প্রদ্যুৎ–গৌৰৱে বিপদ মাতিছে কংগ্রেছলৈ, নির্বিকাৰ ৰিপুণ–দেৱব্রত
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ৰাজ্যৰ বিধানসভা নির্বাচনত দলীয় টিকটক লৈ কংগ্রেছত ইতিমধ্যে মহাবিদ্রোহৰ সূচনা হৈছে৷ ইয়াৰ লগতে মহাজোঁটৰ অংশীদাৰ দলক আসন এৰি দিয়াৰ ফলত বহুতেই সমষ্টি হেৰুৱাবলগীয়াত পৰিছে৷ তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪০টা সমষ্টিৰ
প্রার্থী তালিকা এতিয়াও প্রকাশ পোৱা নাই৷
কিন্তু প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশৰ পাছতেই কংগ্রেছৰ অভ্যন্তৰত বিদ্রোহৰ ধুমুহা বলিছে৷ উল্লেখ্য যে এইবাৰ নির্বাচনত মহাজোঁটৰ অংশীদাৰ দলৰে আসন বুজাবুজি তথা দলীয় প্রার্থী বাছনিৰ ক্ষেত্রত সাংসদ গৌৰৱ গগৈ আৰু প্রদ্যুৎ বৰদলৈয়ে গুৰুত্বপূর্ণ ভূমিকা লোৱা পৰিলক্ষিত হৈছে৷ সাংসদ গগৈ আৰু বৰদলৈৰ প্রত্যক্ষ হস্তক্ষেপতেই সমষ্টি এৰা–ধৰা আৰু দলীয় প্রার্থী বাছনি কৰা হৈছে বুলি দলৰ নেতা–কর্মীসকলেই প্রকাশ কৰিছে৷
ইয়াৰ বাবেই সমষ্টিয়ে সমষ্টিয়ে প্রার্থিত্বক লৈ হোৱা বিদ্রোহত ক্ষুব্ধ কংগ্রেছীসকলৰ বাবে প্রধান টার্গেট হৈ পৰিছে গৌৰৱ গগৈ আৰু প্রদ্যুৎ বৰদলৈ৷ ইয়াৰ বিপৰীতে এইবাৰ টিকট দিয়াৰ ক্ষেত্রত যেন সাক্ষী গোপাল হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া৷
প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীত সভাপতি বৰা আৰু কংগ্রেছ বিধায়িনী দলৰ নেতা শইকীয়া আছে যদিও তেওঁলোকে যি বলিষ্ঠ ভূমিকা পালন কৰিব লাগিছিল, সেয়া পালন কৰিব নোৱাৰা বুলি দলৰ বিভিন্নজন নেতাই ইতিমধ্যে মুকলিভাৱে অসন্তুষ্টি ব্যক্ত কৰিছে৷ শিৱসাগৰ সমষ্টিত এইবাৰ প্রার্থিত্বৰ সবল দাবীদাৰ হোৱা সত্ত্বেও শেষ মুহূর্তত টিকটৰ পৰা বঞ্চিত হোৱা প্রদেশ কংগ্রেছৰ সদ্যপদত্যাগী সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে মুকলিভাৱে এইবাৰ দলীয় টিকট দিয়াৰ ক্ষেত্রত গৌৰৱ গগৈ আৰু প্রদ্যুৎ বৰদলৈয়ে প্রধান ভূমিকা লোৱাৰ অভিযোগ কৰি কয় যে গৌৰৱ গগৈয়ে ল’ৰাৰজাৰ দৰেই বিভিন্নজনৰ অংগক্ষত কৰিছে৷
প্রদ্যুৎ বৰদলৈ বাহিৰত দেখুওৱা মানুহজনৰ দৰে প্রকৃততে নহয়৷ ইয়াৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা হৈছে মেৰুদণ্ডহীন৷ কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া নিমাতী কইনা৷ সভাপতি বৰা আৰু বিধায়িনী দলৰ নেতা শইকীয়াৰ তেনে ভূমিকাৰ সুযোগ লৈয়ে সমগ্র প্রার্থী বাছনি প্রক্রিয়াটোত গৌৰৱ গগৈ আৰু প্রদ্যুৎ বৰদলৈয়ে নিজৰ কর্তৃত্ব খটুৱায় বুলি তেওঁ কয়৷
তদুপৰি এইবাৰ প্রার্থী বাছনিত দলটোত ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ কৰি কল্যাণ গগৈয়ে কয় যে এ আই চি চিৰ ৪গৰাকী সম্পাদকে টকাৰ বিনিময়ত দলীয় টিকট প্রদান কৰিছে৷ কংগ্রেছ নেতা কল্যাণ গগৈৰ দৰে প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ও এইবাৰ টকাৰ বিনিময়ত কংগ্রেছৰ টিকট দিয়া হৈছে বুলি অভিযোগ কৰাৰ লগতে সাংসদ প্রদ্যুৎ বৰদলৈৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে৷
নগাঁও সদৰ সমষ্টিৰ প্রার্থী বাছনিৰ ক্ষেত্রতো প্রদ্যুৎ বৰদলৈৰ ভূমিকাক সমষ্টিটোৰ কংগ্রেছীসকলে সমালোচনা কৰাৰ লগতে ৰকিবুল হুছেইনৰ লবীকেন্দ্রিক ৰাজনীতিয়ে অথন্তৰ লগাইছে বুলি প্রকাশ্যে মন্তব্য কৰে৷ প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ বাবেই সমষ্টিটোৰ সম্ভাৱনাপূর্ণ প্রার্থী ডাঃ দুর্লভ চমুৱাক এইবাৰ দলীয় টিকট দিয়া নহ’ল৷
