নিয়মীয়া বাৰ্তা, ১২ মার্চঃ উদ্বিগ্ন ভাৰতক একপ্রকাৰ আওকাণ কৰি ব্রহ্মপুত্রৰ ওপৰত বান্ধ নির্মাণত অনুমোদন চীনৰ৷ চতুর্দশ পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত অৰুণাচল প্রদেশৰ সীমান্তৰ সমীপকে ধৰি ব্রহ্মপুত্রৰ ওপৰত বান্ধ নির্মাণত চীনৰ সংসদে অনুমোদন জনাইছে৷ অৰুণাচল প্রদেশৰ সমীপৰ তিব্বতস্থিত ব্রহ্মপুত্রত বিতর্কিত জলবিদ্যুৎ প্রকল্পটোসহ আন কেইবাটাও বান্ধ নির্মাণৰ বাবে চীন চৰকাৰে কেইবাবিলিয়ন ডলাৰ ব্যয় কৰিব৷
চীনৰ সংসদৰ ৬ দিনীয়া অধিৱেশনৰ কালি অন্তিম দিনা ৰাষ্ট্রীয় অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ লগতে দীর্ঘদিনীয়া উদ্দেশ্য আগত ৰাখি চতুর্দশ পঞ্চবার্ষিক পৰিকল্পনা (২০২১–২৫)ৰ অধীনত কেইবাটাও নদীবান্ধসহ উন্নয়নমূলক প্রকল্পত অনুমোদন জনায়৷ নেচনেল পিপলছ কংগ্রেছ (এন পি চি), শাসকীয় কমিউনিষ্ট পার্টীৰ দুই হাজাৰতকৈ অধিক জনপ্রতিনিধিৰ উপস্থিতিত এই বহুমুখী উন্নয়নমূলক প্রকল্পসমূহত অনুমোদন জনাইছে৷
দেশখনৰ ৰাষ্ট্রপতি ঝি জিনপিং, প্রধানমন্ত্রী লি কেকিয়াং আৰু আন জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত চীনৰ বিকাশৰ কাৰণে ৬০তকৈও অধিক প্রস্তাৱত এন পি চিয়ে অনুমোদন জনায়৷ উল্লেখ্য যে ব্রহ্মপুত্রৰ ওপৰত বান্ধ নির্মাণকে ধৰি ৬০টা প্রকল্পৰ অনুমোদন বিগত বর্ষতেই কমিউনিষ্ট পার্টী অৱ চীনে অনুমোদন জনাইছিল৷
চীনৰ এই উন্নয়ন প্রকল্পই ভাৰত আৰু বাংলাদেশলৈ ভয়াৱহতা কঢ়িয়াই আনিব পাৰে বুলি ইতিমধ্যে দুয়োখন দেশে চীনক উদ্বিগ্নতা প্রকাশ কৰিছিল যদিও বেইজিঙে একপ্রকাৰ আওকাণ কৰি সংসদত আজি ব্রহ্মপুত্রৰ ওপৰত বান্ধ নির্মাণৰ পৰিকল্পনা গৃহীত কৰে৷ প্রকাশিত তথ্য মতে চতুর্দশ পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনত ব্রহ্মপুত্রৰ নামনি অঞ্চলত বান্ধ নির্মাণ কৰিব৷
এই বান্ধে উত্তৰ–পূবৰ ৰাজ্যৰ জৈৱ–বৈচিত্র্যকে ধৰি মানৱীয় জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিব বুলি নতুন দিল্লীয়ে স্পষ্টভাৱে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ নতুন দিল্লীৰ এই উদ্বিগ্ণতাৰ পাছত বেইজিঙে তেওঁলোকৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখিব বুলিও নিশ্চিতি দিছিল যদিও সংসদত বান্ধ নির্মাণৰ পৰিকল্পনাত অনুমোদন জনাই কার্যতঃ নস্যাৎ কৰিলে৷
উল্লেখ্য যে আন্তঃসীমান্তৰ নদীৰ পানীক লৈ দুয়ো দেশৰ মাজত ব্যৱহাৰৰ অধিকাৰ বিবেচনাধীন যদিও ভাৰত চৰকাৰৰ সকলো আহ্বানক চীন চৰকাৰে মোহাৰি পেলাইছে৷ ব্রহ্মপুত্রৰ উজনি ভাগত বান্ধ নির্মাণ কৰিলে নামনিত ভয়াৱহ প্রভাৱ পৰি ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ অশনি সংকেত কঢ়িয়াই আনিব বুলি বেইজিঙক নতুন দিল্লীয়ে মত আৰু উদ্বিগ্ণতা প্রকাশ কৰি আহিছে৷
পৰিকল্পনাত উল্লেখ থকা ধৰণে তিব্বতৰ মেদং প্রদেশত বান্ধ নির্মাণ কৰা হ’ব৷ এই মেদং প্রদেশ হৈছে অৰুণাচল প্রদেশৰ সীমান্ততে৷ এই বান্ধ নির্মাণৰ পৰিকল্পনা বিগত বর্ষত পাৱাৰ কনষ্ট্রাকচন কর্প অৱ চাইনা, চমুকৈ পাৱাৰ চাইনাৰ অধ্যক্ষ য়াং ঝিয়ঙে প্রথমতে প্রকাশ কৰাৰ পাছতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ তেওঁ প্রকাশ কৰিছিল যে য়ার্লুং ঝাংব’ নদী (ব্রহ্মপুত্রৰ তিব্বতী নাম)ৰ নামনি ভাগত চীনে জলবিদ্যুৎ প্রকল্প নির্মাণ কৰিব৷
এই বান্ধ নির্মাণ কৰাক লৈ ভাৰতে উদ্বিগ্ণতা প্রকাশ কৰিলেও চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্রই যোৱা তিনি ডিচেম্বৰত বেইজিঙত এখন সংবাদ মেলত নদীখনৰ নামনি ভাগত বান্ধ নির্মাণ কৰাটো চীনৰ বৈধ অধিকাৰ বুলি উল্লেখ কৰিছিল৷ গুৰুত্বপূর্ণ যে অৰুণাচল প্রদেশৰ পৰা মাত্র ৩০ কিলোমিটাৰ নিলগত নির্মাণ কৰিবলগীয়া প্রস্তাৱিত বান্ধটো পূর্বৰ য়াংঝি নদীৰ তিনিটা বান্ধতকৈ দুগুণ ডাঙৰ৷ এই বান্ধটোক লৈ চীনে ব্রহ্মপুত্রত এনে ধৰণৰ ১১টা বান্ধ নির্মাণ কৰিব৷
ইতিমধ্যে ব্রহ্মপুত্রৰ মধ্য ভাগত ঝাংমুত বিশাল জলবিদ্যুৎ প্রকল্প আৰম্ভ কৰিছে৷ ইয়াৰ লগতে ডাগু, জিয়েকু আৰু জিয়াচাতো বান্ধ নির্মাণ হৈ আছে৷ এই আটাইবোৰ বান্ধে ব্রহ্মপুত্রৰ মূল সুঁতিত নির্মাণ কৰি থকা হৈছে৷ আনপিনে, ব্রহ্মপুত্র উপনদীতো অনেক বান্ধ নির্মাণ কৰি আছে চীনে৷