয়৷
পৰহি নিশাও মাফিয়াৰ দলে শ্রীৰামপুৰত উৎপাত চলোৱাত উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি হয়৷ লক্ষণীয়ভাৱে উচ্চপদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈও ছিণ্ডিকেট বাহিনীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ পৰা বিৰত থাকে৷
জানিব পৰা মতে, বিগত কেইবামাহো ধৰি শ্রীৰামপুৰত হাফিজুল ইছলাম আৰু গ’ল্ডেন বসুমতাৰীয়ে এই ছিণ্ডিকেট চলাই আহিছে৷ হাফিজুল ইছলামক ইয়াৰ পূর্বে গৰু ছিণ্ডিকেটত জড়িত থকাৰ অপৰাধত ধুবুৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷
আনহাতে, গ’ল্ডেন বসুমতাৰী হ’ল ইউ পি পি এল দলৰ লগত জড়িত৷ তেওঁলোকক আঁৰৰ পৰা বিজেপিত নতুনকৈ যোগদান কৰা কংগ্রেছী পাৰিষদ সজল সিনহাই সহযোগ কৰাৰ অভিযোগ উঠিছে৷ সমগ্র ছিণ্ডিকেটটোৰ পৃষ্ঠপোষকৰ ভূমিকা পালন কৰিছে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ে৷ এই সমগ্র তথ্য ফাদিল হোৱাৰ পাছত আৰক্ষী সঞ্চালকপ্রধানে কি ব্যৱস্থা লয়, সেয়া লক্ষণীয় হ’ব৷