মন কৰিবলগীয়া যে দলত চলা এনে লবী ৰাজনীতিৰ বাবেই প্রাক্তন মন্ত্রী পৃথিৱী মাঝি–টংক বাহাদুৰ ৰাই–নুৰজামাল সৰকাৰ–ডাঃ অর্ধেন্দু কুমাৰ দে’–গৌতম বৰা–খৰছিং ইংতি–গিৰীন্দ্র মল্লিক–প্রাক্তন বিধায়ক মণিলাল গোৱালা–ডাঃ দুর্লভ চমুৱা– জোনজোনালী বৰুৱা–এনামুল হক–ৰুণ ফুকন–জ্যেষ্ঠ নেতা শৰৎ বৰকটকীৰ পুত্র অনুজ বৰকটকী–বিধানসভ্ প্রাক্তন অধ্যক্ষ প্রণৱ গগৈৰ পুত্র সমীৰ গগৈ–প্রমীৰ গগৈ–ৰামেশ্বৰ ধানোৱাৰৰ পুত্র গৌতম ধানোৱাৰ–প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক অপূর্ব ভট্টাচার্য–কল্যাণ গগৈ–ইমদাদ হুছেইন–সুশীল পেগু–মুখপাত্র ড০ সঞ্জু বৰুৱাকে ধৰি বহুকেইগৰাকী সম্ভাৱনাপূর্ণ প্রার্থী এইবাৰ দলীয় টিকটৰ পৰা বঞ্চিত হয়৷
অথচ সেইসকল নেতা আৰু পৰিয়ালে দুর্যোগৰ দিনত কংগ্রেছ দলক আগুৱাই নিয়াৰ লগতে যোৱা ৫টা বছৰত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি দলৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ কিন্তু শেষ মুহূর্তত সেইসকল ব্যক্তিক টিকটৰ পৰা বঞ্চিত কৰাত স্বাভাৱিকতে সমষ্টিয়ে সমষ্টিয়ে কংগ্রেছত বিদ্রোহৰ সূচনা হৈছে৷ একাংশই প্রকাশ্যে কংগ্রেছৰ প্রার্থী বাছনিক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে আন একাংশই ভিতৰি ভিতৰি ক্ষোভত জ্বলি–পকি আছে৷
সেই ক্ষোভ–সন্তুষ্টিয়ে দলক কিমান ক্ষতিগ্রস্ত কৰে, সেয়া অহা ২ মে’ৰ নির্বাচনী ফলাফলতহে প্রকাশ পাব৷ দলত বিৰাজ কৰা এনে অৰাজক পৰিস্থিতিৰ পৰিপ্রেক্ষিততে সমষ্টিয়ে সমষ্টিয়ে এতিয়া বিদ্রোহৰ জুই জ্বলাৰ লগতে নিশাটোৰ ভিতৰতে একাংশই দল সলনি কৰি আন দলত যোগদান কৰিছে৷ বিহালী, কলিয়াবৰ আদিকে ধৰি বিভিন্ন সমষ্টিত একাংশ কংগ্রেছীয়ে ইতিমধ্যে বিজেপি, অগপত যোগদান কৰিছে৷
শেহতীয়াকৈ ডিগবৈত দলীয় টিকটৰ পৰা বঞ্চিত হৈ প্রয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্র গৌতম ধানোৱাৰে কংগ্রেছ ত্যাগ কৰিছে৷ প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ও আজি কংগ্রেছ ত্যাগ কৰে৷ কংগ্রেছত আৰম্ভ হোৱা এই বিদ্রোহ তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশৰ পাছত আৰু অধিক তীব্রতৰ হোৱাৰ সম্ভাৱনা প্রকট৷ মহাজোঁটৰ অংশীদাৰ দলৰে হোৱা আসন বুজাবুজি অনুসৰি দিছপুৰ সমষ্টিটো আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ কথা–বতৰা চলি আছে৷
এই তৎপৰতা চলাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে দিছপুৰ সমষ্টিৰ কংগ্রেছীসকলে খোদ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত প্রতিবাদী কার্যসূচীও গ্রহণ কৰিছে৷ দিছপুৰ সমষ্টিটো কংগ্রেছে আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ লগে লগে প্রাক্তন মন্ত্রী অকণ বৰা অৱধাৰিতভাৱে এইবাৰ দলীয় টিকটৰ পৰা বঞ্চিত হ’ব৷
সেইদৰে এ আই ইউ ডি এফৰ লগত হ’বলগীয়া বুজাবুজিৰ ফলত তৃতীয় পর্যায়ত কংগ্রেছৰ প্রাক্তন মন্ত্রী মহিবুল হক, নজিবুল ওমৰ, বর্তমানৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, প্রাক্তন বিধায়ক আফতাবুদ্দিন মোল্লাকে ধৰি বহুকেইগৰাকী সম্ভাৱনাপূর্ণ কংগ্রেছ নেতা টিকটৰ পৰা বঞ্চিত হ’ব৷